অসম

assam

Gujarat Assembly polls 2022 : অহা ডিচেম্বৰত দুটা পৰ্যায়ত গুজৰাটৰ নিৰ্বাচন

By

Published : Nov 3, 2022, 1:39 PM IST

Updated : Nov 3, 2022, 3:11 PM IST

অহা ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুজৰাটৰ বিধানসভা নিৰ্বাচন (Gujarat assembly election 2022)। ৮ ডিচেম্বৰত ভোটগণনা কৰা হ'ব । বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰে ।

Gujarat Assembly polls 2022
অহা ডিচেম্বৰত দুটা পৰ্যায়ত গুজৰাটৰ নিৰ্বাচন

নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ :তীব্ৰ কৌতূহলৰ মাজতে অৱশেষত ঘোষণা হ'ল গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী (Gujarat assembly election dates declared)। অহা ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুজৰাটৰ বিধানসভা নিৰ্বাচন (Gujarat assembly election 2022)। বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰে । অহা ৮ ডিচেম্বৰত ভোটগণনা কৰা হ'ব । ইফালে ১৮২ জনীয়া সদস্যৰ গুজৰাট বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ ১৮ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব ।

ইফালে একেটা দিনতে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাও অনুষ্ঠিত হ'ব । যোৱা মাহত হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল । অহা ১২ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব হিমাচলৰ বিধানসভা নিৰ্বাচন । আনহাতে একেদিনাই দুয়োখন ৰাজ্যৰে একেলগে ভোটগণনা কৰা হ'ব । অৰ্থাৎ ভোটগ্ৰহণৰ প্ৰায় এমাহ পাছত হিমাচলৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে ২০১৭ চনতো দুয়োখন ৰাজ্যৰে নিৰ্বাচন বেলেগ বেলেগ তাৰিখত অনুষ্ঠিত হৈছিল যদিও গণনা ১৮ ডিচেম্বৰত একেলগে হৈছিল (Gujarat election 2017)। গুজৰাটৰ বানপানীৰ বাবে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ পাছতহে নিৰ্বাচন আয়োগে গুজৰাটত নিৰ্বাচন অনুষ্ঠিত কৰিছিল ।

ইফালে গুজৰাটৰ ১৮২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব । উক্ত আসনকেইখনৰ বাবে ৰাইজে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰিব আৰু তেওঁলোকক বিধানসভালৈ প্ৰেৰণ কৰিব । এইবাৰ, গুজৰাটত তিনিটা ৰাজনৈতিক দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।

এইবাৰ আম আদমী পাৰ্টি গুজৰাটৰ নিৰ্বাচনী খেলপথাৰত অৱতৰণ কৰিছে । আনহাতে কংগ্ৰেছেও বিশেষ প্ৰচাৰৰ জৰিয়তে ভোটাৰসকলৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে মৰ্বিৰ দুৰ্ঘটনাৰ পাছতে নিৰ্বাচনী প্ৰচাৰবোৰ কিছু হ্ৰাস হৈছিল যদিও পুনৰ ৰাজ্যজুৰি ৰাজনৈতিক দলৰ প্ৰচাৰ আৰম্ভ হৈছে ।

বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত গুজৰাটক কোনো কাৰণতে আনৰ হাতলৈ যাব দিব নিবিচাৰে বিজেপিয়ে । কিন্তু এইবাৰ আম আদমী পাৰ্টিয়ে ৰণনীতি প্ৰস্তুত কৰি ৰাজ্যখনত ব্যাপকভাৱে প্ৰচাৰ আৰম্ভ কৰিছে । ইতিমধ্যে ৰাজ্যখনত প্ৰতিটো ৰাজনৈতিক দলৰে ইজনৰ পাছত সিজন শীৰ্ষ নেতা উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । অৱশ্যে নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অধিক তীব্ৰতৰ হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Vigilance Awareness Week : প্ৰধানমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণৰ বাৰ্তা

Last Updated :Nov 3, 2022, 3:11 PM IST

ABOUT THE AUTHOR

...view details