অসম

assam

গুজৰাট উপকূলৰ সমীপত জব্দ পাকিস্তানী নাও

By

Published : Sep 16, 2021, 12:38 PM IST

Indian Coast Guard apprehends Pak boat

মঙলবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট উপকূলৰ ওচৰত জব্দ কৰে এখন পাকিস্তানী নাও । লগতে আটক কৰে ১২ জন কৰ্মচাৰীক । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে বুধবাৰে এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে ।

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ: অবৈধভাৱে ভাৰতৰ জলসীমা অতিক্ৰম কৰা এখন পাকিস্তানী নাও জব্দ কৰিলে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে । মঙলবাৰে গুজৰাট উপকূলৰ ওচৰত নাওখন জব্দ কৰে । লগতে ১২ জন কৰ্মচাৰীকো আটক কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।

গুজৰাট উপকূলৰ ওচৰত জব্দ পাকিস্তানী নাও

মঙলবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ 'ৰাজৰতন'ৰ জৰিয়তে নিৰীক্ষণ কৰি থকা অৱস্থাতে পাকিস্তানৰ নাও 'আল্লা পৱাৱাকাল'ক জব্দ কৰা হয় । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে, কমাণ্ডেণ্ট গৌৰৱ শৰ্মাৰ নেতৃত্বত চলা 'ৰাজৰতন' নামৰ জাহাজখনক প্ৰত্যাহ্বান জনাই নাওখন আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছিল ।

গুজৰাট উপকূলৰ ওচৰত জব্দ পাকিস্তানী নাও

বৰ্তমান পাকিস্তানী নাওখন সন্দৰ্ভত যুটীয়াভাৱে অধিক তদন্ত চলোৱাৰ বাবে গুজৰাটৰ ওখালৈ স্থানান্তৰিত কৰা হৈছে বুলি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিছে । লগতে ধৃত ১২ জন কৰ্মচাৰীৰো জেৰা অব্যাহত আছে । উদ্ধাৰ অভিযান সন্দৰ্ভত, ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কয় যে, চলিত সপ্তাহত ডুব যোৱা এখন নাওৰ পৰা সাতজন মাছমৰীয়াক উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক: 75 টকাত পেট্ৰ’ল আৰু 68 টকাত ডিজেল কেনেকৈ সম্ভৱ ভাৰতত ?

ABOUT THE AUTHOR

...view details