ETV Bharat / state

Massive Eviction Drive in Chirang: ৰিপু সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Jan 30, 2023, 6:32 PM IST

Massive Eviction Drive in Chirang
ৰিপু সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

চিৰাঙৰ ৰিপু সংৰক্ষিত বনাঞ্চলত পুনৰ চলিল প্ৰশানৰ উচ্ছেদ অভিযান ৷ পুৱাৰে পৰা বনাঞ্চলখনৰ 300 হেক্টৰ ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হয় উচ্ছেদ ৷ সোমবাৰে জিলা প্ৰশাসনে বুল’ডজাৰেৰে ভাঙি পেলায় অবৈধভাৱে নিৰ্মাণ কৰা প্ৰায় 300টা বাসগৃহ (Massive Eviction Drive in Chirang) ৷

ৰিপু সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

চিৰাং, 30 জানুৱাৰী: পুনৰ চিৰাঙত প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction derive in Chirang) ৷ চিৰাঙৰ ভাৰত-ভূটাত সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসতি স্থাপন কৰা প্ৰায় 300 লোকৰ ঘৰ উচ্ছেদ ৷ বি টি চি প্ৰশাসনৰ নিৰ্দেশত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত চলোৱা হয় এই উচ্ছেদ অভিযান ৷

বনাঞ্চলৰ ভূমিকে ধৰি, সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান (Eviction in Assam) ৷ একাংশ সন্দেহযুক্ত নাগৰিক আৰু একাংশই অন্যস্থানত ভূমি থকাৰ স্বত্বেও বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি দখল কৰি বসতি স্থাপন কৰাৰ লগতে কৰি আহিছে কৃষি কাৰ্য ৷ সেইসমূহ স্থান বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশানসে চলাইছে উচ্ছেদ ৷

সোমবাৰে পুৱাৰে পৰা চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 300 হেক্টৰ ভূমি বেদখল মুক্ত কৰাৰ উদ্দেশ্যৰে মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান (Massive eviction drive in Ripu reserve forest) ৷ চিৰাং জিলা প্ৰশাসন, বনবিভাগ, আৰক্ষী আৰু এচএচবিৰ সহযোগত চলিল এই উচ্ছেদ অভিযান ।

ভাৰত-ভূটান সীমান্তৰ ৰুনীখাতা ৰেঞ্জৰ অধীনস্থ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে স্থাপন কৰা খালবাৰী, ওদালগুৰি গাঁও অঞ্চলত চলে এই অভিযান । বুলড’জাৰৰ সহায়ত ভাঙি দিয়া হয় অবৈধ ভাৱে নিৰ্মান কৰা প্ৰায় তিনিশ বাসগৃহ ৷ লগতে বিনষ্ট কৰা হয় শস্য পথাৰ । উচ্ছেদ চলোৱাৰ সময়ত একাংশ বেদখলকাৰী মহিলাই বাধা প্ৰদান কৰাৰ চেষ্টা কৰে যদিও প্ৰশাসনৰ সহযোগত অভিযান অব্যাহত ৰাখে । কিন্তু বেদখলকাৰীসকলে অভিযানকাৰী দলৰ সন্মুখতে সংৰক্ষিত বনাঞ্চল এৰি নোযোৱাৰ হুংকাৰ প্ৰদান কৰে ।

অভিযানকাৰী দল আঁতৰি যোৱাৰ পাচতেই পুনৰ ঘৰ-দুৱাৰ নিৰ্মাণ কৰিব বুলিও কয় বেদখলকাৰীয়ে (Illegal encroachment in Chirang) । লগতে উচ্ছেদিতসকলৰ বাবে বিকল্প ব্যবস্থা নকৰাকৈ এই অভিযান চলোৱাৰ বাবে উচ্ছেদিত মহিলাই বি টি চি প্ৰধান প্ৰমোদ বড়ো আৰু বি টি চিৰ বনবিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ভূমিকাক সমালোচনা কৰে ।

ইফালে, মঙলবাৰেও পুনৰ ৰিপু-সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি সদৰী কৰিছে বনবিভাগে । লক্ষ্যনীয় বিষয় যে, বনাঞ্চল ধ্বংস কৰি বেদখল কৰা লোকসকল অধিকাংশই হৈছে অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, অৰুণাচল, নাগালেণ্ড আদিৰ পৰা অহা প্ৰব্ৰজনকাৰী । বনাঞ্চল ধ্বংস কৰি জনাঞ্চললৈ ৰূপান্তৰ কৰা এই বেদখলকাৰীসকলক একাংশ দালাল চক্ৰই সহায় কৰা বুলি উল্লেখ কৰিছে খোদ বনবিভাগৰ লোকে ।

লগতে পঢ়ক: Bhabesh Kalita criticized AAMSU: আমছুৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.