ETV Bharat / state

6 নং দফা কাৰ্যকৰী সমিতিলৈ বিশেষ অনুৰোধ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ

author img

By

Published : Mar 2, 2020, 4:03 PM IST

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী সমিতিলৈ বিশেষ অনুৰোধ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ ৷ জনসাধাৰণৰ দাবীৰ ক্ষেত্ৰত প্ৰতিবেদন দাখিল কৰিবলৈ আৰু দাবীসমূহৰ বাস্তৱিক পৰামৰ্শ দিবলৈ এক সু সংগত আলোচনাত মিলিত হ’বলৈ অসম চুক্তিৰ 6 নং দফাৰ উচ্চস্তৰীয় সমিতিৰ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ সমিতিলৈ অনুৰোধ৷

6 নং দফা কাৰ্যকৰী সমিতিলৈ বিশেষ অনুৰোধ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ
6 নং দফা কাৰ্যকৰী সমিতিলৈ বিশেষ অনুৰোধ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ

নিউজ ডেস্ক, 2 মাৰ্চঃ অসম চুক্তিৰ 6 নং দফাৰ উচ্চস্তৰীয় সমিতিৰ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ উচ্চস্তৰীয় সমিতিৰ সকলো সদস্যলৈ অনুৰোধ ৷ জনসাধাৰণৰ দাবীৰ প্ৰতি সঁহাৰি জনায় উচ্চস্তৰীয় সমিতিক প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আৰু বাস্তৱিক পৰামৰ্শৰ বাবে এক সুসংগত আলোচনাত মিলিত হ’বলৈ সমিতিক অনুৰোধ জনায় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ৷ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে এক টুইটযোগে কয় যে, "অসম চুক্তিৰ 6 নং দফা সমিতিৰ এজন সদস্য হিচাপে মই এই কথা অনুভৱ কৰিছো যে,সমিতিখনে আগবঢ়োৱা উপদেশ সমূহক লৈ জনসাধাৰণৰ মাজত সম্পূৰ্ণৰূপে ভুল আৰু মনে সজা আলোচনা চলি আছে ৷ "

NILOY DUTTA TWEET ON ASSAM ACCORD 6TH CLAUSE RECOMMENDATION COMMITTEE
6 নং দফা কাৰ্যকৰী সমিতিলৈ বিশেষ অনুৰোধ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ

"এইয়া প্ৰতিবেদনখন জনসাধাৰণৰ মাজত ৰাজহুৱা নকৰাৰ ফলাফল৷"বুলিও উল্লেখ কৰে নিলয় দত্তই ৷

"চৰকাৰক প্ৰতিবেদন প্ৰদান কৰাৰ পিছত সমিতিখনৰ দায়িত্ব শেষ বুলি ধৰিলো ৷ এতিয়া চৰকাৰে এই সিদ্ধান্ত জনসাধাৰণৰ পক্ষত ৰখা উচিত৷ অন্যথা ৰাজনৈতিক নেতাসকলে ইয়াৰ অপব্যৱহাৰ কৰি জনসাধাৰণৰ আশা-আকাঙ্খাৰ সৈতে খেলা কৰিব পাৰে ৷"

বিগত বৰ্ষৰ জুলাই মাহত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ছজনীয়া উচ্চস্তৰীয় সমিতিয়ে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবৰ বাবে পৰামৰ্শ কিছুমান প্ৰস্তুত কৰিছিল আৰু এই বৰ্ষৰ 25 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰক প্ৰতিবেদন দাখিল কৰে ৷

প্ৰাক্তন বিচাৰপতি বি.কে.শৰ্মাৰ নেতৃত্বত উচ্চস্তৰীয় সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰতিবেদন প্ৰেৰণ কৰাৰ কথা আছিল ৷ অৱশ্যে সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা এখন পত্ৰ পাইছিল, যিখন চিঠিত গৃহমন্ত্ৰী অমিত শ্বাহে অসম চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰাৰ কথা উল্লেখ আছে ৷ উচ্চস্তৰীয় সমিতিয়ে 25 ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বন্ধ খামত প্ৰতিবেদন প্ৰেৰণ কৰে৷ কিন্তু অসম চৰকাৰেহে কেন্দ্ৰীয় চৰকাৰলৈ এই বন্ধ চিঠিৰ খাম প্ৰেৰণ কৰাৰ কথা আছিল ৷

লগতে চাওকঃ

তিনিচুকীয়াত লিংকমেন সহ আটক আলফা স্বাধীনৰ কেডাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.