ETV Bharat / bharat

ওড়িশাত আয়কৰ বিভাগৰ অভিযান, ৩০০ কোটিতকৈও অধিক নগদ ধন জব্দ

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 12:38 PM IST

ওড়িশাৰ কেইবাটাও সুৰা কোম্পানীৰ বিৰুদ্ধে আয়কৰ বিভাগে অভিযান অব্যাহত ৰাখিছে । বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড কোম্পানীৰ অংশীদাৰী প্ৰতিষ্ঠানসমূহৰ পৰা অভিযান চলাই আয়কৰ বিভাগে ৩০০ কোটিতকৈও অধিক ধন জব্দ কৰিছে । বহু বিষয়া-কৰ্মচাৰীৰ বাসগৃহতো অভিযান চলোৱা হৈছে ।

IT raid in Odisha
ওড়িশাত আয়কৰ বিভাগৰ অভিযান

নেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : ওড়িশাত আয়কৰ বিভাগৰ বৃহৎ অভিযান । অভিযানৰ সময়ত আয়কৰ বিভাগে এতিয়ালৈ ৩০০ কোটিতকৈও অধিক নগদ ধন জব্দ কৰিছে । দুটা কোম্পানীৰ বিৰুদ্ধে চলিছে এই অভিযান। কেইবাটাও সুৰা কোম্পানীয়ে কৰ ফাঁকি দিয়াৰ অভিযোগত বুধবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়কৰ বিভাগে অভিযান চলাইছিল। পশ্চিম ওড়িশাৰ অন্যতম বৃহৎ থলুৱা সুৰা নিৰ্মাণ আৰু বিক্ৰী কোম্পানী বলদেৱ চাহু আৰু কোম্পানীৰ গ্ৰুপৰ বালাংগীৰ কাৰ্যালয়ত অভিযান চলাই আয়কৰ বিভাগে ১৫০ কোটিতকৈও অধিক নগদ ধন জব্দ কৰে । সূত্ৰৰ মতে চম্বলপুৰ কৰ্পোৰেট কাৰ্যালয়ত অভিযানৰ সময়ত ১৫০ কোটিৰো অধিক ধন জব্দ কৰিছে ।

প্ৰাথমিক তথ্য অনুসৰি, বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড কোম্পানীৰ অংশীদাৰী প্ৰতিষ্ঠান দুটাত আয়কৰ বিভাগে অভিযান চলাইছিল । আয়কৰ বিভাগৰ দলটোৱে সুন্দৰগড় সুৰা ব্যৱসায়ী ৰাজকিশোৰ প্ৰসাদ জয়ছোৱালৰ সৰ্গীপালিৰ বাসগৃহ, কাৰ্যালয় আৰু স্থানীয় সুৰা ভাটিতো অভিযান চলায় । পলাসপল্লীৰ বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডৰ কৰ্পোৰেট কাৰ্যালয় আৰু কিছুমান বিষয়াৰ ঘৰতো অভিযান চলোৱাৰ কথা পোহৰলৈ আহিছে ।

বৌধ ৰামভিক্তত কোম্পানীৰ কাৰখানা আৰু কাৰ্যালয়তো অভিযান চলোৱা হৈছে । আয়কৰ বিভাগৰ দলটোৱে কোম্পানীটোৰ সৈতে জড়িত থকাৰ অভিযোগত বৌধ পুৰুনা কটকৰ ব্যৱসায়ী অশোক কুমাৰ আগৰৱালাৰ চাউলৰ মিল, বাসগৃহ আৰু অন্যান্য স্থানতো অভিযান চলায় । আনহাতে, বালাংগীৰ আৰু তিতিলাগড়ত একাধিক সুৰা ব্যৱসায়ীও অভিযানকাৰীৰ লক্ষ্য আছিল । আয়কৰ বিভাগৰ ৩০ জনীয়া দলে সুৰা ব্যৱসায়ী সঞ্জয় চাহু আৰু দীপক চাহুৰ ঘৰ আৰু সুৰাৰ দোকানতো তালাচী চলায় ।

সূত্ৰৰ মতে আয়কৰ বিভাগৰ দলে কলকাতা আৰু ৰাঁচীলৈও ভ্ৰমণ কৰিছে। কোম্পানীটোৰ কেইবাজনো পৰিচালক আৰু এমডিৰ বিৰুদ্ধেও অভিযান চলোৱা হৈছে । অৱশ্যে, আয়কৰ অভিযান সন্দৰ্ভত বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড বা আন কোনো অংশীদাৰ কোম্পানীৰ পৰা কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। আয়কৰ বিভাগেও কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।

লগতে পঢ়ক :এক্সিছ বেংকত 4 মিনিটত 16 লাখ টকা লুটিলে ডকাইতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.