অসম

assam

BSF BGB Meet : সীমান্ত সুৰক্ষাত বিএছএফ আৰু বিজিবিৰ যুটীয়া প্ৰচেষ্টা

By

Published : Nov 16, 2022, 7:43 PM IST

BSF

বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ (Border Guards Bangladesh) আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে (Border Security Force) যুটীয়াভাৱে ভাৰত-বাংলাদেশ সীমান্তক অপৰাধমুক্ত কৰাৰ পৰিকল্পনা কৰিছে ।

নিউজ ডেস্ক, ১৬ নৱেম্বৰ : বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ (Border Guards Bangladesh, BGB) আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে (Border Security Force, BSF) যুটীয়াভাৱে ভাৰত-বাংলাদেশ সীমান্তক (BSF BGB Meet) অপৰাধমুক্ত কৰাৰ পৰিকল্পনা কৰিছে । বিএছএফ আৰু বিজিবি প্ৰতিনিধি দলৰ বৈঠকত পাৰস্পৰিক সহযোগিতাৰ আশ্বাস দিয়া হৈছে যাতে অপৰাধমূলক কাৰ্যকলাপৰ পৰা সীমান্ত মুক্ত কৰা হয় ।

উল্লেখ্য, দুয়োখন চুবুৰীয়া দেশৰ সীমান্ত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কলকাতাৰ নিউটাউনত চাৰিদিনীয়া সন্মিলন অনুষ্ঠিত হৈছে (BGB and BSF 4 days conference in Kolkata) । ১৫ নৱেম্বৰ, মঙলবাৰে দুয়োটা বাহিনীৰ কমাণ্ডাৰসকলে আলোচনাৰ যুটীয়া ৰেকৰ্ডত (Joint Record of Discussion, JRD) স্বাক্ষৰ কৰে । দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীৰ মুৰব্বীসকলে সীমান্ত সুৰক্ষাৰ বাবে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে যুটীয়াভাৱে কাম কৰাৰ পৰিকল্পনা কৰিছে ।

বিএছএফ দক্ষিণ বংগ সীমান্তৰ (BSF South Bengal Frontier) আইপিএছ অতুল ফুলঝেলে এই সন্দৰ্ভত কয়, "সীমান্তৰ দুয়োফালে অপৰাধী আছে । বিএছএফ আৰু বিজিবিয়ে প্ৰতিটো স্তৰত একেলগে কাম কৰিব ।" আনহাতে, বিজিবিৰ প্ৰতিনিধি দলৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল এবিএম নওৰোজ এহছানে কয়, "সীমান্তত শান্তি বজাই ৰখাৰ গুৰুত্বপূৰ্ণ দায়িত্ব দুয়োটা সীমান্ত সুৰক্ষা বাহিনীক অৰ্পণ কৰা হৈছে । এক বন্ধুত্বপূৰ্ণ মত বিনিময়, সহযোগিতা, সমন্বয় আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে দুয়োখন দেশৰ সেনাই বিভিন্ন সীমান্ত সমস্যা সঠিক দৃষ্টিকোণত সমাধান কৰিবলৈ সক্ষম হ'ব । এই আলোচনাই দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ বান্ধোন শক্তিশালী কৰিব ।"

বিএছএফৰ প্ৰতিনিধি দলৰ কমাণ্ডাৰে লগতে কয় যে ভাৰত-বাংলাদেশ সীমান্তৰ (India Bangladesh border) জটিল আৰু গতিশীল প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি বিএছএফ আৰু বিজিবিয়ে সীমান্ত ব্যৱস্থাপনা কাৰ্যকৰী ৰূপায়ণত ইজনে সিজনক পৰিপূৰক কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । পৰিৱৰ্তন অতি উৎসাহজনক বুলিও তেওঁ কয় ।

লগতে তেওঁ আশ্বাস দিয়ে যে বৈঠকৰ জৰিয়তে বিএছএফে তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধি কৰিব, যাতে সমস্যাবোৰ সহজে সমাধান কৰিব পাৰি । "ইণ্টিগ্ৰেটেড বাউণ্ডেৰী মেনেজমেণ্ট প্লেন" (Integrated Boundary Management Plan) হৈছে এনে এক ব্যৱস্থা, যাক দুয়োটা সেনাবাহিনীয়েই সীমান্ত ব্যৱস্থাপনাৰ বাবে সৃষ্টি কৰিছে । ইয়াক প্ৰকৃত অৰ্থত ৰূপায়ণ কৰাৰ দায়িত্ব সীমান্তত কৰ্তব্যৰত দুয়োটা বাহিনীৰ কান্ধত আছে ।" লগতে কোৱা হয় । উল্লেখ্য, সন্মিলনখনত বিজিবি প্ৰতিনিধিৰ প্ৰায় ১১ জন সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক :Devendra Fadnavis blast: মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনত আছিল অমিত শ্বাহৰ ভূমিকা: ফাড়নাভিছ

ABOUT THE AUTHOR

...view details