অসম

assam

Japanese billionaire will enter space: মহাকাশত প্ৰৱেশৰ দিশে এইগৰাকী জাপানী কোটিপতি

By

Published : Dec 7, 2022, 5:37 PM IST

জাপানৰ কোটিপতি ব্যৱসায়ী ইউছাকু মায়েজাৱাৰৰ এক টুইটে মহাকাশ উদ্যোগত আলোড়নৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ তেওঁ মহাকাশ কোম্পানী স্পেচএক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ সৈতে বৈঠকত মিলিত হৈছিল । য'ত তেওঁলোকে মহাকাশৰ সৈতে জড়িত কিছুমান ডাঙৰ পৰিকল্পনাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে । সবিশেষ পঢ়ক...

After meeting with Elon Musk now this Japanese billionaire will enter space
ইলন মাস্কৰ সৈতে সাক্ষাৎকাৰৰ পিছত এতিয়া মহাকাশত প্ৰৱেশৰ দিশে এইগৰাকী জাপানী কোটিপতি

SpaceX Owner Elon Musk:জাপানৰ কোটিপতি ব্যৱসায়ী ইউছাকু মায়েজাৱাৰৰ এক টুইটে মহাকাশ উদ্যোগত আলোড়নৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ তেওঁ মহাকাশ কোম্পানী স্পেচএক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ সৈতে বৈঠকত মিলিত হৈছিল ।

ইউছাকুৱে টুইটাৰত কয় যে, তেওঁ অতি শীঘ্ৰে মহাকাশৰ সৈতে জড়িত এক “বৃহৎ ঘোষণা” কৰাৰ পৰিকল্পনা কৰিছে । অনলাইন ফেশ্বন চাইট Zozoৰ প্ৰতিষ্ঠাপক মাইজাৱাই ইলন মাস্কৰ সৈতে হোৱা ভিডিঅ’ সাখ্যাতকাৰৰ পিছত এই স্পেচৰ বিষয়ে টুইট কৰে । ইউছাকুৱেও বিগত বছৰ মহাকাশ ভ্ৰমণ কৰিছিল ।

যোৱা বছৰৰ ডিচেম্বৰ মাহত ইউছাকু মায়েজাৱাই Soyuz মহাকাশযানৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)লৈ পৰ্যটন ভ্ৰমণ সম্পূৰ্ণ কৰিছিল । এতিয়া তেওঁৰ পৰৱৰ্তী পৰিকল্পনা ২০২৩ চনত ইলন মাস্কৰ ৰকেট আৰু চেটেলাইট কোম্পানী স্পেচএক্সৰ সৈতে চন্দ্ৰলৈ যোৱা । ৪৭ বছৰীয়া ব্যৱসায়ীজনে টুইটযোগে মাস্কৰ সৈতে অনলাইন মিটিং হোৱা বুলি প্ৰকাশ কৰে । এতিয়া তেওঁলোকে মহাকাশৰ সৈতে জড়িত কিছুমান ডাঙৰ পৰিকল্পনা কৰি আছে ।

৮ ডিচেম্বৰত ঘোষণা কৰা হ'ব

ইউছাকু মায়েজাৱাই টুইটাৰত কয় যে, তেওঁ ৮ ডিচেম্বৰত মহাকাশৰ সৈতে জড়িত এটা ডাঙৰ ঘোষণা কৰিব পাৰে । এইবাৰ তেওঁৰ মহাকাশ যাত্ৰাও এবছৰ সম্পূৰ্ণ হৈছে । ইয়াৰ পিছত এইটো হ’ব দ্বিতীয়টো ডাঙৰ ঘোষণা । উল্লেখ্য যে, যে মহাকাশৰ প্ৰতি উৎসাহেৰে ভৰা ইউছাকুৱে স্পেচএক্সৰ মুন মিছনৰ বাবে প্ৰথম ব্যক্তিগত যাত্ৰী হ’ব পাৰে । স্পেচএক্সৰ মুন মিছন ২০২৩ চনত আৰম্ভ হ’ব, যিটো এসপ্তাহৰ বাবে চলিব ।

টুইট কৰাৰ লগে লগে বৃদ্ধি পালে শ্বেয়াৰ

জাপানৰ বিখ্যাত উদ্যোগপতি ইউছাকু মায়েজাৱাই(Yusaku Maezawa a famous Japanese industrialist) অনলাইন ফেশ্বন খুচুৰা বিক্ৰেতা ছাইট জোজোৰ সৈতে এই ব্যৱসায় আৰম্ভ কৰিছিল । ইয়াক চফ্টবেংক গ্ৰুপ কৰ্পৰেশ্যনৰ ইণ্টাৰনেট ব্যৱসায়ীয়ে ক্ৰয় কৰিছিল । মায়েজাৱাই টুইট কৰাৰ ঠিক পিছতেই ১১.৭ শতাংশ বৃদ্ধিৰে ইনক্লুছিভ কোম্পানীটোৰ শ্বেয়াৰ ১১৭১ য়েন (প্ৰায় ৭০২ টকা)ত বন্ধ হয় । এই কোম্পানীয়ে উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰি মহাকাশ সম্পৰ্কীয় ব্যৱসায় প্ৰদান কৰে ।

ইফালে, আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছেও ধনী ব্যক্তিত্বক মহাকাশ ভ্ৰমণৰ বাবে লৈ যোৱাৰ বাবে ব্লু অৰিজিন নামেৰে এটা কোম্পানী আৰম্ভ কৰিছে । মহাকাশ উদ্যোগত ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ বেজোছৰ ব্লু অৰিজিনে পৰৱৰ্তী প্ৰজন্মৰ ৰকেট নিৰ্মাণকে ধৰি অন্যান্য সেৱা আগবঢ়ায় ।

লগতে পঢ়ক:Elon Musk: এলন মাস্কে কিয় ক’লে আত্মহত্যাৰ কথা, এইটো আছিল ইয়াৰ আঁৰৰ কাৰণ

ABOUT THE AUTHOR

...view details