অসম

assam

বিহাৰৰ মুজাফ্ফৰপুৰত ডকাইতে লুটিলে ৩৮ লাখ

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 1:07 PM IST

বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত এক ডাঙৰ ডকাইতিৰ ঘটনাত ডকাইতে এটা মাইক্ৰ'ফাইনান্স কোম্পানীৰ কাৰ্যালয়ৰ পৰা ৩৮ লাখ টকা লুট কৰে । অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত দুটা ডকাইতে এই ঘটনাটো সংঘটিত কৰে ।

microfinance company robbery case in bihar
বিহাৰৰ মুজাফ্ফৰপুৰত ডকাইতে লুটিলে ৩৮ লাখ

বিহাৰত মাইক্ৰ'ফাইনেন্স কোম্পানীৰ কাৰ্যালয়ৰ পৰা ৩৮ লাখ টকা লুট

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত হৈছে এক ডাঙৰ ডকাইতিৰ ঘটনা । দুজনীয়া এটা ডকাইতৰ দলে এটা মাইক্ৰ'ফাইনেন্স কোম্পানীক লক্ষ্য কৰি লয় । সশস্ত্ৰ অপৰাধীয়ে মাইক্ৰ'ফাইনান্স কোম্পানীটোৰ কাৰ্যালয়ৰ পৰা প্ৰায় ৩৮ লাখ টকা লুট কৰে । আনহাতে, ঘটনা সংঘটিত কৰি ডকাইত দুটাই ঘটনাস্থলীৰ পৰা নিৰ্বিঘ্নে পলাই যায় । উল্লেখ্য যে বুধবাৰে বিহাৰৰ আৰাহৰ এক্সিছ বেংকৰ পৰাও ১৬.৫ লাখ টকা ডকাইতে লুট কৰিছিল ।

মুজাফ্ফৰপুৰত সংঘটিত ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য মতে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত প্ৰায় ৬ গৰাকী কৰ্মচাৰী কাৰ্যালয়টোত উপস্থিত আছিল । সেই সময়তে সশস্ত্ৰ ডকাইতৰ দলটোৱে আহি টকাখিনি লুট কৰি ওলাই যায় । এই ডকাইতিৰ ঘটনাৰ পিছতে তেওঁলোকে ফোন কৰি বিষয়টো সম্পৰ্কে আহিয়াপুৰ আৰক্ষীক অৱগত কৰে । ইয়াৰ পিছতে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটোৰ বিষয়ে সোধা-পোচা কৰে । এলেকাটোত স্থাপন কৰা চিচিটিভি কেমেৰাবোৰ স্কেন কৰা হৈছে ।

আনহাতে, মহানগৰৰ এএছপি সৰোজ দীক্ষিতে জনোৱা মতে, ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰা হৈছে । ঘটনাটো সন্দেহজনক যেন লগা বুলিও তেওঁ উল্লেখ কৰে । ডকাইতিৰ ঘটনাটো নিশা প্ৰায় ১২ বজাত হোৱা বুলি খবৰ পোৱা গৈছে । ঘটনাটোৰ সময়ত কাৰ্যালয়ত ছয়জন কৰ্মচাৰী আছিল । তেওঁলোকক সোধা-পোচা কৰা হৈছে । কৰ্মচাৰীসকলে জনোৱা মতে, দুজন অপৰাধীয়ে ঘটনাটো সংঘটিত কৰিছে ।

"মাইক্ৰ' ফাইনেন্স কোম্পানীটোৰ পৰা প্ৰায় ৩৮ লাখ টকা লুট কৰা হৈছে । ঘটনাটো সন্দেহজনক যেন লাগিছে । ইমান দেৰিলৈকৈ কাৰ্যালয়টো কিয় খোলা আছিল সেই বিষয়ে অনুসন্ধান কৰা হৈছে । কেইগৰাকীমান যুৱকক আটক কৰা হৈছে । তেওঁলোকক সোধা-পোচা কৰা হৈছে ।" এএছপি সৰোজ দীক্ষিতে কয় ।

জানিব পৰা মতে, যিটো ঘৰত কাৰ্যালয়টো অৱস্থিত, সেই কাৰ্যালয়টো ওপৰৰ মহলালৈ স্থানান্তৰিত কৰা হৈ আছিল । এই ধনখিনি দুদিনৰ সংগৃহীত ধন আছিল । কোম্পানীটোৱে মহিলা গোটক ঋণ দিয়ে । উক্ত ঋণৰ কিস্তি সংগ্ৰহ কৰা ধন আছিল লুট কৰা টকাখিনি ।

লগতে পঢ়ক :ওড়িশাত আয়কৰ বিভাগৰ অভিযান, ৩০০ কোটিতকৈও অধিক নগদ ধন জব্দ

ABOUT THE AUTHOR

...view details