ETV Bharat / bharat

মেডিকেল প্ৰৱেশ পৰীক্ষালৈ পাঁচ দিন থাকোতেই আত্মহনন ছাত্ৰৰ - Suicide in Kota

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 3:44 PM IST

NEET student suicide in Kota
SUICIDE IN KOTA

NEET student suicide in Kota: কোটাত NEET ৰ বাবে প্ৰস্তুতি চলাই থকা আন এজন ছাত্ৰই আত্মহত্যা কৰে । ছাত্ৰজন ঢোলপুৰৰ বাসিন্দা আছিল । যোৱা ৪৮ ঘণ্টাত এইটোৱেই দ্বিতীয়টো ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা । এইবাৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে ।

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: কোটাত পুনৰ শিক্ষাৰ্থীৰ আত্মহনন । ধাৰাবাহিকভাৱে কোটাত সংঘটিত হৈ আছে শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনা । শেহতীয়াকৈ হাৰিয়ানাৰ এগৰাকী NEET ছাত্ৰৰ আত্মহত্যাৰ পিছত পুনৰ পোহৰলৈ আহিছে এটা নতুন ঘটনা । মঙলবাৰে কোটাত কোচিং কৰি থকা এগৰাকী ছাত্ৰই আত্মহত্যা কৰে । ছাত্ৰজনে মেডিকেল এণ্ট্ৰেন্স পৰীক্ষা NEET ৰ বাবে প্ৰস্তুতি চলাই আছিল ।

তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী বিষয়া । এই সন্দৰ্ভত ছাত্ৰজনৰ পৰিয়ালক অৱগত কৰা হৈছে । এয়া কোটাত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা অষ্টমটো ঘটনা ।

উপ পৰিদৰ্শক গোপাল লাল বাইৰৱাই কয় যে, যোৱা এবছৰ ধৰি মামা আৰু ভাগিনে তালৱাণ্ডীত অৱস্থিত পি জিত একেলগে থাকি চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল । মামাক ২০ বছৰীয়া ৰঘুনাথ লোধি ৰাজপুত মূলতঃ ঢোলপুৰ জিলাৰ ডিণ্ডোলিৰ বাসিন্দা । ভাগিন ১৭ বছৰীয়া ৰোহিতো তেওঁৰ লগত থাকিছিল । মঙলবাৰে পুৱা ১০.৩০ বজাত ৰোহিত ঘৰৰ পৰা চেলুনলৈ ৰাওনা হয় ।

১১ বজাত উভতি আহোঁতে তেওঁ ভাৰতক আত্মহত্যা কৰা অৱস্থাত থকা দেখা পায় । পিছফালৰ দুৱাৰেদি তেওঁ কোঠাটোলৈ সোমাই যায় । ইয়াৰ পিছত তেওঁ পি জিৰ মালিক আৰু আন লোকক এই বিষয়ে অৱগত কৰে । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । ঘটনাস্থলীত সম্পূৰ্ণ তদন্তৰ অন্তত আৰক্ষীয়ে মৃতদেহটো মৰ্গলৈ প্ৰেৰণ কৰে ।

উপ পৰিদৰ্শক গোপাল লাল বাইৰৱাই কয় যে, ভাৰতে NEET UG ৰ বাবে তৃতীয়টো প্ৰচেষ্টা কৰি আছিল ৷ তেওঁ ইয়াৰ পূৰ্বে দুবাৰকৈ পৰীক্ষা দিছিল, য’ত তেওঁ সফল হোৱা নাছিল । এইবাৰ ৫ মে’ত অনুষ্ঠিত হোৱাৰ কথা পৰীক্ষা । এনে পৰিস্থিতিত তেওঁ নিশ্চয় অনুভৱ কৰিছিল যে, এইবাৰো তেওঁ সফল হ’ব নোৱাৰিব, সেয়েহে তেওঁ এই পদক্ষেপ ল’লে । আৰক্ষীয়ে এইদৰে সন্দেহ প্ৰকাশ কৰিছে ।

ছাত্ৰজনৰ কোঠাত এখন চুইচাইড নোট পোৱা গৈছিল, য'ত লিখা আছিল, "মই কৰিব নোৱাৰিম" ৷ পৰীক্ষাত বহিবলৈ ভাৰতে ৩ মে’ত কোটালৈ ৰাওনা হোৱাৰ কথা আছিল ।

লগতে পঢ়ক: জাগৰণ’ৰ পৰা উভতি অহা যুৱকলৈ লক্ষ্য কৰি 7 জাঁই গুলী ! - Man shot at in UP’s Ghaziabad

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.