অসম

assam

দিল্লীৰ ঘটনা পূৰ্ব পৰিকল্পিত আছিলঃ আছাদুদ্দিন ওৱেইছি

By

Published : Mar 2, 2020, 10:18 PM IST

Updated : Mar 2, 2020, 10:50 PM IST

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ সাম্প্ৰদায়িক হিসাংত্মক কাৰ্যত নিহত হোৱা নিৰীহ লোকৰ সন্দৰ্ভত কোনো এটা মন্তব্যই প্ৰকাশ নকৰিলে ৷ তেওঁৰ দলৰেই একাংশ নেতা, ঘাইকৈ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু প্ৰাক্তন বিধায়কে নিৰীহৰ হত্যাকাণ্ডত উচটনি যোগাইছিল"৷ ওৱেইছিয়ে কয় যে- "এই উচটনিমূলক ভাষণ তেওঁলোকে নিজেই ৰাখিছিল নে ? নাই, তেওঁলোকক শীৰ্ষ নেতৃত্বই তেনে বক্তব্য ৰাখিবলৈ নিৰ্দেশ দিছিল"৷

দিল্লীৰ ঘটনা পূৰ্ব পৰিকল্পিত আছিলঃ আছাদুদ্দিন ওৱেইছি
দিল্লীৰ ঘটনা পূৰ্ব পৰিকল্পিত আছিলঃ আছাদুদ্দিন ওৱেইছি

নতুন দিল্লী,2 মাৰ্চঃ সোমবাৰে সংসদৰ চলিত বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয় যদিও হিংসা জৰ্জৰিত দিল্লীৰ পৰিস্থিতি লৈ সদনত অচলাৱস্থাই দেখা দিয়ে ৷ সোমবাৰে লোকসভাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাচত AIMIMৰ সাংসদ নেতা আছাদুদ্দিন ওৱেইছিয়ে বিজেপিক লক্ষ্য কৰি পুনৰ সৰৱ হৈ পৰে ৷ দিল্লীৰ হিংসাত্মক কাৰ্যই সাম্প্ৰাদায়িক ৰূপ লোৱাৰ বাবে বিজেপি নেতাৰ উচতনিমূলক ভাষণক জগৰীয়া কৰে ওৱেইছিয়ে ৷ তেওঁ কয় যে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদপুষ্ট নেতাই উচটনিমূলক ভাষণেৰে দিল্লীত হিংসাত্মক পৰিস্থিতি বিয়পাই তুলিছে ৷

দিল্লীৰ ঘটনাতপূৰ্ব পৰিকল্পিত আছিলঃ আছাদুদ্দিন ওৱেইছি

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ সাম্প্ৰদায়িক হিসাংত্মক কাৰ্যত নিহত হোৱা নিৰীহ লোকৰ সন্দৰ্ভত কোনো এটা মন্তব্যই প্ৰকাশ নকৰিলে ৷ তেওঁৰ দলৰেই একাংশ নেতা, ঘাইকৈ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু প্ৰাক্তন বিধায়কে নিৰীহৰ হত্যাকাণ্ডত উচটনি যোগাইছিল"৷ ওৱেইছিয়ে কয় যে- "এই উচটনিমূলক ভাষণ তেওঁলোকে নিজেই ৰাখিছিল নে ? নাই, তেওঁলোকক শীৰ্ষ নেতৃত্বই তেনে বক্তব্য ৰাখিবলৈ নিৰ্দেশ দিছিল"৷

দিল্লীত যি ঘটনা সংঘটিত হৈ গ'ল এইয়া সাম্প্ৰদায়িক সংঘৰ্ষ নাছিল ৷ ওৱেইছিৰ স্পষ্ট মন্তব্য-দিল্লীৰ ঘটনা পূৰ্ব পৰিকল্পিত আছিল৷দিল্লীৰ ঘটনাত চৰকাৰৰ ষড়যন্ত্ৰ আছে বুলিও ওৱেইছিয়ে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে ৷ কেনদৰে চাৰিজন যুৱকক ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰিবলৈ আৰক্ষীয়ে বাধ্য কৰাইছিল সেয়া সমগ্ৰ বিশ্বই দেখিছে ৷সেই ঘটনাত চাৰিওজন ব্যক্তিৰ ভিতৰত এজন মৃত্যু মুখত পৰে ৷ দিল্লীৰ হিংসাত্মক ঘটনাত এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়া হ'ল আৰু এজন চোৰাংচোৱা বিষয়া নিহত হ'ল ৷ ওৱেইছিয়ে দিল্লীৰ হিংসাত্মক পৰিস্থিতি আৰু 2002 চনত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ তুলনা দাঙি ধৰি এইবুলিও অভিযোগ কৰে যে, দুয়োটা ঘটনাতে শাসকীয় চৰকাৰখনে হিংসাত্মক পৰিস্থিতি আৰম্ভ হোৱাৰ দুদিন পিচলৈকে মৌনতা অৱলম্বন কৰিছিল ৷

লগতে চাওকঃ

6 নং দফা কাৰ্যকৰী সমিতিলৈ বিশেষ অনুৰোধ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ

Last Updated : Mar 2, 2020, 10:50 PM IST

ABOUT THE AUTHOR

...view details