75 টকাত পেট্ৰ’ল আৰু 68 টকাত ডিজেল কেনেকৈ সম্ভৱ ভাৰতত ?

author img

By

Published : Sep 15, 2021, 5:02 PM IST

GST Council

পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে হাৰাশাস্তি কৰিছে সৰ্বসাধাৰণ ৰাইজক । বৰ্তমান ১০০ টকাৰ ওপৰত পেট্ৰ'লৰ মূল্য । যদি প্ৰতি লিটাৰ পেট্ৰ'ল ৭৫ টকা আৰু ডিজেল ৬৮ টকাতে পোৱা যায় তেতিয়া নিশ্চয় গ্ৰাহকৰ বাবে বহু খিনি সকাহ হ'ব । কিন্তু এয়া সম্ভৱ নে ?

নিউজ ডেস্ক,১৫ ছেপ্টেম্বৰ : বৰ্তমান ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য (Petrol Price) ১০১.১৯ টকা আৰু ডিজেল (Diesel Price) প্ৰতি লিটাৰত ৮৮.৬২ টকা । ৰাজধানী চহৰত কেন্দ্ৰীয় শুল্কৰ (central levies) মূল্য পেট্ৰ'লৰ মূল্যৰ ৩২ শতাংশতকৈ অধিক আৰু ৰাজ্যিক কৰ (value-added tax or VAT) ২৩.০৭ শতাংশ । দেশজুৰি পেট্ৰ'ল-ডিজেলৰ লগতে পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এতিয়া চিন্তাত পেলাইছে সৰ্বসাধাৰণ ৰাইজক ।

ইতিমধ্যে এইবোৰ সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত বিভিন্ন স্থানত প্ৰতিবাদো সাব্যস্ত হৈ আছে । ইয়াৰ মাজতে এক গুৰুত্বপূৰ্ণ খবৰ । শুকুৰবাৰে লক্ষ্ণৌত অনুষ্ঠিত হ'ব সামগ্ৰী আৰু সেৱা কৰ (GST) পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত জিএছটি পৰিষদে (The Goods and Services Tax Council) পেট্ৰ'ল, ডিজেল আৰু অন্যান্য পেট্ৰ'লিয়ামজাত সামগ্ৰীক ইয়াৰ পৰিধিৰ অধীনলৈ অনাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে ।

যদি প্ৰস্তাৱটো গ্ৰহণ কৰা হয় ইয়াৰ ফলত পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক শুল্ক যথেষ্ট হ্ৰাস হ'ব আৰু অট’মোবাইল ইন্ধনৰ উপভোক্তাৰ মূল্যও যথেষ্ট হ্ৰাস হ'ব । এক প্ৰতিবেদন অনুসৰি ইয়াৰ ফলত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৭৫ টকা হ'ব পাৰে আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৬৮ টকা হ'ব পাৰে । বিষয়টো ১৭ ছেপ্টেম্বৰত আলোচনা আৰু সিদ্ধান্তৰ বাবে পৰিষদৰ সন্মুখত অনা হ'ব ।

বিশেষ খবৰ অনুসৰি জুন মাহত কেৰালা উচ্চ ন্যায়ালয়ে (Kerala High Court) এই ক্ষেত্ৰত এক নিৰ্দেশনা জাৰি কৰিছিল । জিএছটিৰ পৰিধিৰ অধীনত পেট্ৰ'ল আৰু ডিজেল অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে আলোচনা কৰিবলৈ নিৰ্দেশ দিছিল আদালতে । সেই নিৰ্দেশৰ আধাৰতে বিষয়টো আলোচনা কৰা হ'ব ।

২০২০ চনৰ ভিতৰত বিশ্বব্যাপী খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিত্তীয় পৰিমাণ বৃদ্ধি কৰিবলৈ ইন্ধনৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰিছিল । মহামাৰীৰ বাবে ৰাজহ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৰাজ্যসমূহেও সেই একে ধাৰণা অনুসৰণ কৰিছিল । চৰকাৰী তথ্য অনুসৰি, পেট্ৰ'লিয়াম খণ্ডই ২০২০-২১ বৰ্ষত ৩,৭১,৭২৬ কোটি টকা কেন্দ্ৰীয় আবকাৰী ৰাজহ (central excise revenue) আৰু ২,০২,৯৩৭ কোটি টকা ৰাজ্যিক শুল্ক বা ভেটত অৰিহণা যোগাইছে ।

লগতে পঢ়ক :দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.