ETV Bharat / bharat

বান-ভূমিস্খলনৰ তাণ্ডৱ : অসম ৰাইফলছৰ উদ্ধাৰ অভিযান, সাহাৰ্য বিতৰণ - Flood in Manipur

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:53 PM IST

Flood Fury in Manipur : 2 নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত পথ যোগাযোগ বিছিন্ন হৈ পৰিছে ৷ অসম ৰাইফলছে বানৰ কবলত থকা লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানত সংস্থাপন দিয়ে ৷ ভয়ানক বান আৰু ভূমিস্খলনৰ ফলত স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মিছে ৷

ASSAM RIFLES ASSIST IN RELIEF
ভয়ানক ভূমিস্খলন আৰু বান (ETV BHARAT ASSAM)

তেজপুৰ, 30 মে' : সাগৰীয় ঘূৰ্ণি ৰেমলৰ প্ৰাদুৰ্ভাৱ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ভয়াৱহভাৱে পৰিছে ৷ ৰেমলৰ পিচতে মণিপুৰৰ কেবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভয়ানক ভূমিস্খলন আৰু বানৰ সৃষ্টি হয় ৷ পাহাৰীয়া ৰাজ্যখনৰ চুৰাচান্দপুৰ চিনাঙপি, 2 নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত পথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ লগতে বহু লোকৰ ঘৰ পানীত বুৰ গৈছে ৷ দীৰ্ঘদিনে ৰাজ্যখন বিচ্ছিন্নতাবাদী গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত হোৱাৰ পিচত এইবাৰ ভয়ানক বান আৰু ভূমিস্খলনৰ ফলত স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মিছে ৷

মণিপুৰত ভয়ানক ভূমিস্খলন আৰু বান (ETV BHARAT ASSAM)

এই পৰিস্থিতিত অসম ৰাইফলছে বানৰ কবলত থকা লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানত সংস্থাপন দিয়ে ৷ অসম ৰাইফলছে নাৱৰ জৰিয়তে শিশু-বৃদ্ধ সকলোকে উদ্ধাৰ কৰিছে আৰু তেওঁলোকক অস্থায়ী শিবিৰত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে ৷ ভুক্তভোগী লোকসকলক চাউল, দালি, আটা ইত্যাদি খাদ্য সামগ্ৰী যোগান ধৰিছে ৷

ASSAM RIFLES ASSIST IN RELIEF
অসম ৰাইফলছৰ উদ্ধাৰ অভিযান (ETV BHARAT ASSAM)

অসম ৰাইফালছৰ মুখপাত্ৰ লে. কৰ্ণেল ৰোহন মহাজনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে অসম ৰাইফলছে 75 গৰাকী শিশুক উদ্ধাৰ কৰি তেওঁলোকক সাহাৰ্য প্ৰদান কৰে ৷

ASSAM RIFLES ASSIST IN RELIEF
মণিপুৰৰ বানাক্ৰান্তৰ কাষত অসম ৰাইফলছ (ETV BHARAT ASSAM)

আনহাতে অসম ৰাইফলছে বৃহস্পতিবাৰে চাণ্ডেল জিলাৰ প্ৰাচ্য শিশুগৃহ, অনাথ আশ্ৰম বিদ্যালয়ৰ শিশুসকলক সাহাৰ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ৷ এই সাহাৰ্যৰ পৰা মুঠ 75 টা শিশুৱে সকাহ লাভ কৰিব বুলি মহাজনে উল্লেখ কৰে ৷

ASSAM RIFLES ASSIST IN RELIEF
বানৰ কবলত থকা লোকসকলক উদ্ধাৰ অসম ৰাইফলছৰ (ETV BHARAT ASSAM)

শিশুগৃহ কৰ্তৃপক্ষই এই প্ৰচেষ্টাৰ বাবে অসম ৰাইফলছৰ প্ৰতি শলাগ লৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে ৷ ইফালে মণিপুৰৰ কেবাখনো জিলাত বিশেষকৈ ইম্ফলৰ বিভিন্ন স্থানত পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে ৷ বহুতো পথ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে ৷ এই পথসমূহ অসম ৰাইফলছে মুকলি কৰি দিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : উমৰাংচুত যিকোনো মুহূৰ্তত ছিগিব পাৰে মথাউৰি - Dima Hasao Floods

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.