অসম

assam

Gorakhnath Temple Attack : গোৰখনাথ মন্দিৰ আক্ৰমণকাৰী মুর্তাজা আব্বাচীক মৃত্যুদণ্ড ঘোষণা

By

Published : Jan 30, 2023, 8:53 PM IST

গোৰখনাথ মন্দিৰ চৌহদত বলপূৰ্বক প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা আৰু যোৱা বছৰ এপ্ৰিল মাহত নিৰাপত্তাৰক্ষীসকলক আক্ৰমণ কৰা আহমেদ মুৰ্তাজা আব্বাচীক সোমবাৰে মৃত্যুদণ্ড ঘোষণা কৰা হয় (Death sentance to Gorakhnath temple attacker) ।

NIA
NIA

নিউজ ডেস্ক, ৩০ জানুৱাৰী :গোৰখনাথ মন্দিৰ আক্ৰমণৰ দোষী মুর্তাজা আব্বাচীক মৃত্যুদণ্ডৰ ৰায় লক্ষ্ণৌৰ বিশেষ নিয়া আদালতৰ (NIA court) । যোৱা বছৰ এপ্রিলত উত্তৰ প্রদেশৰ গোৰখনাথ মন্দিৰত মোতায়েন হৈ থকা নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি চোকা অস্ত্রৰে আক্ৰমণ চলাইছিল মুর্তাজাই । পেছাত তেওঁ এগৰাকী কেমিকেল ইঞ্জিনিয়াৰ (Death sentance to Gorakhnath temple attacker) ।

যোৱা শনিবাৰে গোৰখনাথ আক্ৰমণত মুর্তাজাক দোষী সাব্যস্ত কৰে লক্ষ্ণৌৰ বিশেষ আদালতে (Gorakhnath Temple attack accused Abbasi) । এফআইআৰত কোৱা হৈছিল, বিগত বছৰৰ ৩ এপ্রিলত জোৰপূৰ্বক গোৰখনাথ মন্দিৰত প্রবেশৰ চেষ্টা কৰিছিল মুর্তাজাই । তেওঁক বাধা দিয়াত নিৰাপত্তাৰক্ষীসকলক চোকা অস্ত্রৰে আক্রমণ কৰে । উক্ত ঘটনাত আহত হয় দুজন আৰক্ষী (NIA court in Lucknow sentenced Abbasi to death) । ঘটনাৰ তদন্ত আৰম্ভ কৰে উত্তৰ প্রদেশৰ সন্ত্রাসবাদ দমন শাখা (ATS) ।

উত্তৰ প্রদেশ আৰক্ষীৰ সহকাৰী সঞ্চালক প্ৰধান (এডিজি, আইন-শৃঙ্খলা) প্রশান্ত কুমাৰে জনাইছে, ভাৰতীয় দণ্ডবিধিৰ ১২১ ধাৰাত মুর্তাজাক মৃত্যুদণ্ড দিয়া হৈছে । সন্ত্রাস বিয়পোৱাৰ বাবেই মুর্তাজাই আক্ৰমণ চলাইছিল বুলিও তেওঁ জনাইছে । আৰক্ষীৰ ওপৰত আক্রমণৰ দোষত ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰাত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল ।

উল্লেখ্য, যোৱা বছৰ উত্তৰ প্রদেশৰ গোৰখনাথ মন্দিৰৰ বাহিৰত মোতায়েন হৈ থকা আৰক্ষী কনিষ্টবলক লক্ষ্য কৰি আক্ৰমণৰ কিছু সময়ৰ ভিতৰতেই গ্রেপ্তাৰ হৈছিল মুর্তাজা । উত্তৰ প্রদেশ আৰক্ষীৰ এডিজিয়ে (আইন-শৃঙ্খলা) জনাইছে, সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ (আইএছ) সৈতে যোগাযোগ আছিল মুর্তাজাৰ । সন্ত্ৰাসবাদী দলৰ সদস্যসকলক আর্থিক সাহায্যও দিছিল তেওঁ । জেৰাত এই তথ্যই পোহৰলৈ অহা বুলি জনাইছে এডিজিয়ে ।

মু্র্তাজা হৈছে গোৰখপুৰৰে বাসিন্দা । ২০১৫ চনত আইআইটি মুম্বাৰই পৰা (IIT Mumbai) কেমিকেল ইঞ্জিনিয়াৰিঙত স্নাতক উত্তীৰ্ণ তেওঁ (Indian Institute of Technology) । ইয়াৰ পিছত জুটা কোম্পানীত কামো কৰিছিল তেওঁ । মুর্তাজাৰ পৰিয়ালৰ দাবী, ২০১৭ চনত তেওঁৰ মানসিক সমস্যাই দেখা দিয়ে । তাৰ পিছত বহু চিকিৎসকে তেওঁৰ চিকিৎসা কৰে । সেই কাৰণেই তেওঁৰ দাম্পত্য জীৱনতো সমস্যাই দেখা দিছিল । তাৰ পিছত পত্নীৰ সৈতে বিচ্ছেদো হয় মুর্তাজাৰ ।

লগতে পঢ়ক :IPS GP Singh : ৰাজ্যত এনকাউণ্টাৰ অব্যাহত থকাৰ ইংগিত জি পি সিঙৰ

ABOUT THE AUTHOR

...view details