অসম

assam

9th Years of Narendra Modi Govt : দুদিনত ৪ ৰাজ্যত ৰাজহুৱা সভা সম্বোধন কৰিব অমিত শ্বাহে

By

Published : Jun 9, 2023, 4:45 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেওবাৰে অন্ধ্ৰপ্ৰদেশত জনসভাত ভাষণ দিব (Amit Shah to public meeting in Andhra Pradesh) । তাত তেওঁ নতুন মিত্ৰতাৰ ক্ষেত্ৰত ৰাজ্যখনৰ বাবে বিজেপিৰ ৰাজনৈতিক পৰিকল্পনা সন্দৰ্ভত তেওঁৰ পৰা জনসাধাৰণে বাৰ্তা বিচাৰিব । ৰাজ্যখনৰ শাসনাধিষ্ঠিত ৱাইএছআৰ কংগ্ৰেছে এতিয়ালৈকে গুৰুত্বপূৰ্ণ বিষয়বোৰত কেন্দ্ৰীয় চৰকাৰক মুখ্যত সমৰ্থন কৰি আহিছে ।

9th Years of Narendra Modi Govt
9th Years of Narendra Modi Govt

নিউজ ডেস্ক, ৯ জুন : কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ৯ বছৰত ভৰি দিছে (9th Years of Narendra Modi Govt) । আনহাতে, আগন্তুক বৰ্ষত লোকসভা নিৰ্বাচন (Lok Sabha election 2024) । তাৰ পূৰ্বে বিজেপিয়ে সমগ্ৰ দেশজুৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ন বছৰীয়া শাসনকালৰ কৰ্মৰাজি দাঙি ধৰাৰ পৰিকল্পনা হাতত লৈছে । তাৰেই অংশ হিচাপে বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ১০ আৰু ১১ জুনত চাৰিখন ৰাজ্যত ৰাজহুৱা সভা সম্বোধন কৰিব (Amit Shah to address public meetings in 4 states) ।

তেওঁৰ বৈঠকৰ অন্যতম স্থান হৈছে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম (Amit Shah to public meeting in Andhra Pradesh) । কিয়নো শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজধানীত দুয়োগৰাকী নেতাৰ সাক্ষাৎ হোৱাৰ পিছত বিজেপিয়ে এন চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন তেলেগু দেশম পাৰ্টীৰ সৈতে হাত মিলাবনে নাই তাকে লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । অমিত শ্বাহে দেওবাৰে অন্ধ্ৰপ্ৰদেশত জনসভাত ভাষণ দিব আৰু নতুন মিত্ৰতাৰ ক্ষেত্ৰত ৰাজ্যখনৰ বাবে বিজেপিৰ ৰাজনৈতিক পৰিকল্পনা সন্দৰ্ভত তেওঁৰ ভাষণত জনসাধাৰণে যিকোনো বাৰ্তা বিচাৰিব । কিয়নো ৰাজ্যখনৰ শাসনাধিষ্ঠিত ৱাইএছআৰ কংগ্ৰেছে এতিয়ালৈকে গুৰুত্বপূৰ্ণ বিষয়বোৰত কেন্দ্ৰীয় চৰকাৰক মুখ্যত সমৰ্থন কৰি আহিছে ।

আনহাতে, বিজেপি সভাপতি জে পি নাড্ডায়ো (BJP president J P Nadda) ১০ জুনত ৰাজ্যখনৰ তিৰুপতিত এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ কথা আছে । তেওঁ তিৰুপতি বালাজী মন্দিৰতো প্ৰাৰ্থনা কৰিব । শনিবাৰে অমিত শ্বাহে গুজৰাটৰ পাটন আৰু মহাৰাষ্ট্ৰৰ নান্দেদত সভা সম্বোধন কৰাৰ কথা আছে । চৰকাৰী সূত্ৰই জনোৱা মতে, তেওঁ নান্দেদৰ হাজুৰ আচলনগৰ চাহিব গুৰুদ্বাৰতো প্ৰণাম কৰিব ।

অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰাৰ পূৰ্বে অমিত শ্বাহে দেওবাৰে তামিলনাডুৰ ভেলোৰত এখন সভা সম্বোধন কৰিব । বিজেপিয়ে মোদী চৰকাৰৰ নৱম বাৰ্ষিকী উপলক্ষে ৩০ মে'ৰ পৰা ৩০ জুনৰ ভিতৰত এক মাহজোৰা ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচী পালন কৰি আছে ।

লগতে পঢ়ক :PM Modi US visit : প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণে অধিক শক্তিশালী কৰিব দ্বিপাক্ষিক সম্পৰ্ক

ABOUT THE AUTHOR

...view details