ETV Bharat / bharat

COVID-১৯ : ওড়িশাত আৰোগ্যৰ সংখ্যা ২১ লৈ বৃদ্ধি

author img

By

Published : Apr 18, 2020, 10:14 AM IST

শুকুৰবাৰে ওড়িশাৰ ভূৱনেশ্বৰত COVID-১৯ মহামাৰীৰ পৰা দুজন লোকৰ আৰোগ্য লাভ কৰাৰ পাচতেই ৰাজ্যখনত বৰ্তমানলৈ আৰোগ্য লাভ কৰাৰ সংখ্য়া হৈছে ২১ গৰাকী ।

2 more recover from COVID-19 in Bhubaneswar, total 21 cured in Odisha
2 more recover from COVID-19 in Bhubaneswar, total 21 cured in Odisha

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ দেশত কৰ'ণা ভাইৰাছৰ বিভীষিকা চলি থকাৰ মাজতেই ওড়িশাত ক্ৰমাৎ সুস্থিৰ হৈছে পৰিস্থিতি । শুকুৰবাৰে ওড়িশাৰ ভূৱনেশ্বৰত দুজন COVID-১৯ আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়। এই দুজন ব্যক্তিৰ আৰোগ্যৰ পাচতেই ৰাজ্যখনত মুঠ ২১ গৰাকী লোক আৰোগ্য হ'বলৈ সক্ষম হৈছে। আৰোগ্য লাভ কৰা দুয়োগৰাকী লোক ভূৱনেশ্বৰৰ নিৱাসী ।

স্বাস্থ্য পৰিয়াল কল্য়াণ বিভাগৰ এজন কৰ্মকৰ্তাই জানিবলৈ দিয়ে যে,বৰ্তমান ৰাজ্যখনত COVID-১৯ ৰ সক্ৰিয় ৰোগীৰ সংখ্য়া হ্ৰাস পাই হৈছে ৩৮ জন ।

বৰ্তমানলৈকে ৰাজ্যখনত COVID-১৯ মহামাৰীত এজন লোকৰ মৃত্যু হৈছে । যোৱা ৬ এপ্ৰিলত ভূৱনেশ্বৰত মৃত্যু হৈছিল লোকজনৰ। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্য়া হৈছে ৬০ টা । আনহাতে যোৱা ৪৮ ঘণ্টাত এটাও COVID-১৯ আক্ৰান্তৰ খবৰ পোহৰলৈ অহা নাই। অন্তিমবাৰৰ বাবে ১৪ এপ্ৰিলত ৫ টা ঘটনা পোহৰলৈ আহিছিল । বৰ্তমান ৰাজ্য চৰকাৰখনে ভূৱনেশ্বৰত আগন্তুক ৭ টা দিনত ৫০০০ লোকক পৰীক্ষা কৰাৰ পৰিকল্পনা হাতত লৈছে ।

লগতে চাওকঃ ভাৰতক ৫৯ লাখ ডলাৰ স্বাস্থ্য সাহাৰ্য আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.