নেশ্যনেল ডেস্ক, ৬ জানুৱাৰী: অৱশেষত ন্যায় পোৱাৰ দিশে এগৰাকী যুৱতী । সুদীৰ্ঘ এবছৰ উকলি যোৱাৰ পাচত ন্যায়ৰ দিশে যুৱতীগৰাকী । তামিলনাডুৰ পোলাচীত ২০১৯ চনত এগৰাকী ১৯ বছৰীয়া যুৱতীক ৰাজ্যখনৰ আঞ্চলিক দল AIADMKৰ এগৰাকী কাৰ্যকৰ্তাসহ ৮ জনীয়া এটা দলে যৌন নিৰ্যাতন চলাইছিল । বুধবাৰে AIADMKৰ অৰুণান্দাম আৰু তেওঁৰ দুই সতীৰ্থক চিবিআইয়ে গ্ৰেপ্তাৰ কৰে । প্ৰথমে অভিযুক্ত কেইজনক মহিলা আদালতত নিয়া হয় আৰু পৰৱৰ্তী সময়ত আদালতে আটাইকেইজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । এই ঘটনাৰে জৰিত পাঁচ অভিযুক্তক পূৰ্বেই চিবি-চিআইডিয়ে গ্ৰেপ্তাৰ কৰে । ২০১৯ চনৰ মে' মাহত এই পাঁচ অভিযুক্তৰ বিৰুদ্ধে অভিযোগ পত্ৰও দাখিল কৰা হয় ।
মন কৰিবলগীয়া যে, পূৰ্বে চিবি-চিআইডিয়ে এই ঘটনাৰ অনুসন্ধান প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল । পৰৱৰ্তী সময়ত চিবিআইয়ে অনুসন্ধান চলায় ।