অসম

assam

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বাতিল ২৫৬ খন শ্ৰমিক ৰে'ল সেৱা

By

Published : Jun 3, 2020, 5:46 PM IST

ভাৰতীয় ৰে'ল বিভাগৰ তথ্য অনুসৰি ১ মে'পৰা বৰ্তমান পৰ্যন্ত ২৫৬ খন শ্ৰমিক ৰে'ল সেৱা বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে। মহাৰাষ্ট্ৰ,গুজৰাট,উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বাতিল কৰা হৈছে ৰে'ল সমূহ। আনহাতে, লক ডাউনৰ সময়তে আৰম্ভ হোৱা প্ৰৱাসী শ্ৰমিক ৰে'ল সেৱাৰ অধীনত বৰ্তমান পৰ্যন্ত ৪,১৯৭ খন ৰে'ল চলিছে বুলি জানিবলৈ দিয়ে ।

ভাৰতীয় ৰে'ল বিভাগ
ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বাতিল ২৫৬ খন শ্ৰমিক ৰে'ল সেৱা

নিউজ ডেস্ক, ৩ জুনঃলক ডাউনৰ মাজতে আৰম্ভ হোৱা শ্ৰমিক ৰে'ল সেৱাৰ নামত ৩১ মে' পৰ্যন্ত সমগ্ৰ দেশজুৰি ৪,০৪০ খন ৰে'ল সেৱা চলিছে বুলি জানিবলৈ দিয়ে ভাৰতীয় ৰে'ল কৰ্তৃপক্ষই । আনহাতে, ১ মে'ৰ পৰা মহাৰাষ্ট্ৰ,গুজৰাট,উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২৫৬ খন ৰে'ল বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰে'ল বিভাগে ।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বাতিল ২৫৬ খন শ্ৰমিক ৰে'ল সেৱা

মহাৰাষ্ট্ৰৰ পৰা বাতিল কৰা হৈছে ১০৫ খন ৰে'ল,গুজৰাটৰ পৰা বাতিল কৰিছে ৪৭ খন,কৰ্ণাটকৰ পৰা বাতিল কৰিছে ৩৮ খন আৰু উত্তৰ প্ৰদেশৰ পৰা বাতিল কৰিছে ৩০ খন শ্ৰমিক ৰে'ল সেৱা । আনহাতে, বুধবাৰ পৰ্যন্ত দেশত ৪,১৯৭ খন শ্ৰমিক ৰে'ল সেৱা চলাইছিল বুলিও উল্লেখ কৰে ভাৰতীয় ৰে'ল বিভাগে।

লগতে চাওকঃ এয়াৰ ইণ্ডিয়াৰ ৫ খন বিমানেৰে লণ্ডনৰ পৰা ভাৰতলৈ অনা হ'ব ১২০০ নাগৰিকক

ABOUT THE AUTHOR

...view details