অসম

assam

মহানগৰীত নিজ বাসগৃহত এজন লোকৰ আত্মহত্যা

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:40 PM IST

মহানগৰীত নিজ বাসগৃহত এজন লোকৰ আত্মহত্যা

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ বৰবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । নিজ ঘৰৰ এটা কোঠাত চিপ লৈ আত্মহত্যা এজন লোকৰ । মৃত লোকজন বৰবাৰীৰ শংকৰ নগৰৰ প্ৰফুল্ল শইকীয়া বুলি জানিব পৰা গৈছে । অসম সচিবালয়ৰ সমবায় বিভাগত ছেকশ্যন অফিচাৰ হিচাপে কৰ্মৰত আছিল লোকজন। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল লোকজন । অৱশ্য়ে এতিয়ালৈ লোকজনৰ আত্মহত্যাৰ কাৰণ জানিবলৈ পৰা হোৱা নাই । মৃত লোকজনে শংকৰনগৰৰ গৃহ নং ৩০২ নম্বৰত বাসগৃহটোত অকলেই বাস কৰি আছিল।

তেওঁৰ পত্নী আৰু পুত্ৰ কৰ্মসূত্ৰে শোণিতপুৰত থাকে । অলপতে লোকজনৰ হাত এখন ভাঙি যোৱাৰ পিচতেই প্ৰফুল্ল শইকীয়া মানসিকভাৱে ভাঙি পৰিছিল । বুধবাৰে দিনৰ ভাগত ওচৰ-চুবুৰীয়াই শইকীয়াক দেখা পাইছিল যদিও বৃহস্পতিবাৰে পুৱা দেখা নোপোৱাত বিচাৰ-খোচাৰ কৰে ৷ অৱশেষত ওচৰৰে এজন লোকে ঘৰৰ খিৰীকিৰে জুমি চাই প্ৰফুল্ল শইকীয়াৰ মৃতদেহটো ওলমি থকা দেখা পাই লগে লগে দিছপুৰ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পাৰিবাৰিক কন্দলৰ পৰিণতিত লোকজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে ৷

লগতে পঢ়ক: পত্নী হত্যাকাৰী স্বামীক যাৱজ্জীৱন কাৰাদণ্ড

ABOUT THE AUTHOR

...view details