ETV Bharat / state

IPS GP Singh : ৰাজ্যত এনকাউণ্টাৰ অব্যাহত থকাৰ ইংগিত জি পি সিঙৰ

author img

By

Published : Jan 30, 2023, 7:17 PM IST

ৰাজ্যত এনকাউণ্টাৰ অব্যাহত থকাৰ ইংগিত দিলে পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে (IPS GP Singh)৷ পোনপটীয়াকৈ এনকাউণ্টাৰ হৈ থাকিব বুলি নক’লেও বিষয়টোক এৰাই মন্তব্য নকৰিলে জিপি সিঙে ৷ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈ থাকিব বুলি মন্তব্য পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷

IPS GP Singh
ৰাজ্যত এনকাউণ্টাৰ অব্যাহত থকাৰ ইংগিত জিপি সিঙৰ

ৰাজ্যত এনকাউণ্টাৰ অব্যাহত থকাৰ ইংগিত জিপি সিঙৰ

গোৱালপাৰা, 30 জানুৱাৰী : গোৱালপাৰা দুধনৈত সোমবাৰে উপস্থিত হয় ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং (IPS GP Singh)৷ দুধনৈত উপস্থিত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৰাজ্যত এনকাউণ্টাৰ অব্যাহত থকাৰ ইংগিত প্ৰদান কৰিলে ৷ অপৰাধীক কঠোৰ হাতেৰে দমনৰ ইংগিত প্ৰদান কৰিলে জি পি সিঙে ৷

অপৰাধীৰ বিৰুদ্ধে পুনৰ হুংকাৰ প্ৰদান কৰিলে শীঘ্ৰেই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে (IPS officer Gyanendra Pratap Singh)৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ প্ৰকমুহুৰ্তত গোৱালপাৰা জিলাৰ দুধনৈ থানাত উপস্থিত হয় জিপি সিং ৷

উল্লেখ্য যে দেওবাৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হৈছিল সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation day of VDP in Kokrajhar)৷ গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ৷ কোকৰাঝাৰৰ পৰা পোনে পোনে দুধনৈত উপস্থিত হৈ নামনি অসমৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে মিলিত হয় শীৰ্ষ আৰক্ষী বিষয়াগৰাকী(SDGP GP Singh) ৷ বিশেষকৈ নামনি অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যালৈ আৰক্ষী অধীক্ষকসকলৰ সৈতে মতবিনিময় কৰে জিপি সিঙে ৷

বিগত সময়ত ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ ঘটনাৰ আঁতধৰি সাংবাদিকে সোধা প্ৰশ্নোত্তৰত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কৌশলী মন্তব্য আগবঢ়ায় ৷ পোনপতীয়াকৈ এনকাউণ্টাৰ চলি থাকিব বুলি নক’লেও এনকাউণ্টাৰ নহয় বুলি নক’লে জিপি সিঙে ৷ বিপৰীতে তেওঁ কয় যে, অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰি থাকিব (Assam police encounter)৷

শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ এনেধৰণৰ কৌশলী মন্তব্যই স্পষ্ট কৰে যে আগন্তুক সময়তো অসমত অব্যাহত থাকিব আৰক্ষীৰ এনকাউণ্টাৰ ৷ আনহাতে বিশেষকৈ নামনি অসমত বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নামনি অসমৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে কোকৰাঝাৰত এক আলোচনাতো মিলিত হয় ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানগৰাকী (Assam DGP) ৷

আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব হ্ৰাস কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷ তেওঁ কয় যে, এই দূৰত্ব কম কৰাৰ বাবে আৰক্ষী আগবাঢ়ি যাব লাগিব ৷ এই কাম বিশেষ জটিল নহয় বুলি মন্তব্য কৰে জিপি সিঙে ৷ প্ৰায় 95 শতাংশ লোকে ভাল আৰু ভদ্ৰ লোক বুলি মন্তব্য কৰি তেওঁ কয় যে আৰক্ষীয়ে ভদ্ৰ লোকসকলৰ লগত ভাল ব্যৱহাৰ কৰিলেও আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব নাইকিয়া হৈ যাব ৷

লগতে পঢ়ক: Massive Eviction Drive in Chirang: ৰিপু সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.