অসম

assam

খানাপাৰাৰ হিট এণ্ড ৰাণৰ ঘটনাত মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয় জড়িত; অভিযোগ ৰাইজৰ দলৰ

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 7:48 PM IST

Raijor Dol on Hit and Run : ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাই কয় যে এনে ঘটনা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও লখিমপুৰ আৰু গুৱাহাটীত দুটাকৈ দুৰ্ঘটনা সংঘটিত কৰিছিল মুখ্যমন্ত্ৰীৰ কনভয়ে । আনহাতে, বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ গাড়ীয়েও দুৰ্ঘটনা সংঘটিত কৰিছিল ।

খানাপাৰাৰ হিট এণ্ড ৰাণৰ ঘটনাত মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয় জড়িতৰ অভিযোগ ৰাইজৰ দলৰ
খানাপাৰাৰ হিট এণ্ড ৰাণৰ ঘটনাত মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয় জড়িতৰ অভিযোগ ৰাইজৰ দলৰ

খানাপাৰাৰ হিট এণ্ড ৰাণৰ ঘটনাত মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয় জড়িতৰ অভিযোগ ৰাইজৰ দলৰ

গুৱাহাটী, ৬ মাৰ্চ :মন্ত্ৰী পীযুষ হাজৰীকা তথা তেওঁৰ কনভয়ৰ ওপৰত এক গুৰুতৰ অভিযোগ আনিছে ৰাইজৰ দলে । পীযুষ হাজৰীকাৰ কনভয়ৰ খুন্দাত যুৱক নিহত হোৱাৰ অভিযোগ ৰাইজৰ দলৰ ।

উল্লেখ্য যে মহানগৰীৰ খানাপাৰাত কেইদিনমান পূৰ্বে মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ খুন্দাত ৰূপম বৰা নামৰ এজন যুৱকৰ মৃত্যু হৈছিল । কিন্তু চৰকাৰী পক্ষৰ হেঁচাত এই হিট এণ্ড ৰাণৰ ঘটনাক সম্পূৰ্ণৰূপে গাপ দিবলৈ চেষ্টা কৰাৰ চেষ্টা কৰা হৈছে । এই অভিযোগ ৰাইজৰ দলৰ নেতৃবৃন্দৰ । এই সন্দৰ্ভত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ নেতৃবৃন্দই এই ঘটনাৰ লগত মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয় জড়িত থকাৰ অভিযোগ তোলে ।

সংবাদ মাধ্যমৰ আগত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাই কয় যে এনে ঘটনা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও লখিমপুৰ আৰু গুৱাহাটীত দুটাকৈ দুৰ্ঘটনা সংঘটিত কৰিছিল মুখ্যমন্ত্ৰীৰ কনভয়ে । আনহাতে, বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ গাড়ীয়েও দুৰ্ঘটনা সংঘটিত কৰিছিল । ইয়াৰ উপৰি কেইদিনমান পূৰ্বে একেগৰাকী বিধায়কৰ গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত হয় ৭ জনকৈ যুৱক ।

লগতে মন্ত্ৰী অতুল বৰা আৰু কেইবাজনো নেতাৰ কনভয় তথা গাড়ীৰ খুন্দাত এনে ধৰণৰ কেইবাটাও ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে ৰাইজৰ দলে । এই 'হিট এণ্ড ৰাণ'ৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি তেওঁ প্ৰশ্ন কৰে যে মন্ত্ৰী-বিধায়কৰ বাবে যান-বাহন আৰক্ষীৰ আইন নাই নেকি ? ভিআইপি ভিভিআইপিৰ বাবে এই সংস্কৃতি কিয় বুলিও তেওঁ আৰক্ষীক প্ৰশ্ন কৰে ।

এইক্ষেত্ৰত 'হিট এণ্ড ৰাণ' আইনখন মন্ত্ৰী-বিধায়কৰ বাবেও প্ৰযোজ‌্য হ'ব লাগে বুলি উল্লেখ কৰি ৰাইজৰ দলৰ নেতাগৰাকীয়ে মন্ত্ৰী-বিধায়কৰ কাৰণে যদি আইনৰ এই হাতখন খোলা থাকে, তেন্তে জনসাধাৰণৰ বাবে কঠোৰ আইন কিয় বুলি চাৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে । আনহাতে, বীমা উকলি যোৱা বিধায়ক ভাস্কৰ শৰ্মাৰ গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰাৰ পিচতো আজিলৈকে তাৰ তদন্ত কিয় নহ'ল বুলিও প্ৰশ্ন কৰে ৰাইজৰ দলৰ নেতৃত্বই ।

লগতে পঢ়ক :কংগ্ৰেছী নেতাক হাৰাশাস্তি কৰিব বিচাৰিছে চৰকাৰে: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details