অসম

assam

Santiniketans in UNESCO: শান্তি নিকেতনক বিশ্ব ঐতিহ্যৰ মৰ্যাদা; দেশবাসীলৈ অভিনন্দন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 11:54 AM IST

শান্তি নিকেতনক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৷ ভাৰতৰ ৰাষ্ট্ৰদূত তথা ইউনেস্ক’ৰ স্থায়ী প্ৰতিনিধি বিশাল ভি শৰ্মাই X যোগে ব্যক্ত কৰে অনুভৱ ৷

Fitting tribute to our first Nobel laureate
শান্তি নিকেতনক বিশ্ব ঐতিহ্যৰ মৰ্যাদা

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ:ছৌদি আৰৱত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ 45 সংখ্যক অধিৱেশনৰ সময়ত ভাৰতৰ প্ৰথম নোবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসস্থান শান্তি নিকেতনক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ মৰ্যাদা প্ৰদান কৰা হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ইউনেস্ক’ৰ ভাৰতৰ ৰাষ্ট্ৰদূত তথা স্থায়ী প্ৰতিনিধি বিশাল ভি শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই উল্লেখযোগ্য কৃতিত্বৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে ।

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত শান্তি নিকেতনৰ অন্তৰ্ভুক্তি ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ প্ৰমাণ । দূৰদৰ্শী কবি আৰু দাৰ্শনিক ৰবীন্দ্ৰনাথ ঠাকুৰে 1901 চনত প্ৰতিষ্ঠা কৰা শান্তিনিকেতনৰ আৰম্ভণি হৈছিল এখন আৱাসিক বিদ্যালয় আৰু প্ৰাচীন ভাৰতীয় পৰম্পৰাত শিপাই থকা শিল্পকেন্দ্ৰ হিচাপে । ধৰ্মীয় আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰা এক স্থান হিচাপে কল্পনা কৰা হৈছিল এই স্থানক । 1921 চনত "বিশ্ব ভাৰতী" নামেৰে জনাজাত এই শিক্ষা প্ৰতিষ্ঠানখন 'বিশ্ব বিশ্ববিদ্যালয়'লৈ উন্নীত হয় ।

শান্তিনিকেতন ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ তালিকাাত মৰ্যাদা পোৱাৰ খবৰটোৱে বিভিন্ন লোকক উৎসাহিত কৰি তোলে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আনন্দ প্ৰকাশ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তেওঁৰ উত্তৰাধিকাৰ সকলোকে প্ৰশংসা কৰে । লগতে এই কৃতিত্বৰ বাবে তেওঁ বংগবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।

ভাৰতৰ ৰাষ্ট্ৰদূত তথা ইউনেস্ক’ৰ স্থায়ী প্ৰতিনিধি বিশাল ভি শৰ্মাই ছ’চিয়েল মিডিয়াত নিজৰ গৌৰৱ আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ 'X' যোগে কয়, "ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত শান্তিনিকেতন লিপিৱদ্ধ । সকলো ভাৰতীয়ৰ বাবে ই এক ডাঙৰ দিন ।" পোষ্টটোৰ লগতে ইউনেস্ক’ৰ দ্বাৰা শান্তিনিকেতনক স্বীকৃতি দিয়াৰ ঐতিহাসিক মুহূৰ্তটোবোৰো শ্বেয়াৰ কৰে বিশাল ভি শৰ্মা ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই খবৰত আনন্দ প্ৰকাশ কৰি এয়া সকলো ভাৰতীয়ৰ বাবেক গৌৰৱৰ মুহূৰ্ত বুলি কয় ৷

বিগত 12 বছৰে শান্তিনিকেতনৰ আন্তঃগাঁথনিৰ তদাৰক আৰু উন্নীতকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা বুলি দাবী কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়াত নিজৰ আনন্দ ব্যক্ত কৰে । শান্তিনিকেতনক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে কেৱল মৰ্যাদা দিয়াই নহয়; ই ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰস্থায়ী উত্তৰাধিকাৰ আৰু তেওঁৰ সমভাৱাপন্ন পৃথিৱীৰ প্ৰতি যি দৃষ্টিভংগী তাৰেই বহিঃপ্ৰকাশ ।

লগতে পঢ়ক:Parliament Special Session 2023: সংসদৰ বিশেষ অধিৱেশনত দাখিল কৰা হ’ব মহিলা সংৰক্ষণ বিধেয়ক

ABOUT THE AUTHOR

...view details