অসম

assam

Fraud with Amitabh Bachchan Relative : দিল্লীত অমিতাভ বচ্চনৰ আত্মীয়ক প্ৰৱঞ্চনা, গ্ৰেপ্তাৰ ৩

By

Published : Dec 27, 2022, 7:02 PM IST

হিন্দী ছবি জগতৰ বলিষ্ঠ অভিনেতা, বিগ-বি অমিতাভ বচ্চনৰ আত্মীয়ৰ সৈতে প্ৰৱঞ্চনাৰ এটা ঘটনা পোহৰলৈ আহিছে (Fraud with Amitabh Bachchans relative) । আৰক্ষীয়ে গোচৰটোত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তৰ ভিতৰত তেওঁৰ আত্মীয়ৰ প্ৰাক্তন কৰ্মচাৰীও আছে ।

fraud
fraud

নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : বলীউডৰ মেগাষ্টাৰ বিগ-বি অমিতাভ বচ্চনৰ (Bollywood legend Amitabh Bachchan) আত্মীয়ক দিল্লীত ১০,০০০ কোটি টকাৰ প্ৰতাৰণা (Fraud with Amitabh Bachchans relative) । দিল্লী আৰক্ষীৰ অপৰাধ শাখাই এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু ঘটনাত জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তসকল ভূমি লেনদেনৰ নামত প্ৰৱঞ্চনা আৰু ধনদাবীৰ অপৰাধত জড়িত আছিল ।

লগতে অভিযুক্তৰ বিৰুদ্ধে দিল্লী-এনচিআৰকে ধৰি নাগালেণ্ডতো জালিয়াতিৰ গোচৰ ৰুজু কৰা হৈছে । অভিযুক্তসকলক অৱনীশ চন্দ্ৰ ঝা, মজিদ আলী আৰু ৰাধা কৃষ্ণ বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য, মজিদ আলী পেছাত এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট (3 arrested for fraud with Big B relatives) । আনহাতে, ৰাধা কৃষ্ণ ভুক্তভোগী অনিল নন্দাৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী ।

আৰক্ষী বিষয়াৰ সূত্ৰ মতে, অনিল নন্দাই দিল্লীৰ ফ্ৰেইণ্ডছ কল'নী অঞ্চলত বাস কৰে । তেওঁ অমিতাভ বচ্চনৰ সম্পৰ্কীয় ৰাজেন নন্দাৰ ভাতৃ । অমিতাভ বচ্চনৰ জীয়াৰী শ্বেতা ৰাজন নন্দাৰ পুত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে । অনিল নন্দা হৈছে নন্দা এছক'ৰ্টছ গ্ৰুপৰ উপ-সভাপতিও । তেওঁ প্ৰকাশ কৰা মতে, তেওঁক ২০২০ চনৰ ফেব্ৰুৱাৰীত প্ৰতাৰণা কৰা হৈছিল ।

তেওঁৰ অভিযোগৰ ওপৰত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে তদন্তৰ পিছত ২৪ ডিচেম্বৰত এটা গোচৰ ৰুজু কৰে আৰু তিনিজন অভিযুক্ত অৱনীশ চন্দ্ৰ ঝা ওৰফে গুৰুজী, মজিদ আলী আৰু ৰাধা কৃষ্ণক দেওবাৰে গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ তদন্তত অভিযুক্তই প্ৰকাশ কৰে যে তেওঁলোকে দিল্লী এনচিআৰৰ ধনী আৰু জ্যেষ্ঠ লোকসকলক লক্ষ্য কৰি লৈছিল । আনহাতে, অনিল নন্দাই অৱনীশ চন্দ্ৰ ঝাক কাৰাগাৰত লগ পাইছিল বুলিও আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।

ইয়াৰ পিছত অৱনীশ 2019 চনত কাৰাগাৰৰ পৰা ওলাই আহে আৰু দুয়ো কেইবাবাৰো লগ হৈছিল । কিছু সময়ৰ পিছত অৱনীশ চন্দ্ৰ ঝাই নন্দক নিজৰ বাবে এজন সহায়ক বিচাৰিছিল । সেই সময়ত নন্দাই তেওঁৰ সৈতে বহু বছৰ কাম কৰা ৰাধা কৃষ্ণক ঝাৰ সহায়ক হিচাপে পঠিয়াইছিল । ৰাধা কৃষ্ণাই অৱনীশ চন্দ্ৰক নন্দাৰ বহুতো গুৰুত্বপূৰ্ণ তথ্য দিছিল ।

যাৰ ওপৰত ভিত্তি কৰি অৱনীশে ইউ ডব্লিউত চেক বাউন্সৰ গোচৰ ৰুজু কৰাৰ ভাবুকি দিছিল আৰু দিল্লীৰ বহুতো হোটেলত তেওঁক আবদ্ধ কৰি ৰাখি ধনৰ প্ৰতাৰণা কৰিছিল । এই সময়ছোৱাত অভিযুক্তজনে দিল্লীত তেওঁৰ ঘৰো দখল কৰিছিল ।

লগতে পঢ়ক :Ramsar Deepar Beel : পক্ষীৰ কলৰৱত এতিয়া মুখৰিত নহয় ৰামছাৰ ক্ষেত্ৰ দীপৰ বিল

ABOUT THE AUTHOR

...view details