অসম

assam

Congress plenary session: নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন

By

Published : Feb 25, 2023, 12:07 PM IST

নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন (Congress 85th plenary session ) ৷ আজি ৰাজনৈতিক, অৰ্থনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত কৰা হ’ব আলোচনা ৷ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 15 হাজাৰ কংগ্ৰেছ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে এই পূৰ্ণাংগ অধিৱেশনত ৷

Congress plenary session
নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন

নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰ অৰ্থাৎ 24 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশন ৷ ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত অনুষ্ঠিত হোৱা এই পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন (Congress 85th plenary session ) ৷

শুকুৰবাৰে এই অধিৱেশনত দলীয় নেতা আৰু কংগ্ৰেছ কৰ্মীসকলক সম্বোধন কৰিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ছোনীয়া গান্ধীয়ে (Sonia Gandhi) ৷ লগতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰি গ্ৰহণ কৰা হ’ব প্ৰস্তাৱ (Congress plenary meet) ৷

তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে নিখিল কংগ্ৰেছৰ এই পূৰ্ণাংগ অধিৱেশন ৷ আজিৰ অধিৱেশনতে সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে (Mallikarjun Kharge) উন্মোচন কৰিব এখন দলীয় কিতাপ ৷ লগতে দলৰ সাধাৰণ সম্পাদকসকলে দাখিল কৰিব নিজৰ নিজৰ প্ৰতিবেদন ৷ আনহাতে, নিখিল কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ছোনীয়া গান্ধীয়ে পাঠ কৰিব এখন ধন্যবাদ সূচক পত্ৰ ৷

উল্লেখ্য যে, এই পূৰ্ণাংগ অধিৱেশনতে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ নিৰ্বাচন (Congress Working Committee) অনুষ্ঠিত কৰাৰ কথা আছিল যদিও বৃহস্পতিবাৰে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি দলৰ মূৰব্বীক কাৰ্যকৰী সমিতিৰ সদস্যসকলক মনোনীত কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হয় ৷ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 15 হাজাৰ কংগ্ৰেছ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে এই পূৰ্ণাংগ অধিৱেশনত (Congress plenary session 2023) ৷

মূলত আজিৰ অধিৱেশনত ৰাজনৈতিক, অৰ্থনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা কৰাৰ উপৰিও নিখিল কংগ্ৰেছৰ সাংবিধানিক প্ৰস্তাৱৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ’ব ৷ অ'বিচি, সংখ্যালঘু, মহিলা আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিত 50 বছৰৰ তলৰ লোকসকলকে সঠিকভাৱে কিদৰে প্ৰতিনিধিত্ব কৰিব সেই সম্পৰ্কেও সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷

অধিৱেশনৰ প্ৰথম দিনৰ বৈঠকত উপস্থিত আছিল ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধী (Rahul Gandhi) ৷ অধিৱেশনৰ এই বৈঠকখনত গৃহীত হ'ব লগা 6 টা প্ৰস্তাৱৰ ওপৰত আলোচনা কৰা হয় । দলৰ ভিতৰুৱা তথ্য মতে, ৰাহুল গান্ধী আৰু খাৰ্গে দুয়োগৰাকীয়ে দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ লগতে চৰকাৰৰ নীতিৰ ওপৰত দলৰ উদ্বেগ ব্যক্ত কৰি আহিছে । সেয়েহে, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্তাৱসমূহে প্ৰাক্তন আৰু বৰ্তমানৰ কংগ্ৰেছ মুৰব্বী দুয়োগৰাকীৰ স্থিতি প্ৰতিফলিত কৰাৰ সম্ভাৱনা আছে ৷

কংগ্ৰেছৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে ৷ কিয়নো তিনিদিনীয়া মেগা কনক্লেভৰ সময়ত মুখ্য ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্তাৱসমূহ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এক ক্ষুদ্ৰ ইস্তাহাৰ হিচাবে গৃহীত হ'ব (Mini manifesto for 2024)। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম বীৰাপ্পামৈলী আৰু প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্তাৱৰ উপ-সমিতিসমূহৰ মুৰব্বী হিচাপে মনোনীত কৰিছে ।

লগতে পঢ়ক:Pawan Khera arrested: কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

ABOUT THE AUTHOR

...view details