অসম

assam

Bihar hooch tragedy: বিহাৰত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৫৩ গৰাকী লোকৰ

By

Published : Dec 16, 2022, 10:24 AM IST

বিহাৰত বিষাক্ত সুৰা পান কৰাৰ ফলত এতিয়ালৈ প্ৰায় ৫০ গৰাকী লোকৰ মৃত্যু হৈছে (53 died after consuming spurious liquor)। চাৰণ জিলাত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । ঘটনা সন্দৰ্ভত এতিয়ালৈ প্ৰায় ১২৬ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । মশ্ৰাকৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰীতেশ মিশ্ৰক নিলম্বন কৰা হৈছে । এতিয়াও চিকিৎসাধীন হৈ আছে কেইবাজনো লোক ।

Bihar hooch tragedy
বিহাৰত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৫৩ গৰাকী লোকৰ

নেশ্যনেল ডেস্ক,১৬ ডিচেম্বৰ :বিহাৰত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি (Death toll increase in Bihar)। ৰাজ্যখনৰ চাৰণ জিলাত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে । এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৩ লৈ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে (53 died after consuming spurious liquor)। সমান্তৰালকৈ বিষাক্ত সুৰা পান কৰাৰ ফলত একাংশ লোকে দৃষ্টিশক্তি হেৰুৱাইছে । জানিব পৰা মতে ছপ্ৰা জিলা চিকিৎসালয় আৰু পিএমচিএইচত এতিয়াও কেইবাজনো লোক চিকিৎসাধীন হৈ আছে ।

প্ৰশাসনে জনোৱা মতে বিষাক্ত সুৰা গোচৰত এতিয়ালৈ প্ৰায় ১২৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে (126 arrested on hooch tragedy case)। আনহাতে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাইছে । অভিযানত প্ৰায় ৬৯২ লিটাৰ সুৰা জব্দ কৰা হৈছে । আৰক্ষী অধীক্ষক সন্তোষ কুমাৰে সদৰী কৰা মতে মশ্ৰাকৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰীতেশ মিশ্ৰক নিলম্বন কৰা হৈছে । আনহাতে এজন চকিদাৰকো নিলম্বন কৰা হৈছে ।

মৰহৌৰা ডিএছপিৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ দিয়া হৈছে । ইফালে আৰক্ষীৰ ব্যাপক অভিযানৰ পাছৰে পৰা অবৈধ সুৰা ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । জানিব পৰা মতে সোনপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত দ্ৰুত অনুসন্ধান আৰু গ্ৰেপ্তাৰৰ বাবে মুঠ ৩১ জন আৰক্ষী বিষয়াৰ সৈতে এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে ।

ছপ্ৰাৰ সুৰা ট্ৰেজেডিয়ে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে (Bihar hooch tragedy)। ছপ্ৰা জিলা চিকিৎসালয় আৰু পিএমচিএইচত গুৰুতৰভাৱে অসুস্থ লোকক চিকিৎসা কৰি থকা হৈছে । একাংশ মৃতকৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰা মতে মঙলবাৰে বিয়লি সুৰা পান কৰাৰ পাছত সন্ধিয়া সেইসকল লোকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল । বমি আৰু ডায়েৰিয়াৰ দৰে বিভিন্ন সমস্যা হোৱা দেখা গৈছিল । লাহে লাহে দৃষ্টিশক্তিও কমি আহিছিল ।

ইফালে ছপ্ৰাৰ ঘটনাক লৈ বিধানসভাৰ মজিয়া উত্তাল হৈ পৰিছে । নীতিশ কুমাৰৰ চৰকাৰক বিৰোধীয়ে তীব্ৰ সমালোচনা কৰা দেখা গৈছে । বিহাৰত সুৰা নিষিদ্ধ হোৱা স্বত্বেও, এনে ঘটনা সংঘটিত হোৱাৰ বাবে চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে বিৰোধীয়ে । একে সময়তে, বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ পদত্যাগৰো দাবী কৰিছে ।

উল্লেখ্য যে এই বছৰৰে আগষ্ট মাহত, মাধৌৰা আৰু মশ্ৰাকত সুৰা পান কৰাৰ ফলত প্ৰায় ১৩ জন লোকৰ মৃত্যু হৈছিল । ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, যোৱা এবছৰত বিষাক্ত সুৰা সেৱনৰ ফলত প্ৰায় ১৭৩ গৰাকী লোকৰ মৃত্যু হৈছে । ২০২২ চনৰ জানুৱাৰী মাহত বিহাৰৰ বাক্সাৰ, চাৰণ আৰু নালন্দা জিলাত এটাৰ পাছত আনটো ঘটনাত ৩৬ জন লোকৰ মৃত্যু হৈছিল । এই ঘটনাবোৰে প্ৰমাণ কৰে যে বিহাৰত সুৰা নিষিদ্ধকৰণ এক বিফলতা, কিন্তু চৰকাৰে এই বাস্তৱতাক মানি ল'ব নিবিচাৰে ।

লগতে পঢ়ক :Attempted to Rape : চলন্ত অটোত ধৰ্ষণৰ অপচেষ্টা, পঞ্জাবত গ্ৰেপ্তাৰ ২

ABOUT THE AUTHOR

...view details