ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ে ইমান কঠোৰ চৰ মাৰিছে...: ই ভি এমৰ ৰায়ক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:47 PM IST

PM MODI SLAMS CONGRESS
কংগ্ৰেছক তীব্ৰ কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

ই ভি এম সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ কংগ্ৰেছ দলক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ ৷ কৰ্ণাটকত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ পিচত কংগ্ৰেছ দল আতংকিত অৱস্থাত আছে বুলি কয় প্ৰধানমন্ত্ৰীয়ে ৷

নেশ্যনেল ডেস্ক, 28 এপ্ৰিল : ই ভি এম সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ কংগ্ৰেছ দলক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শীৰ্ষ ন্যায়ালয়ে এটা 'কঠোৰ চৰ' মাৰিছে যাৰ পিচত দলটোৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিচত কোনো 'অজুহাত'ও নাই ৷ তেওঁ আৰু কয় যে 26 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ কৰ্ণাটকত ভোটদানৰ পিচত কংগ্ৰেছ দল "আতংকিত" অৱস্থাত আছে ৷

কৰ্ণাটকৰ দাভানাগেৰেত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- "কৰ্ণাটক ৰাজ্যই 26 এপ্ৰিলত ভোটদানৰ সৈতে কংগ্ৰেছ দলত এক আতংকৰ সৃষ্টি কৰিছে... তেওঁলোক অতি হতাশ ৷ কংগ্ৰেছে 7 মে'ত কিবা এটা ঘটিব বুলি নিশ্চিত কৰিবলৈ সকলো শক্তিৰ সৈতে কাম কৰি আছে... এই বিশাল সমাৱেশে স্পষ্টভাৱে দেখুৱাইছে যে ৰাজ্যখনৰ মানুহে কংগ্ৰেছক তেওঁলোকৰ পাপৰ বাবে শাস্তি দিব ৷"

তেওঁ কয়- "সেই দিনটো বেছি দূৰ নহয় যেতিয়া কংগ্ৰেছ দলৰ ভিতৰৰ সকলো আভ্যন্তৰীণ যুঁজ ৰাস্তাত ওলাই আহিব ৷ সকলোৱে লোকচানৰ দোষ ইজনে সিজনৰ ওপৰত ৰাখিব ৷ আগতে, তেওঁলোকে গোটেই দোষটো ই ভি এমৰ ওপৰত আৰোপ কৰিছিল ৷ নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকে 'ই ভি এম ই ভি এম' উচ্চাৰণ কৰা আৰম্ভ কৰে ৷ কিন্তু এতিয়া উচ্চতম ন্যায়ালয়ে ইমান কঠোৰ চৰ মাৰিছে, যে এই অজুহাতো দিব নোৱাৰি ৷"

উচ্চতম ন্যায়ালয়ে যোৱা সপ্তাহত VVPATৰ জৰিয়তে সৃষ্টি কৰা কাগজৰ শ্লিপৰ সৈতে ই ভি এমত দিয়া ভোটৰ 100 শতাংশ প্ৰমাণীকৰণ বিচৰা আৱেদন নাকচ কৰিছিল ৷ শীৰ্ষ ন্যায়ালয়ে 26 এপ্ৰিলত বেলট পেপাৰ ভোটিংলৈ উভতি অহাৰ আবেদনো নাকচ কৰিছিল ৷ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপংকৰ দত্তৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে এক সৰ্বসন্মত ৰায় প্ৰদান কৰে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্ণাটক চৰকাৰকো আক্ৰমণ কৰে আৰু তেওঁলোকক ইয়াৰ নেতাসকলক 2.5 বছৰৰ মুখ্যমন্ত্ৰীত্ব দিয়াৰ অভিযোগ কৰে ৷ তেওঁ মুখ্যমন্ত্ৰী সিদ্ধৰমায়া আৰু উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক তীব্ৰ কটাক্ষ কৰে ৷

"কৰ্ণাটকত কংগ্ৰেছে ৰাইজক সম্বোধন কৰা নাই কিন্তু তেওঁলোকে চাবলৈ চেষ্টা কৰি আছে যে এক নম্বৰে কেনেকৈ দুই নম্বৰক পৰাজিত কৰিব ৷ তেওঁলোকৰ দলবদ্ধতা, স্বজন-তোষণ আৰু ভুল নীতিৰ বাবে কংগ্ৰেছে যুৱ, কৃষক আৰু সাধাৰণ লোকসকলৰ ভৱিষ্যতৰ সৈতে খেলি আছে ৷" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷

"কৰ্ণাটকত তেওঁলোকে ৰাইজক কোৱা নাই, কিন্তু সিদ্ধান্ত লৈছে যে এজনে 2.5 বছৰৰ বাবে আৰু আনজনে পৰৱৰ্তী 2.5 বছৰৰ বাবে বহিব ৷ এতিয়া যদি তেওঁলোকে এনে ধৰণৰ ব্যৱস্থা সৃষ্টি কৰে, তেন্তে দুয়োজনে ইজনে সিজনক ধ্বংস নকৰে নেকি?" তেওঁ লগতে কয় ৷

তেওঁ লগতে বিৰোধী মিত্ৰতাক সমালোচনা কৰি কয় যে সমগ্ৰ মিত্ৰজোঁটত প্ৰধানমন্ত্ৰীৰ বাবে কোনো মুখ নাই আৰু তেওঁলোকৰ নেতাসকলক প্ৰতি এবছৰৰ বাবে প্ৰধানমন্ত্ৰী পতা হ'ব ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয়- "যেতিয়া মানুহে পাঁচ বছৰৰ বাবে এজন নেতা বাছনি কৰে, তেওঁলোকে বহুত চিন্তা-চৰ্চাৰ পিছত এনে কৰে... মই ইণ্ডি এলায়েন্সক সুধিছিলো, তেওঁলোকৰ কোনখন মুখ আছে, দেশখনে কাক দায়িত্ব প্ৰদান কৰিব পাৰে? যদি তেওঁলোকে অন্ধকাৰত এনেকুৱা কিবা কৰে, আপুনি ইয়াক গ্ৰহণ কৰিব নেকি?... গতিকে সকলোকে বিশ্বাসত ল'বলৈ, তেওঁলোকে (কংগ্ৰেছে) সিদ্ধান্ত লৈছে যে প্ৰতিজন নেতাই এবছৰৰ পি এম শ্বিপ লাভ কৰিব ৷"

প্ৰধানমন্ত্ৰী মোদীয়ে বেলাগাৱীত এক ৰেলী অনুষ্ঠিত কৰে আৰু হুবলি হত্যাকাণ্ডৰ ঘটনাক লৈ সিদ্ধাৰামাইয়া চৰকাৰক আক্ৰমণ কৰেল ৷ তেওঁ কয় যে কৰ্ণাটকৰ আইন-শৃংখলা পৰিস্থিতিক লৈ সমগ্ৰ দেশ চিন্তিত হৈ পৰিছে আৰু লগতে কয় যে কংগ্ৰেছ দলে ৰাজ্যখন "ধ্বংস" কৰিবলৈ ব্যাকুল হৈ পৰিছে ৷

"কংগ্ৰেছ চৰকাৰে কৰ্ণাটক ধ্বংস কৰাত ব্যস্ত হৈ আছে ৷ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে অসামাজিক আৰু দেশবিৰোধী মানসিকতাক প্ৰচাৰ কৰি আছে ৷" প্ৰধানমন্ত্ৰীয়ে লগতে কয় ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত শুকুৰবাৰে কৰ্ণাটকৰ 14 টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায় ৷ বাকী আসনসমূহত 7 মে'ত অৰ্থাৎ তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ ভোটগণনা 4 জুনত অনুষ্ঠিত হ'ব ৷

2019 চনত, কৰ্ণাটকৰ 28 খন আসনৰ ভিতৰত 25 খন আসন জিকি বিজেপিয়ে ৰাজ্যখন প্ৰায় দখল কৰিছিল ৷ আনহাতে, ৰাজ্যখনত মিত্ৰজোঁটৰ চৰকাৰত থকা কংগ্ৰেছ আৰু জেডি(এছ)য়ে কেৱল এখন কৈ আসন হে জিকিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : দাক্ষিণাত্যত 'অন্নমালাই' কিয় জনপ্ৰিয় এটা নাম ? - BJP Leader K Annamalai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.