ETV Bharat / bharat

Karnataka Election 2023 : ইতিহাসৰ ওপৰত চকু বিজেপিৰ, প্ৰত্যাৱৰ্তনৰ আশাত কংগ্ৰেছ

author img

By

Published : May 10, 2023, 7:21 AM IST

পুৱা ৭ বজাৰ লগে লগে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে (Karnataka Voting)। ২,৬১৫ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব ৰাজ্যখনৰ ৫ কোটিৰো অধিক ভোটাৰে । নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনত কটকটীয়া নিৰাপত্তা বেষ্টনী ।

Karnataka Election 2023
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নেশ্যনেল ডেস্ক,১০ মে': তীব্ৰ উত্তেজনাপূৰ্ণ প্ৰচাৰৰ অন্তত আজি কৰ্ণাটকত বিধানসভা নিৰ্বাচন (Karnataka Election 2023)। এফালে বিজেপিয়ে দাক্ষিণাত্যৰ দুৰ্গটো ৰক্ষা কৰি ইতিহাস ৰচনা কৰিব বিচাৰিছে আৰু আনফালে কংগ্ৰেছে পুনৰ প্ৰত্যাৱৰ্তনৰ সপোন দেখিছে ।

কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ২২৪ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু শনিবাৰে ভোটগণনা কৰা হ'ব । মুঠ ২,৬১৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে (Karnataka Election total candidates)। ৰাজ্যজুৰি ৫৮,৫৪৫ টা ভোটকেন্দ্ৰত প্ৰায় ৫,১০,৫৫,১৭২ ভোটাৰে ভোটদান কৰিব বুলি আশা কৰা হৈছে । ভোটাৰসকলৰ ভিতৰত ২,৫৮,০১,৪০৮ জন পুৰুষ, ২,৫২,৪৮,৯২৫ গৰাকী মহিলা আৰু ৪,৮৩৯ গৰাকী তৃতীয় লিংগৰ (Total voter in Karnataka)।

প্ৰাৰ্থীসকলৰ ভিতৰত ২,৪৩০ জন পুৰুষ, ১৮৪ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ । মুঠ ১১,৭১,৫৫৮ গৰাকী যুৱ ভোটাৰ, ৫,৭১,২৮২ গৰাকী বিকলাংগ ব্যক্তি (পিডব্লিউডি) আৰু ১২,১৫,৯২০ গৰাকীৰ বয়স ৮০ বছৰৰ অধিক । নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্যজুৰি নিৰাপত্তা বৃদ্ধি কৰা হৈছে । চুবুৰীয়া ৰাজ্যসমূহৰ পৰাও প্ৰায় ৮,৫০০ আৰক্ষী বিষয়া আৰু কৰ্মচাৰী লগতে গৃহৰক্ষী মোতায়েন কৰা হৈছে ।

ৰাজ্যখনত ১.৫ লাখতকৈও অধিক আৰক্ষী আৰু চিআৰপিএফ মোতায়েন কৰা হৈছে । নিৰ্বাচনী কৰ্তব্যৰ বাবে ৩০৪ গৰাকী ডিৱাইএছপি, ৯৯১ গৰাকী পৰিদৰ্শক, ২,৬১০ গৰাকী পিএছআই, ৫,৮০৩ গৰাকী এএছআই, ৪৬,৪২১ গৰাকী এইচচি আৰু ২৭,৯৯০ গৰাকী পিচি হোম গাৰ্ডসহ মুঠ ৮৪,১১৯ জন কৰ্মচাৰী মোতায়েন কৰা হৈছে । ভোটদানৰ সময়ত মুঠ ৭৫,৬০৩ টা বেলট ইউনিট, ৭০,৩০০ নিয়ন্ত্ৰণ গোট আৰু ৭৬,২০২ ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল (VVPAT) ব্যৱহাৰ কৰাৰ কথা আছে ।

অতি গুৰুত্বপূৰ্ণ ভোটকেন্দ্ৰসমূহত ভোটদানৰ প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখিবলৈ মাইক্ৰ' অবজাৰ্ভাৰ, ৱেবকাষ্টিং আৰু চিচিটিভিৰ দৰে একাধিক পদক্ষেপ লোৱা হৈছে । প্ৰথমতে নিৰ্বাচন আয়োগে ৮০ বছৰৰ অধিক বয়সৰ আৰু ৪০ শতাংশতকৈ অধিক বিকলাংগ লোকসকলক ঘৰৰ পৰা ভোটদানৰ অনুমতি দিয়া হয় । ঘৰৰ পৰাই ৯৯,৫২৯ জন ভোটাৰৰ ভিতৰত ৯৪,৯৩১ জনতকৈও অধিক ভোটাৰে ভোটদান কৰে ।

ইফালে নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে কৰ্ণাটকৰ প্ৰৱৰ্তনকাৰী সংস্থাসমূহে প্ৰায় ৩৭৫ কোটিৰো অধিক নগদ ধন, সুৰা, ড্ৰাগছ জব্দ কৰিছে যিটো ২০১৮ চনত ৰাজ্যখনৰ যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত উদ্ধাৰ হোৱাতকৈ ৪.৫ গুণ বেছি আছিল ।

নিৰ্বাচনত মুখামুখি হ'বলগীয়া মুখ্য ৰাজনৈতিক দলবোৰৰ ভিতৰত আছে বিজেপি, কংগ্ৰেছ আৰু জেডি(এছ) । পঞ্জাৱ আৰু দিল্লীত শাসনত থকা আম আদমি পাৰ্টীয়েও প্ৰাৰ্থী প্ৰদান কৰিছে । কৰ্ণাটকৰ ৩৮ বছৰীয়া এক নিৰ্বাচনী পৰম্পৰা ভাঙিবলৈ চেষ্টা চলাব বিজেপিয়ে । কিয়নো ১৯৮৫ চনৰ পৰা কেতিয়াও ক্ষমতাত থকা দলটোক ভোট দিয়া নাই কৰ্ণাটকৰ ৰাইজে । কংগ্ৰেছ দলেও ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নিজকে মুখ্য বিৰোধী দল হিচাপে স্থান দিয়াৰ বাবে কৰ্ণাটকত বিজয়ৰ আশা কৰিছে ।

লগতে পঢ়ক :Congress strategy for upcoming election : কৰ্ণাটকৰ পাছত দেশৰ আন ৪ খন ৰাজ্যক টাৰ্গেট কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.