অসম

assam

Passing Out Parade of IMA : দেশে নতুনকৈ লাভ কৰিলে 319 গৰাকী কেডেট

By

Published : Dec 12, 2021, 9:05 AM IST

Passing Out Parade of IMA

শনিবাৰে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমিত অনুষ্ঠিত হয় এই বৰ্ষৰ পাছিং আউট পেৰেড(Passing Out Parade of IMA)ৰ অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(President Ramnath Kovind reviewed the passing out parade in Dehradun) ৷

নেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ :ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমি(IMA) ৰ পৰা শনিবাৰে মুঠ ৩৮৭ গৰাকী ব্যক্তি সামৰিক শিক্ষা গ্ৰহণৰ অন্তত কেডেট শাখাত উত্তীৰ্ণ হয় ৷ ইয়াৰ ভিতৰত 319 গৰাকীয়ে ভাৰতীয় কেডেট হিচাপে উত্তীৰ্ণ হৈ লেফটেনেণ্ট হিচাপে সেনাত যোগদান কৰে ৷ ইয়াৰ বিপৰীতে বিভিন্ন দেশৰ ৬৮ গৰাকী কেডেট এইবাৰ উত্তীৰ্ণ হৈছে ৷

ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমিত অনুষ্ঠিত এই বৰ্ষৰ পাছিং আউট পেৰেড

এই সমাৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ramnath Kovind reviewed the passing out parade in Dehradun)। ৰাষ্ট্ৰপতি গৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰথমে কুন্নুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনা(Coonoor Helicopter Crash)ত প্ৰাণ হেৰুওৱা সপত্নীক CDS জেনেৰেল বিপিন ৰাৱাটকে ধৰি অন্যান্য শীৰ্ষ বিষয়া-জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

অনমোল গুৰুলৈ Sword of Honour সন্মান :ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অংশগ্ৰহণ কৰা পাছিং আউট পেৰেড(Passing Out Parade of IMA)ৰ অনুষ্ঠানত অনমোল গুৰুঙে Sword of Honour ৰ সন্মান লাভ কৰে ৷ ইয়াৰ লগতে তুষাৰ চাপ্ৰা আৰু আয়ুষ ৰঞ্জনে ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ৷

পাছিং আউট পেৰেডৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি

CDS জেনেৰেল বিপিন ৰাৱাটলৈ শেষ শ্ৰদ্ধা : পাছিং আউট পেৰেড(Passing Out Parade of IMA)ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি কোবিন্দে উত্তীৰ্ণ কেডেটসকলক উদ্দেশ্যি কয় যে, IMA ৰ পৰা উত্তীৰ্ণ হোৱা কেডেটসকলে সদায়ে দেশৰ সন্মান ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে ৷ CDS জেনেৰেল বিপিন ৰাৱাটেও IMA ত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷ ৰাৱাটৰ দৰে সাহসী ব্যক্তিৰ বাবে সামৰিক বাহিনীৰ শিৰ সদায়ে উচ্চ হৈ থাকিব ৷ তদুপৰি ৰাষ্ট্ৰপতিয়ে কেডেটসকলক দেশৰ সেৱাত সমৰ্পিত হ’বলৈ আহ্বান জনায় ৷ এইক্ষেত্ৰৰ লগত জড়িত হোৱাৰ পিছত সন্মুখীন হ’ব পৰা প্ৰত্যাহ্বানসমূহৰ বিষয়েও কেডাৰসকলক বুজাই দিয়া হয় ৷

অসমৰ পৰা উত্তীৰ্ণ 2 গৰাকীকৈ কেডেট

পাছিং আউট পেৰেডত অন্তৰ্ভুক্ত তিনি বেণ্ড : শনিবাৰৰ পাছিং আউট পেৰেড(Passing Out Parade of IMA)ত তিনিটাকৈ বেণ্ড অন্তৰ্ভূক্ত কৰা হৈছিল ৷ সেই সমূহ ক্ৰমে- ভাৰতীয় সামৰিক বেণ্ড ডেৰাডুন, বেংগল ইঞ্জিনিয়াৰ বেণ্ড আৰু গড়ৱাল ৰাইফল বেণ্ড ৷ তিনিওটা বেণ্ডৰ সুৰৰ যাদুৱে মুগ্ধ কৰিছিল উপস্থিত সকলোকে ৷

লগতে চাওক:President Kovind at IMA : ২০২১ বৰ্ষৰ উত্তীৰ্ণ কেডেটৰ অভিবাদন গ্ৰহণ ৰাষ্ট্ৰপতিৰ

ABOUT THE AUTHOR

...view details