হত্যাৰ প্ৰায় পোন্ধৰ বছৰৰ পিচত ন্যায় পালে মজেৰ আলীৰ পৰিয়ালে

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 4:52 PM IST

thumbnail

বিলাসীপাৰা, 30 জানুৱাৰী : বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান । 2009 চনৰ লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত 9 জনক যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে ৷ সুদীৰ্ঘ 15 বছৰৰ পিচত ন্যায় পালে হত্যাৰ বলি হোৱা মজেৰ আলীৰ পৰিয়ালে ।

ঘটনাৰ বিৱৰণী অনুসৰি, বিলাসীপাৰা মহকুমাৰ টোকৰাবান্ধা লটেয়া গাঁৱত 2009 চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । গাঁওখনৰ মজেৰ আলী নামৰ ব্যক্তিজনক এদল উদণ্ড দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰিছিল । ঘটনা সন্দৰ্ভত মজেৰ আলীৰ পৰিয়ালৰ লোকে চাপৰ থানাত ৫২/২০০৯ নম্বৰত গোচৰ ৰুজু কৰিছিল । বিলাসীপাৰা মহকুমা আদালতত ছেশ্যন কেচ নম্বৰ ৬৬/১৬ মতে ন্যায়াধীশে শুনানী গ্ৰহণ কৰি মঙলবাৰে চূড়ান্ত ৰায়দান কৰে ।

বিলাসীপাৰাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে উক্ত হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত ক্ৰমে- মজিবৰ ৰহমান, আজিবৰ ৰহমান, নুৰতাজ আলী, কছেৰ আলী, জামাল উদ্দিন, জাহান উদ্দিন, আজাদ আলী, ওচমান আলী আৰু অছিমুদ্দিনক দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 147/148/149/323/325/326/302 আই পি চি ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে । এই ৰায়দানৰ পিচতে সুদীৰ্ঘ ১৫ বছৰৰ পিচত ন্যায় পোৱা মজেৰ আলীৰ দুৰ্ভগীয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় ন্যায় ব্যৱস্থাক ধন্যবাদ দিয়ে ৷

লগতে পঢ়ক : বিলাসীপাৰাত চোৰাঙভাৱে সৰবৰাহ কৰা 60 বস্তা চাউল জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.