ETV Bharat / state

পত্নী হত্যাকাৰী স্বামীক যাৱজ্জীৱন কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:40 PM IST

Life imprisonment: পত্নীক হত্যা কৰাৰ অপৰাধত স্বামীক যাৱজ্জীৱন কাৰাদণ্ড । বুধবাৰে ত্ৰিপুৰা পশ্চিম অতিৰিক্ত জিলা আৰু অধিৱেশন আদালতৰ ন্যায়াধীশ সুনীল কুমাৰ সিঙে দোষীৰ যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰে ।

Man sentenced to life imprisonment for killing wife in tripura
স্বামীক যাৱজ্জীৱন কাৰাদণ্ড
স্বামীক যাৱজ্জীৱন কাৰাদণ্ড

কৰিমগঞ্জ, 7 ফেব্ৰুৱাৰী : এক গুৰুত্বপূৰ্ণ ৰায়দান ৷ পত্নীক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হ’ল পতি ৷ আদালতে ঘোষণা কৰিলে যাৱজ্জীৱন কাৰাদণ্ড ৷ মাতৃ হত্যাকাৰী পিতৃৰ শাস্তিত সুখী পুত্ৰ ৷ লগতে সুখী আত্মীয়ও । ঘটনাটো 2020 চনৰ ৷ 2020 চনৰ 4 মে’ত ৰাজধানী আগৰতলাৰ এডি নগৰ থানা এলেকাৰ এটা ঘৰত আদবয়সীয়া গৃহিণী অনিমা চক্ৰৱৰ্তীক হত্যা কৰা হৈছিল ।

ঘটনাৰ সময়ত অনিমা চক্ৰৱৰ্তী আৰু তেওঁৰ স্বামী গৌতম চক্ৰৱৰ্তী ঘৰত আছিল । তেওঁলোকৰ পুত্ৰসন্তান নয়ন চক্ৰৱৰ্তী সেইদিনা ঘৰৰ পৰা ওলাই গৈছিল । পিছদিনা অৰ্থাৎ ৯ মে’ত নয়নে ঘৰলৈ উভতি আহি মাকৰ মৃতদেহটো পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিলে । ঘটনা সন্দৰ্ভত লগে লগে এডি নগৰ থানাত খবৰ দিয়ে পুত্ৰই ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গলৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে এই হত্যাকাণ্ডৰ গোচৰৰ তদন্ত আৰম্ভ কৰে । সমগ্ৰ ঘটনাৰ আঁৰত অনিমাৰ স্বামী গৌতম চক্ৰৱৰ্তী জড়ি থকাৰ কথা তদন্তকাৰী আৰক্ষী বিষয়াই সকলো প্ৰমাণসহ বিচাৰি পায় । এডি নগৰ থানাৰ 36/2020 নম্বৰৰ গোচৰৰ তদন্তৰ দায়িত্বত আছিল এছ আই ৰমেন্দ্ৰ দেৱবৰ্মা । তেওঁ গোচৰৰ তদন্ত আৰম্ভ কৰিলে যদিও পিচত এছ আই কিৰণ শংকৰ চৌধুৰীক তদন্তৰ দায়িত্ব দিয়া হয় ।

তদন্তৰ অন্তত আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । আদালতত ১৮ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হয় । অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ফাষ্ট ট্ৰেক আদালতত গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয় । মঙলবাৰে ন্যায়াধীশ সুনীল কুমাৰ সিঙৰ আদালত কক্ষত গৌতম চক্ৰৱৰ্তীক দোষী সাব্যস্ত কৰা হয় । মঙলবাৰে ন্যায়াধীশে সকলো প্ৰমাণৰ ভিত্তিত গৌতম চক্ৰৱৰ্তীক দোষী সাব্যস্ত কৰে ।

বুধবাৰে ন্যায়াধীশে যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰে । তদুপৰি ১০ হাজাৰ টকাৰ আৰ্থিক জৰিমনাও ঘোষণা কৰা হয় । ১০ হাজাৰ টকা পৰিশোধ কৰিব নোৱাৰিলে অতিৰিক্ত ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে ন্যায়াধীশগৰাকীয়ে । চৰকাৰৰ হৈ এই মন্তব্য দিয়ে অধিবক্তা অৰবিন্দ দেৱে । ইফালে তেওঁলোকৰ পুত্ৰ নয়ন চক্ৰৱৰ্তীয়ে মাতৃৰ হত্যাকাৰী পিতৃয়ে শাস্তি পোৱাত সন্তুষ্টি প্ৰকাশ কৰি এই ৰায়দানৰ বাবে আৰক্ষী আৰু অধিবক্তাৰ লগতে ন্যায়াধীশক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : হত্যাৰ প্ৰায় পোন্ধৰ বছৰৰ পিচত ন্যায় পালে মজেৰ আলীৰ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.