অসম

assam

Jharsuguda Bypoll 2023 : ওড়িশাৰ ঝাৰচুগুড়া সমষ্টিৰ উপ নিৰ্বাচন, কটকটীয়া নিৰাপত্তা

By

Published : May 10, 2023, 9:52 AM IST

বিধায়ক নৱ কিশোৰ দাসৰ হত্যাৰ পাছত ঝাৰচুগুড়া সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে (Jharsuguda Bypoll 2023)। পুৱাৰে পৰা ২৫৩ টা ভোটকেন্দ্ৰত চলি আছে ভোট গ্ৰহণ । নবা কিশোৰ দাসৰ জীয়ৰী দীপালী দাস বিজেডিৰ প্ৰাৰ্থী ।

Jharsuguda Bypoll 2023
ওড়িশাৰ ঝাৰচুগুড়া সমষ্টিৰ উপ নিৰ্বাচন

নেশ্যনেল ডেস্ক,১০ মে':কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ উপৰিও দেশখনৰ কেইবাখনো ৰাজ্যত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে (Jharsuguda Bypoll 2023)। উত্তৰ প্ৰদেশ, মেঘালয়, পঞ্জাৱ আৰু ওড়িশাত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে । ওড়িশাৰ ঝাৰচুগুড়া বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে (Jharsuguda Bypoll voting)। সন্ধিয়া ৬ বজালৈকে ভোটগ্ৰহণ অব্যাহত থাকিব ।

সমষ্টিটোৰ মুঠ ২,২১,০৭০ গৰাকী লোকে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । তাৰ ভিতৰত আছে ১,১০,৩২০ পুৰুষ, ১,১০,৬৮৭ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ৬৩ গৰাকী ভোটাৰ আছে । উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমষ্টিটোত । অৰ্ধসামৰিক বাহিনীৰ ৭ টা কোম্পানীকে ধৰি ১,০০০ তকৈও অধিক নিৰ্বাচনী বিষয়া আৰু পৰ্যাপ্ত সংখ্যক নিৰাপত্তা কৰ্মী মোতায়েন কৰা হৈছে ।

ঝাৰচুগুড়াৰ আৰক্ষী অধীক্ষক পাৰমাৰ স্মিত পৰশত্তম দাসে কোৱা মতে বিভিন্ন ৰাজনৈতিক দলৰ দাবী অনুসৰি ৩০ টা ভোটকেন্দ্ৰত চিচিটিভি কেমেৰা সংস্থাপন কৰাৰ লগতে মাইক্ৰ'পৰ্যবেক্ষক আৰু কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে । তেওঁ জনোৱা মতে ১০০ জন বিষয়াৰ উপৰিও প্ৰায় ৫৭০ জন আৰক্ষী কৰ্মীৰে গঠিত ১৯ টা প্লাটুন মোতায়েন কৰা হৈছে । জিলা নিৰ্বাচনী বিষয়া আবলি সুনীল নাৰাভানে জনোৱা মতে প্ৰথমবাৰৰ বাবে ২৫৩ টা ভোটকেন্দ্ৰতে ৱেবকাষ্টিং কৰা হৈছে ।

যোৱা ২৯ জানুৱাৰীত বিধায়ক তথা তদানীন্তন স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসৰ হত্যাৰ পাছতে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে (Naba Kishore Das died)। সমষ্টিটোত ৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে যদিও প্ৰতিযোগিতাখন মুখ্যতঃ বিজেডি, বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ'ব বুলি ধাৰণা কৰা হৈছে । বিজেডিয়ে নবা কিশোৰ দাসৰ জীয়ৰী দীপালী দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আনহাতে বিজেপিয়ে তাংকাধৰ ত্ৰিপাঠীক মনোনীত কৰিছে ।

কংগ্ৰেছে প্ৰয়াত বিধায়ক বীৰেন পাণ্ডেৰ পুত্ৰ তৰুণ পাণ্ডেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তিনিগৰাকী প্ৰাৰ্থীয়ে নতুন মুখ । ইফালে ভোটগণনা ১৩ মে'ত অনুষ্ঠিত হ'ব । অহা বছৰ যিহেতু লোকসভা নিৰ্বাচন সেয়ে তাৰ পূৰ্বে এই উপ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক :Karnataka Election 2023 : ইতিহাসৰ ওপৰত চকু বিজেপিৰ, প্ৰত্যাৱৰ্তনৰ আশাত কংগ্ৰেছ

ABOUT THE AUTHOR

...view details