অসম

assam

ভাৰতলৈ চিকিৎসা সামগ্ৰী আনিবলৈ চীনলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান

By

Published : Apr 18, 2020, 4:49 PM IST

শনিবাৰে দিল্লীৰ পৰা চীনৰ গুৱাংঝুলৈ উৰা মাৰিছে এয়াৰ ইণ্ডিয়াৰ B- ৭৮৭ নম্বৰৰ বিমানখন । চীনৰ পৰা কৰ'ণা সামগ্ৰী আনিবলৈ চীনলৈ যাত্ৰা কৰিছে বিমানখনে ।

Air India flight departs for Guangzhou to pick up medical supplies
Air India flight departs for Guangzhou to pick up medical suppliesAir India flight departs for Guangzhou to pick up medical supplies

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ গুৱাংঝুৰ পৰা চিকিৎসা সামগ্ৰী সংগ্ৰহ কৰাৰ উদ্দেশ্যে শনিবাৰে দিল্লীৰ পৰা চীনলৈ উৰা মাৰিছে এয়াৰ ইণ্ডিয়াৰ B-৭৮৭ নম্বৰ এখন বিমান । চীনৰ পৰা পিপিটি কীট্ছ ইত্যাদি চিকিৎসা সামগ্ৰী সংগ্ৰহ কৰিবলৈ চীনলৈ যাত্ৰা কৰিছে এয়াৰ ইণ্ডিয়াৰ বিমানখন ।

ইয়াৰ পূৰ্বে বুধবাৰে নেশ্য়নেল কেৰিয়াৰে কয় যে, যোৱা ১০ টা দিনত প্ৰায় ১৭০ টন COVID-১৯ ৰ লগত জড়িত চিকিৎসা সামগ্ৰী ছাংহাই আৰু হংকঙৰ পৰা সংগ্ৰহ কৰিছিল এয়াৰ ইণ্ডিয়াই। আনহাতে গুৱাংঝু আৰু শ্বেনয়াঙৰ পৰা আগন্তুক এটা সপ্তাহৰ ভিতৰত প্ৰায় ৩০০ টন চিকিৎসা সামগ্ৰী সংগ্ৰহ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

দেশৰ দূৰ-দূৰৱৰ্তী অঞ্চল সমূহত আৱশ্য়কীয় চিকিৎসা সামগ্ৰী সমূহ পৰিবহন তথা প্ৰদান কৰাৰ বাবেই লাইফলাইন উড়ান বিমান সূমহৰ সঞ্চালন কৰা হৈছে বুলি জানিবলৈ দিয়ে চিভিল এভিয়েশ্বন মন্ত্ৰণালয়ে ।

বৰ্তমান সময়ত এয়াৰ ইণ্ডিয়া,আইএএফ আৰু বেচৰকাৰী কেৰিয়াৰ্ছৰ মুঠ ২২৭ খন বিমান সংঞ্চালিত বা চলাই থকা হৈছে । ইয়াৰে ১৩৮ খন এয়াৰ ইণ্ডিয়া আৰু আইএএফৰ । বৰ্তমানলৈ ৪০৭.৪০ টন সামগ্ৰী কঢ়িওৱা হৈছে বুলি বৃহস্পতিবাৰে টুইটাৰ যোগে জনায় চিভিল এভিয়েশ্বন মন্ত্ৰণালয়ে। সকলো সুৰক্ষা নীতি নিয়মৰ মাজেৰে এই বিমান সমূহৰ চলাচল চিভিল এভিয়েশ্যনৰ মহা নিৰ্দেশকৰ দ্বাৰা পৰিচালিত কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে চাওক- COVID-১৯ : ওড়িশাত আৰোগ্যৰ সংখ্যা ২১ লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details