অসম

assam

MEA on Operation Ajay : অপাৰেচন অজয়: ইজৰাইলৰ পৰা ২৩০ ভাৰতীয়ক আনিবলৈ প্ৰথমখন বিমানৰ যাত্ৰা

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:02 PM IST

বৈদেশিক বিভাগৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "ভাৰতৰ পৰা গৈ টেল আভিভত উপস্থিত হ'ব প্ৰথমখন বিমান । বিমানখনে ২৩০ জন ভাৰতীয় নাগৰিকক কঢ়িয়াই আনিব ।"

ইজৰাইলৰ পৰা ২৩০ ভাৰতীয়ক আনিবলৈ প্ৰথমখন বিমানৰ যাত্ৰা
MEA on Operation Ajay

নিউজ ডেস্ক, ১২ অক্টোবৰ :ইজৰাইলত অৱৰুদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰতে আৰম্ভ কৰিছে 'অপাৰেচন অজয়' । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে 'অপাৰেচন অজয়' সম্পৰ্কে অৱগত কৰিছে । অজয় অভিযান সন্দৰ্ভত তথ্য অৱগত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনায় যে বৃহস্পতিবাৰে নিশাৰ ভিতৰত অতি কমেও ২৩০ জন যাত্ৰীয়ে যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখন এৰিব আৰু শুকুৰবাৰে পুৱালৈ তেওঁলোক নতুন দিল্লীত উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে বৰ্তমান শ্ৰীলংকা ভ্ৰমণত থকা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বুধবাৰে এক্সৰ (পূৰ্বতে টুইটাৰ) এটা পোষ্টত ভাৰতীয়সকলক যুদ্ধক্ষেত্ৰৰ পৰা ঘূৰাই অনাৰ কথা ঘোষণা কৰে । লগতে বিশেষ চাৰ্টাৰ বিমান আৰু অন্যান্য ব্যৱস্থা হাতত লোৱা বুলিও জনায় । ইজৰাইলত প্ৰায় ১০০০ শিক্ষাৰ্থী, কেইবাজনো তথ্য-প্ৰযুক্তিৰ কৰ্মচাৰী আৰু হীৰা ব্যৱসায়ী আছে ।

আনহাতে, সাপ্তাহিক সংবাদ মাধ্যম সম্বোধন কৰি বৈদেশিক বিভাগৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "ভাৰতৰ পৰা যোৱা প্ৰথমখন বিমান বৃহস্পতিবাৰে নিশাৰ ভাগত টেল আভিভত উপস্থিত হ'ব । বিমানখনে ভাৰতীয় নাগৰিকসকলক আনিব । ২৩০ গৰাকী যাত্ৰী বিমানত আহিব বুলি আশা কৰা হৈছে ।" ইফালে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমানৰ সংঘৰ্ষ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়ে সোধাত বাগচিয়ে কয়, "আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন পালন কৰাৰ এক সাৰ্বজনীন বাধ্যবাধকতা আছে । সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিপদৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক বিশ্বজনীন দায়িত্বও আছে ।"

উল্লেখ্য যে ইজৰাইলৰ ভাৰতীয় দূতাবাসে বুধবাৰে এক পৰামৰ্শ জাৰি কৰে । তাত যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখনত বাস কৰা ভাৰতীয় নাগৰিকসকলক টেল আভিভ আৰু ইজৰাইলত থকা ভাৰতীয় দূতাবাসত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় । এক ভিডিঅ' বাৰ্তাত ইজৰাইলত থকা ভাৰতীয় ৰাষ্ট্ৰদূত সঞ্জীৱ সিংলাই স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰণ কৰি আতংকগ্ৰস্ত লোকসকলক শান্ত হৈ থাকিবলৈ আৰু সমস্যাৰ ক্ষেত্ৰত দূতাবাসৰ জৰুৰীকালীন নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় ।

"জৰুৰীকালীন পৰিস্থিতিত বা প্ৰয়োজন হ'লে যিকোনো ব্যৱস্থা গ্ৰহণ কৰাত দূতাবাসত কৰা পঞ্জীয়নে সহায় কৰিব । ই আমাৰ ইমেইলিং নেটৱৰ্কৰ জৰিয়তে বিভিন্ন অনুষ্ঠানৰ বিষয়ে তথ্য উপলব্ধ কৰাত সহায় কৰিব ।" বুধবাৰে জাৰি কৰা বিবৃতিত কোৱা হৈছে । "২৪ ঘণ্টাৰ হেল্পলাইনৰ জৰিয়তে ইজৰাইলত থকা আমাৰ নাগৰিকসকলক সহায় কৰিবলৈ দূতাবাসে নিৰন্তৰ কাম কৰি আহিছে । অনুগ্ৰহ কৰি শান্ত, সতৰ্ক হৈ থাকক আৰু নিৰাপত্তা পৰামৰ্শ অনুসৰণ কৰক ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :India launches Operation Ajay : অপাৰেচন অজয়ৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন ইজৰাইলৰ কনচুলেট জেনেৰেলৰ

ABOUT THE AUTHOR

...view details