অসম

assam

Rahul Gandhi detained: কংগ্ৰেছী নেতা ৰাহুল গান্ধীক আটক

By

Published : Aug 5, 2022, 1:33 PM IST

Cong MPs protest march reach Vijay Chowk, Rahul Gandhi detained

দেশজুৰি মুদ্ৰাস্ফীতি, জি এছ টি আৰু নিৱনুৱা সমস্যাক লৈ ৰাষ্ট্ৰপতি ভৱনৰ সমীপৰ বিজয় চকত কংগ্ৰেছী নেতা, কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Congress MPs protest against govt)৷ আৰক্ষীয়ে এই প্ৰতিবাদ ব্যাহত কৰিবলৈ কংগ্ৰেছী নেতা ৰাহুল গান্ধীক আটক কৰে (Rahul Gandhi detained) ৷

নেশ্যনেল ডেস্ক, 5 আগষ্ট:দেশজুৰি মুদ্ৰাস্ফীতি, জি এছ টি আৰু নিৱনুৱা সমস্যাক লৈ ৰাষ্ট্ৰপতি ভৱনৰ সমীপৰ বিজয় চকত কংগ্ৰেছী নেতা, কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Congress MPs protest against govt)৷ কংগ্ৰেছৰ সকলো সাংসদ তথা কৰ্মীয়ে ক’লা পোছাক পৰিধান কৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক লগ কৰাটো আমাৰ অধিকাৰ শীৰ্ষক শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে এক বৃহৎ ৰেলীৰে ৰাষ্ট্ৰপতি ভৱনৰ ফালে গতি কৰোঁতেই আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে ৷ আৰক্ষীয়ে এই প্ৰতিবাদ ব্যাহত কৰিবলৈ কংগ্ৰেছী নেতা ৰাহুল গান্ধীক আটক কৰে (Rahul Gandhi detained) ৷

অৱশ্যে দুদিনৰ পূৰ্বে দিল্লী আৰক্ষীয়ে নতুন দিল্লীৰ জিলা অঞ্চলত 144 ধাৰা জাৰি কৰিছিল । ৰাষ্ট্ৰপতিক লগ কৰাটো আমাৰ অধিকাৰ ৷ এই সংসদ অধিৱেশন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰাৰ পিছতো যদি সংসদৰ মুখ্য উদ্দেশ্য পূৰণ নহয়, তেন্তে তেওঁক লগ কৰাটো আমাৰ কৰ্তব্য বুলি মন্তব্য প্ৰকাশ কৰে দলৰ নেতা প্ৰমোদ তিৱাৰীয়ে ৷

কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাই কয় যে কংগ্ৰেছ দলৰ প্ৰতিবাদী সমদলক আৰক্ষীয়ে আধা আৰোপ কৰিছে ৷ লগতে আৰক্ষীৰ বাধা নেওচি হ’লেও এই প্ৰতিবাদ অব্যাহত ৰাখিম বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক:AJP Vice President Dulu Ahmed: কোন বিধায়কক অলগৰ্দ্ধ-গৰু-গাধ আখ্য়া দিলে দুলু আহমেদে

ABOUT THE AUTHOR

...view details