অসম

assam

লকাৰৰ ধন গণনা কৰিবলৈ SBI ৰ কৰ্মচাৰীৰ সহায় ল'লে আয়কৰ বিভাগে

By

Published : Oct 12, 2021, 1:26 PM IST

IT officials take SBI employees' help to count cash in Hetero Drugs' lockers
IT officials take SBI employees' help to count cash in Hetero Drugs' lockers

হায়দৰাবাদ(Hyderabad)ৰ আমিৰপেটস্থিত ঔষধ কোম্পানী হেটেৰ'(Hetero) ফাৰ্মাচিউটিকেলত আয়কৰ বিভাগ(Income tax)ৰ অভিযানত জব্দ ৪০টা লকাৰ । এতিয়ালৈকে মাত্ৰ ১৬ টা লকাৰহে খুলিব পৰা গৈছে । লকাৰৰ ধন গণনা কৰিবলৈ ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীৰ সহায় লৈছে আয়কৰ বিভাগৰ বিষয়াই ।

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: আয়কৰ বিভাগৰ অভিযানত পোহৰলৈ আহিছে হেটেৰ'(Hetero) ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰকৃত সত্য । হায়দৰাবাদ(Hyderabad)ৰ আমিৰপেটস্থিত ঔষধ কোম্পানীটোৰ লকাৰত টকাৰ পাহাৰ । যোৱা ৬ অক্টোবৰত কোম্পানীটোত অভিযান চলাইছিল আয়কৰ বিভাগে । এই অভিযানত জব্দ হৈছিল ৪০টা লকাৰ ।

এই লকাৰবোৰত থকা বৃহৎ পৰিমাণৰ নগদ ধন গণনা কৰাত অসুবিধাৰ সন্মুখীন হৈছে বিষয়াসকল । সেয়ে ধনৰাশি গণনা কৰিবলৈ আয়কৰ বিভাগৰ বিষয়াই ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীৰ সহায় লৈছে ।

তেওঁলোকৰ মতে, ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীৰ তিনিটা দলে ধন গণনা কৰা যন্ত্ৰৰ সৈতে লকাৰৰ ধন গণনা কৰিবলৈ তিনি দিন সময় লৈছে । আনহাতে, অভিযানকাৰী বিষয়াসকলে লকাৰবোৰ জব্দ কৰিছে যদিও এতিয়াও লকাৰত কিমান পৰিমাণৰ নগদ ধন আছে সেয়া জানিব পৰা নাই ।

উল্লেখ্য যে, অভিযানৰ সময়ত আয়কৰ বিভাগৰ বিষয়াসকলে ১৪২.৮৭ কোটি টকা নগদ ধন আৰু ৩.৫ কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰে । জব্দ কৰা ৪০টা লকাৰৰ ভিতৰত মঙলবাৰ পৰ্যন্ত মাত্ৰ ১৬টা লকাৰহে খুলিব পৰা গৈছে ।

লগতে পঢ়ক: Old Farmers Day : ইতিহাস আৰু তাৎপৰ্য সম্পৰ্কে চমু অৱলোকন...

ABOUT THE AUTHOR

...view details