ETV Bharat / bharat

Parliament Special Session 2023: সংসদৰ বিশেষ অধিৱেশনত দাখিল কৰা হ’ব মহিলা সংৰক্ষণ বিধেয়ক

author img

By ANI

Published : Sep 18, 2023, 10:26 AM IST

আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বিশেষ অধিৱেশন ৷ মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবীত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে ৰাষ্ট্ৰীয় ৰাজধানীত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । 18 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব সংসদৰ এই বিশেষ অধিৱেশন ৷

Parliament Special Session 2023
সংসদৰ বিশেষ অধিৱেশনত দাখিল কৰা হ’ব মহিলা সংৰক্ষণ বিধেয়ক

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ: সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে আগন্তুক অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবীত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে ৰাষ্ট্ৰীয় ৰাজধানীত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । 18 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব সংসদৰ এই বিশেষ অধিৱেশন ৷

সৰ্বদলীয় বৈঠকৰ পৰা ওলাই আহি এন চি পিৰ নেতা (অজিত পাৱাৰ ফৈদ) প্ৰফুল্ল পেটেলে দেওবাৰে কয় যে, মহিলা সংৰক্ষণ বিধেয়কখন সংসদত গৃহীত হ’ব লাগে আৰু লগতে কয় যে, চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিলে দল-সংগঠনৰ সমৰ্থন লাভ কৰিব । ANI-ৰ সৈতে হোৱা কথা-বতৰাত প্ৰফুল্ল পেটেলে কয়, "স্বাধীনতাৰ 75 বছৰৰ পাছত আমি এখন নতুন সংসদ পাবলৈ ওলাইছো । এইটো সকলোৰে বাবে গৌৰৱৰ বিষয় হ'ব । আমি নতুন চিন্তা আৰু দৃষ্টিভংগীৰে নতুন সংসদ ভৱনত প্ৰৱেশ কৰা উচিত । এই বিষয়টোৰ (মহিলা সংৰক্ষণ বিধেয়ক) ওপৰত বহুদিনৰ পৰা আলোচনা চলি আহিছে যদিও এতিয়াও সুনিৰ্দিষ্ট পদক্ষেপ লোৱা হোৱা নাই ।"

DMK ৰ সাংসদ কানিমোজিয়ে সৰ্বদলীয় বৈঠকৰ পিছত কয় যে, এই অধিবেশন কিয় আহ্বান কৰা হৈছে সেই সম্পৰ্কে কোনো স্পষ্টতা নাই যদিও তেওঁ কয় যে, মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত তীব্ৰ গুৰুত্ব দিয়া হৈছে । "আমি জানিব বিচাৰিছিলো যে সংসদৰ এই 5 দিনীয়া অধিৱেশনখন কিয় আহ্বান কৰা হৈছে, তাত কোনো স্পষ্টতা নাই । এই অধিবেশনত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হ'বলৈ তীব্ৰ গুৰুত্ব দিয়া হৈছিল আৰু আমি বিচাৰিছিলো মণিপুৰ বিষয়, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু আন বহু বিষয়ত আলোচনা হ’ব লাগে । আমি ৰাঘৱ চাদ্ধা আৰু সঞ্জয় সিঙৰ নিলম্বন বাতিল হোৱাটোও বিচাৰিছিলো ।’’ মহিলাগৰাকীয়ে কয় ।

সৰ্বদলীয় বৈঠকৰ অন্তত বিজেডিৰ সাংসদ পিনাকী মিশ্ৰই কয় যে, "কেন্দ্ৰই এই অধিৱেশন আহ্বান কৰি নতুন সংসদ ভৱন উদ্বোধন কৰাত আমি অতিশয় সুখী । আমি মহিলা সংৰক্ষণ বিধেয়ক দাবী কৰিছো । মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিব লাগিব ।" পূৰ্বৰ বৈঠকতো মহিলা সংৰক্ষণ বিধেয়কৰ দাবী উত্থাপন হোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে কয়, "এই ধৰণৰ দাবী (মহিলা সংৰক্ষণ বিধেয়কৰ বাবে) ইয়াৰ পূৰ্বেও বৈঠকত উত্থাপন কৰা হৈছে । চৰকাৰে নিজৰ এজেণ্ডা অনুসৰণ কৰে । সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা হ'ব ।" ইফালে বিৰোধী দলসমূহৰ নেতাসকলেও আগন্তুক অধিৱেশনৰ বিষয়ে কোনো স্পষ্টতা নাই বুলি দাবী কৰি চৰকাৰে নিজৰ প্ৰকৃত এজেণ্ডা লুকুৱাই ৰাখিছে বুলি উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে দেওবাৰে কংগ্ৰেছ কৰ্মী সমিতিয়েও সংসদৰ আগন্তুক বিশেষ অধিৱেশনৰ সময়ত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত কৰাৰ দাবী জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে । তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱেও শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি ভাৰত চৰকাৰে সংসদত মহিলাসকলক 33% সংৰক্ষণ প্ৰদান কৰিবলৈ দাবী জনায় ।

মহিলা সংৰক্ষণ বিধেয়কখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ 33% আসন মহিলাৰ বাবে সংৰক্ষণ কৰিব বিচাৰিছে । যোৱা মাহত সমাপ্ত হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন পুৰণি সংসদ ভৱনত অনুষ্ঠিত হৈছিল । বিশেষ অধিবেশনত 1946 চনৰ 9 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হোৱা সংসদৰ 75 বছৰীয়া যাত্ৰা সন্দৰ্ভতো আলোচনা কৰা হ’ব ।

ইফালে আপ নেতা সঞ্জয় সিঙে কয় যে আৰএলপি-এলজেপিকে ধৰি সকলো বিৰোধী দলে তেওঁৰ আৰু ৰাঘৱ চাদ্দাক নিলম্বনৰ দাবী জনাইছে । তেওঁ কয় যে আমি নতুন সংসদলৈ যাম গতিকে আমি এটা ডাঙৰ হৃদয়েৰে নতুন আৰম্ভণি কৰা উচিত । দেওবাৰে তেলেগু দেশম পাৰ্টিয়ে অন্ধ্ৰপ্ৰদেশ চৰকাৰে এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰাৰ বিষয়টো উত্থাপন কৰে সৰ্বদলীয় বৈঠকত যাৰ ফলত টিডিপি আৰু ৱাইএছআৰ কংগ্ৰেছৰ মাজত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় বুলি দেওবাৰে সূত্ৰই প্ৰকাশ কৰিছে ।

বিশেষ অধিৱেশনৰ ঘোষণা বিষয়টোৱে দেশজুৰি লাভ কৰিছে বিশোষ চৰ্চা । সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ অধিৱেশনত সংসদীয় কাৰ্যবিধি পুৰণিৰ পৰা কাষৰ নতুন ভৱনলৈ স্থানান্তৰিত হ’ব । ধনখড়ে নতুন সংসদ ভৱনৰ "গাজা দ্বাৰ"ৰ ওপৰত পতাকা উত্তোলন কৰে । এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাও উপস্থিত থাকে ।

লগতে পঢ়ক: Parliament Special Session 2023: মঙলবাৰৰ পৰা নতুন ভৱনত সংসদৰ বিশেষ অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.