ETV Bharat / bharat

Uttarakhand Tunnel Collapse : উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনা; মনলৈ উভতি আহিছে ৩৪ বছৰ পূৰ্বৰ ৰাণীগঞ্জৰ স্মৃতি

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 3:53 PM IST

উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনা; মনলৈ উভতি আহিছে ৩৪ বছৰ পূৰ্বৰ ৰাণীগঞ্জৰ স্মৃতি
Uttarakhand Tunnel Collapse

উত্তৰাখণ্ডত সুৰংগ খহি পৰাৰ ফলত ৪০ জন শ্ৰমিক আবদ্ধ হৈ পৰিছে । এই ঘটনাই ৰাণীগঞ্জৰ দুৰ্বিষহ স্মৃতি পুনৰ সজীৱ কৰিছে । ইয়াক 'মিছন ৰাণীগঞ্জ' বুলি জনা যায় । দুৰ্ভাগ্যক্ৰমে দুয়োটা ঘটনাই দেশৰ অসহায় খনি শ্ৰমিকসকলৰ সুৰক্ষাৰ বিষয়টো চিন্তা-চৰ্চা কৰিবলৈ এক পটভূমি তৈয়াৰ কৰিছে ।

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : দেওবাৰে উত্তাৰখণ্ডৰ উত্তৰ কাশীত সুৰংগ খহি পৰাৰ এক ভয়ানক ঘটনা সংঘটিত হয় । এই ঘটনাত ৪০ জন শ্ৰমিক সুৰংগৰ ভিতৰত আবদ্ধ হৈ পৰিছে । তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে অহৰহ চেষ্টা চলি আছে । কিন্তু এই ঘটনাৰ মাজতে পশ্চিমবংগৰ ৰাণীগঞ্জৰ মহাবীৰ খনিত সংঘটিত প্ৰায় একে ধৰণৰ ঘটনাৰ দুৰ্বিষহ স্মৃতি পুনৰ সজীৱ হৈ পৰিছে । কিয়নো দুয়োটা ঘটনাৰ মাজত এক অদ্ভুত সাদৃশ্য আছে । কাৰণ দুয়োটা ঘটনাৰে প্ৰকৃতি প্ৰায় একে । ৰাণীগঞ্জৰ ঘটনা সংঘটিত হোৱাৰ তিনি দশকৰো অধিক সময় অতিবাহিত হৈছে । কিন্তু উত্তৰ কাশীৰ ঘটনা আৰু ৰাণীগঞ্জৰ ঘটনাৰ সমান্তৰালভাৱে দেশৰ খনি খণ্ডত কাম কৰা শ্ৰমিকসকলৰ সুৰক্ষাৰ বিষয়টো বৰ্তমান পুনৰ চৰ্চালৈ আহিছে ।

১৯৮৯ চনৰ ১৩ নৱেম্বৰত ৰাণীগঞ্জৰ মহাবীৰ খনিত ৬৪ জন খনিকৰ্মী আবদ্ধ হৈ পৰিছিল । আনহাতে, যোৱা দেওবাৰে উত্তৰ কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণৰত এটা সুৰংগ খহি পৰাৰ ফলত কমেও ৪০ জন শ্ৰমিক আবদ্ধ হৈ পৰে । মহাবীৰ খনিৰ পৰা প্ৰায় ৬৪ জন খনিকৰ্মীক এক শ্বাসৰুদ্ধকাৰী উদ্ধাৰ অভিযানত উদ্ধাৰ কৰা হৈছিল । কিন্তু প্ৰায় একে ধৰণৰ দেওবাৰে পুৱা সংঘটিত হয় । উত্তৰকাশীৰ এই ঘটনাটো পোহৰলৈ অহাৰ পিছৰে পৰা কৰ্তৃপক্ষ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে । কিয়নো তাত এতিয়াও আবদ্ধ হৈ আছে ৪০ জনকৈ শ্ৰমিক ।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পৰা উদ্ধাৰকাৰ্যৰ স্থিতি জানিবলৈ বাধ্য কৰায় । যদি আমি ১৯৮৯ চনৰ ঘটনালৈ উভতি যাওঁ, ৰাণীগঞ্জৰ মহাবীৰ খনিত নিশাৰ শ্বিফ্টৰ কাম চলি আছিল । তাত খনি শাখা ২১ আৰু খনি শাখা ৪২-ৰ শ্ৰমিকসকলে কাম কৰি আছিল । তেওঁলোকে দুটা ভাগত কাম কৰি আছিল । তাত ডিনামাইট বিস্ফোৰণেৰে কাম কৰি থকাৰ সময়তে ভয়াৱহভাৱে সুৰংগটোৰ মাজেৰে পানী সোমাই আহে ।

তাৰ ফলত মহাবীৰ খনিৰ ওচৰত থকা ব্ৰিটিছ যুগৰ পৰিত্যক্ত খনিৰ দেৱালবোৰত পানীয়ে খুন্দা মৰাৰ ফলত খহি পৰি উক্ত দুৰ্ঘটনাটো সংঘটিত হয় । ফলস্বৰূপে, মহাবীৰ খনিৰ ভিতৰত প্ৰায় ১১ লাখ গেলন পৰিমাণৰ পানী বৈ যায় আৰু দেৱালৰ ওচৰত থিয় হৈ থকা ছয়জন খনিকৰ্মীক উটুৱাই নিয়ে । তেওঁলোকৰ মৃতদেহ বহু পিছত উদ্ধাৰ কৰা হয় । আনহাতে, কিছুসংখ্যক খনিকৰ্মীয়ে তাৰ পৰা কিবা প্ৰকাৰে জীৱন বচাবলৈ সমক্ষম হয় । কিন্তু ৬৪ গৰাকী শ্ৰমিক খনিৰ ভিতৰত আবদ্ধ হৈ পৰে । ঠিক একেদৰেই উত্তৰাখণ্ডৰ সুৰংগৰ ভিতৰত ৪০ জন শ্ৰমিক আবদ্ধ হৈ পৰিছে । যিটো ঘটনাই তিনি দশক পূৰ্বৰ সেই ভয়াৱহ স্মৃতি পুনৰ সজীৱ কৰিছে ।

উল্লেখ্য যে উত্তৰ কাশীৰ সুৰংগ দুৰ্ঘটনাৰ পিছত অন্ধকূপৰ দৰে সুৰংগটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰি ওলাই অহা শ্ৰমিকসকলে ভিতৰৰ ভয়াৱহ ঘটনাৰ কথা প্ৰকাশ কৰিছে । ঘটনাটো সংঘটিত হোৱাৰ পিছতে তেওঁলোকে খনিৰ ভিতৰৰ এক ওখ ঠাইত আশ্ৰয় লৈছিল । তেওঁলোকৰ চাৰিওফালে পানীৰে আৱৰি আছিল । কিন্তু তেনে অৱস্থাতে তেওঁলোকে প্ৰাণ বচাবলৈ অন্ধকাৰৰ মাজতে ইফালে সিফালে দৌৰা-দৌৰি কৰে ।

অন্ধকাৰৰ বাবে তেওঁলোকে আনকি নিজৰ আঙুলিও মণিব পৰা নাছিল । তাৰ মাজতে আবদ্ধ খনিকৰ্মীসকলৰ বাবে একমাত্ৰ আশাৰ ৰেঙনি আছিল এটা টেলিফোন লাইন । যাৰ দ্বাৰা তেওঁলোকে বাহিৰত থকা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত সহায় কৰিছিল । শ্ৰমিকসকলে লগে লগে তেওঁলোকৰ সেই অগ্নিপৰীক্ষাৰ ঘটনাটো কৰ্তৃপক্ষক অৱগত কৰে । আনহাতে, এতিয়াও এটা অন্ধকাৰ চেম্বাৰৰ দৰে খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আইচিএলৰ এক দক্ষ জৰীপ দলক কামত নিয়োজিত কৰে । তেওঁলোকে লগে লগে পদক্ষেপ গ্ৰহণ কৰে । সোমবাৰে এটা ব'ৰহ'ল খনন কৰা হৈছে ।

ইয়াৰ জৰিয়তে শ্ৰমিকসকলৰ মাত শুনিব পৰা গৈছে । খাদ্য আৰু পানী যোগান ধৰা হৈছে । আহাতে, ধনবাদৰ পৰা এটা বিশেষ উদ্ধাৰকাৰী দল অনা হৈছে । কিন্তু উদ্ধাৰকাৰী দলে হাৰ মানিবলগা হৈছে, কিয়নো তেওঁলোকৰ হাতত থকা ব্যৱস্থাৰে এই অসম্ভৱ কামটো কৰাত এক প্ৰকাৰ বিফল হৈছে । উল্লেখ্য যে পানীভৰ্তি খনিৰ পৰা উদ্ধাৰকাৰ্যত জড়িত হৈ থকা বিশেষজ্ঞসকলেও ভয়াৱহ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Uttarkashi Silkyara Tunnel accident: উত্তৰাখণ্ডৰ ভূমিস্খলনত এতিয়াও আবদ্ধ ৭ ৰাজ্যৰ ৪০জন শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.