ETV Bharat / bharat

Uttarkashi Silkyara Tunnel accident: উত্তৰাখণ্ডৰ ভূমিস্খলনত এতিয়াও আবদ্ধ ৭ ৰাজ্যৰ ৪০জন শ্ৰমিক

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 9:56 AM IST

উত্তৰকাশীৰ নিৰ্মীয়মান সুৰংগৰ ভিতৰত হোৱা ভূমিস্খলনৰ ফলত আবদ্ধ হৈ আছে ৭ খন ৰাজ্যৰ ৪০ জন শ্ৰমিক। বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান ৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পৰা ফোনযোগে এই দুৰ্ঘটনাৰ সকলো তথ্য গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Uttarkashi Silkyara Tunnel accident
উত্তৰাখণ্ডৰ নিৰ্মীয়মান সুৰংগৰ ভূমিস্খলন

নেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ : দীপাৱলীৰ দিনাই উত্তৰাখণ্ডৰ যমুনোত্ৰী ঘাইপথত নিৰ্মাণৰত সুৰংগত সংঘটিত হয় এক অঘটন। উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ যাৰ ফলত সুৰংগটোৰ ভিতৰত ৩৫ ৰ পৰা ৪০ জন শ্ৰমিক আবদ্ধ হৈ পৰে । উত্তৰাখণ্ডকে ধৰি ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল, ওড়িশা, অসমৰ কেবাজনো শ্ৰমিক এই সুৰংগটোত আবদ্ধ হৈ পৰে ।

Uttarkashi Silkyara Tunnel accident
উত্তৰাখণ্ডৰ নিৰ্মীয়মান সুৰংগৰ ভূমিস্খলন

উত্তৰকাশীত সংঘটিত হোৱা এই সুৰংগ দুৰ্ঘটনাৰ পিচত বাতিল কৰা হয় সকলো বিষয়াৰ ছুটী । তৎকালীনভাৱে আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান । উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও এই ঘটনাৰ ওপৰত নজৰ ৰাখিছে ৷ প্ৰধানমন্ত্ৰী মোদীয়েও মুখ্যমন্ত্ৰী ধামীৰ পৰা উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনাৰ বিষয়ে সকলো তথ্য গ্ৰহণ কৰিছে ৷

  • Uttarakhand | Uttarkashi DM Abhishek Ruhela says "The first priority of the administration is to rescue the workers trapped inside the tunnel safely. For this, relief and rescue operations are being conducted by the administration with the cooperation of various relief and rescue… pic.twitter.com/4V5ZIgy3sB

    — ANI UP/Uttarakhand (@ANINewsUP) November 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে হিমাচল প্ৰদেশৰ লেপচাত উপস্থিত হয় । তাতে প্ৰধানমন্ত্ৰী মোদীয়ে জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰে । লেপচাৰ পৰা উভতি অহাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী ধামীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে ৷

  • #WATCH | Uttarakhand: Latest visuals of rescue operations that are underway after part of the tunnel under construction from Silkyara to Dandalgaon in Uttarkashi, collapsed.

    Uttarkashi SP Arpan Yaduvanshi says, "In Silkyara Tunnel, a part of the tunnel has broken about 200… pic.twitter.com/9oURMxk0Dq

    — ANI UP/Uttarakhand (@ANINewsUP) November 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ফোনযোগেই উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ধামীৰ পৰা বিতং তথ্য গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত এই তথ্য দিছে মুখ্যমন্ত্ৰী ধামীয়ে ।

সুৰংগত আবদ্ধ ৭ খন ৰাজ্যৰ ৪০ জন শ্ৰমিক:

সুৰংগটোৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ ভিতৰত আছে উত্তৰাখণ্ডৰ কোটদ্ৰৱাৰ আৰু পিথোৰাধৰ দুজন, বিহাৰৰ ৪ জন, পশ্চিম বংগৰ ৩ জন, অসমৰ ২ জন, ঝাৰখণ্ডৰ ১৫ জন, উত্তৰ প্ৰদেশৰ ৮ জন, হিমাচলৰ ১ জন, ওড়িশাৰ ৫ জন ।

  • #WATCH | Uttarakhand: Uttarkashi SP Arpan Yaduvanshi says, "In Silkyara Tunnel, a part of the tunnel has broken about 200 meters ahead of the starting point. According to the officials of HIDCL, which is looking after the construction work of the tunnel, about 36 people are… https://t.co/zTnZDAtcyy pic.twitter.com/rv6sxufYz0

    — ANI UP/Uttarakhand (@ANINewsUP) November 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছুটী বাতিল কৰাৰ পিচতে স্থানত উপস্থিত হয় ডি এম :

যমুনোত্ৰী ঘাইপথত এই ঘটনাৰ পিচতে আৰক্ষী, এছডিআৰএফ, এনডিআৰএফ, আইটিবিপি, বিআৰঅ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে নিৰ্মাণ সংস্থাটোৰ দলে আৰম্ভ কৰে উদ্ধাৰ অভিযান । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে দীপাৱলীৰ ছুটীত থকা ডি এম অভিষেক ৰুহেলাও হেলিকপ্টাৰেৰে সেই স্থানত উপস্থিত হয় । উদ্ধাৰ অভিযানৰ ওপৰত তেওঁ নিৰন্তৰ নিৰীক্ষণ কৰি আছে ।

বাতিল কৰা সকলো বিষয়াৰ ছুটী:

এই দুৰ্ঘটনাটোৰ পিচতে ডি এম অভিষেক ৰুহেলাই জিলাখনৰ সকলো বিষয়াৰ ছুটী বাতিল কৰে । সকলো বিষয়াকে তৎক্ষণাত নিজৰ নিজৰ কৰ্মস্থলীলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ২৪ ঘণ্টাই সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ।

দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল:

দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত যমুনোত্ৰী ঘাইপথত নিৰ্মাণৰত সুৰংগটোৰ ছিল্ক্যৰা মুখৰ ভিতৰত ২৩০ মিটাৰ ভিতৰত ভূমিস্খলন হয় ৷ তাৰে কিছু সময়ৰ পাচতে প্ৰথমে ৩০ ৰ পৰা ৩৫ মিটাৰ দূৰত্বত কিছু লঘু ধ্বংসাৱশেষ পৰি যায় আৰু তাৰ পিচতে হঠাতে গধুৰ ধ্বংসাৱশেষ আৰু শিল পৰিবলৈ ধৰে । যাৰ বাবে সুৰংগটোৰ ভিতৰত কাম কৰা ৩৫ ৰ পৰা ৪০ জন শ্ৰমিক ভিতৰত আবদ্ধ হৈ পৰে।

ভূমিস্খলনৰ বাবে অক্সিজেনৰ মাত্ৰা হ্ৰাস :

ভূমিস্খলনৰ বাবে সুৰংগটোত অক্সিজেনৰ মাত্ৰা হ্ৰাস হৈ পৰে । সেয়ে ভূমিস্খলনৰ কিছু সময়ৰ পাচতে পানীৰ পাইপৰ জৰিয়তে অক্সিজেন যোগান ধৰা হয় অবদ্ধ শ্ৰমিকসকলক । অৱশ্যে ভূমিস্খলনৰ বাবে বাতৰি যুগুত কৰা পৰলৈকে আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ সৈতে যোগাযোগ কৰিব পৰা নাই । কাৰ্যকৰী সংস্থা এন এইচ আই ডি চি এল আৰু নিৰ্মাণ কোম্পানী নৱযুগা কোম্পানীয়ে আবদ্ধ শ্ৰমিকসকল সুৰক্ষিত বুলি দাবী কৰিছে ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ধৰাছু আৰক্ষীয়ে প্ৰথমে পুৱা স্থানত উপস্থিত হয় আৰু তাৰ পিচত জিলা সদৰৰ পৰা আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ, এছডিআৰএফ, এনডিআৰএফ, আইটিবিপি, বিআৰঅ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা দল উপস্থিত হয় ।

আৰক্ষী অধীক্ষক অৰ্পন যদুবংশী, চি ডি অ’ গৌৰৱ কুমাৰ, এ ডি এম তীৰ্থপাল সিং, এছ ডি এম দুণ্ডা ব্রিজেশ তিৱাৰীকে ধৰি সকলো চৰকাৰী বিষয়া উপস্থিত হয় ৷ ইয়াৰ পিচত ইয়াত অবিৰতভাৱে চলি আছে উদ্ধাৰৰ কাম ।

লগতে পঢ়ক : Uttarkashi Tunnel Landslide : উত্তৰকাশীৰ যমুনোত্ৰী ঘাইপথৰ নিৰ্মীয়মান সুৰংগত ভূমিস্খলন; অসমৰ শ্ৰমিকো আবদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.