অসম

assam

Congress President poll : আজি দিগ্বিজয় সিঙৰ মনোনয়ন-পত্ৰ দাখিলৰ সম্ভাৱনা

By

Published : Sep 30, 2022, 11:10 AM IST

কংগ্ৰেছ সূত্ৰই প্ৰকাশ কৰে যে মধ্যপ্ৰদেশৰ ১২ জন কংগ্ৰেছ বিধায়কে কংগ্ৰেছ সভাপতি পদৰ মনোয়ন-পত্ৰ দাখিলত দিগ্বিজয় সিঙক প্ৰস্তাৱ কৰিব (Congress presidential election) ।

digvijay
digvijay

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ :প্ৰবীণ কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে (Veteran Congress leader Digvijay Singh) কংগ্ৰেছ সভাপতি পদৰ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিল কৰাৰ আশা আছে (Digvijay Singh nomination for congress president) । কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, দিগ্বিজয় সিঙে বুধবাৰে নিশা দিল্লীত উপস্থিত হয় । দলৰ ভাৰত জোড়ো যাত্ৰা এৰি বৃহস্পতিবাৰে তেওঁ মনোনয়ন-পত্ৰ সংগ্ৰহ কৰে ।

কংগ্ৰেছ সূত্ৰই লগতে প্ৰকাশ কৰে যে মধ্যপ্ৰদেশৰ ১২ জন কংগ্ৰেছ বিধায়কে কংগ্ৰেছ সভাপতি পদৰ মনোয়ন-পত্ৰ দাখিলত দিগ্বিজয় সিঙক প্ৰস্তাৱ কৰিব (Congress presidential election) । বিধায়ক হিনা কানৱাৰ, জিতু পাটোৱাৰী, পি চি শৰ্মা, লাখন সিং যাদৱ, আলোক চতুৰ্বেদী, আৰিফ মাছুদ, কান্তিলাল ভূৰিয়া, ৰামলাল মালৱীয়, সুৰেন্দ্ৰ সিং বাঘেল, বিপিন ভানখেডে, কমলেশ্বৰ পেটেল আৰু ডঃ গোবিন্দ সিঙে দিগ্বিজয় সিঙৰ মনোনয়নৰ বাবে প্ৰস্তাৱ দিবলৈ দিল্লীত উপস্থিত হ'ব ।

দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দলটোৰ সূত্ৰ অনুসৰি, এই ১২ জন বিধায়কৰ তালিকা ইতিমধ্যে মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথলৈ প্ৰেৰণ কৰা হৈছে (MP Congress president Kamal Nath) । ইয়াৰ পূৰ্বে দিল্লীত সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে কথা পাতি দিগ্বিজয় সিঙে কয় যে তেওঁ শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিল কৰিব ।

আনহাতে, দলৰ নেতৃত্বৰ নিৰ্দেশত তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত সিঙে কয়, "মই নিজৰ বাবে দায়বদ্ধ ।" উল্লেখ্য, দিগ্বিজয় সিঙে মধ্য প্ৰদেশৰ ৰাঘোগড়ত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু অৰ্ধ শতিকাৰো অধিক সময় ধৰি ৰাজনীতিত প্ৰাসংগিক হৈ আছে । ৰাঘোগড় ৰাজপৰিয়ালৰ এজন সদস্য দিগ্বিজয় সিঙে মেকানিকেল ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰিছিল । কিন্তু পিছত তেওঁ ৰাজনীতিলৈ আকৰ্ষিত হয় ।

উল্লেখ্য, দিগ্বিজয় সিঙক কংগ্ৰেছৰ চাণক্য বুলি কোৱা হয় । কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে কংগ্ৰেছৰ এইগৰাকী চাণক্যই বহুবাৰ ভুল টুইট কৰাৰ বাবে বেকফুটলৈ আহিবলগা হৈছিল । টুইটাৰত ভুল ফটো পোষ্ট কৰিছিল আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল । ইয়াৰ আগতেও 'ডিগী ৰাজা'ক ভুল পোষ্ট ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে যথেষ্ট ট্ৰ'ল কৰা হৈছে আৰু লগতে বিজেপিৰ লক্ষ্য হৈ পৰে (Digvijay Singh News and Updates) ।

লগতে পঢ়ক :2023 ৰ ভিতৰত মুকলি হ’ব অৰুণাচলত নিৰ্মীয়মান চেলা সুৰংগ

ABOUT THE AUTHOR

...view details