অসম

assam

সৰ্ববৃহৎ অবৈধ সুৰাৰ কাৰখানা গোচৰ সন্দৰ্ভত নতুন তথ্য - Illegal liquor factory

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 10:10 PM IST

Illegal liquor factory: গোলাঘাটৰ বেঙেনাখোৱাৰ মৌজাদাৰ তিনিআলিত বিগত ৯ এপ্ৰিলত উৎখাত হোৱা উজনিৰ সৰ্ববৃহৎ অবৈধ সুৰাৰ কাৰখানা গোচৰ সন্দৰ্ভত ওলাইছে ন-ন তথ্য । এইবাৰ ফাদিল হ'ল নকল সুৰা প্ৰস্তুতত ব্যৱহৃত স্পিৰিট আৰু হ'লমাৰ্ক চক্ৰ । গোচৰটোৰ সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ ।

New facts about the largest illegal liquor factory case Golaghat
সৰ্ববৃহৎ অবৈধ সুৰাৰ কাৰখানা গোচৰ সন্দৰ্ভত নতুন তথ্য

সৰ্ববৃহৎ অবৈধ সুৰাৰ কাৰখানা গোচৰ সন্দৰ্ভত নতুন তথ্য

গোলাঘাট,২৪ এপ্ৰিল:গোলাঘাটৰ বেঙেনাখোৱাৰ মৌজাদাৰ তিনিআলিত বিগত ৯ এপ্ৰিলত উৎখাত হোৱা উজনিৰ সৰ্ববৃহৎ অবৈধ সুৰাৰ কাৰখানা গোচৰ সন্দৰ্ভত ওলাইছে ন-ন তথ্য । এইবাৰ ফাদিল হ'ল নকল সুৰা প্ৰস্তুতত ব্যৱহৃত স্পিৰিট আৰু হ'লমাৰ্ক চক্ৰ । বকোৰ পৰা স্পিৰিট কঢ়িওৱা টেংকাৰ আৰু গোলাঘাটৰ ঢেকীয়ালত থকা চিফাৰুহ ইণ্ডাষ্টিজৰ পৰা চোৰাংকৈ আমদানি কৰা হ'লমাৰ্ক চক্ৰ ফাদিল ।

চিফাৰুহ ইণ্ডাষ্টিজৰ অন্যতম অংশীদাৰ পাৰ্থজিৎ শ‌ইকীয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । উদ্যোগটোৰ মুঠ ১ লাখ হ'লমাৰ্কৰ পৰা ৪০ হাজাৰ হ'লমাৰ্কৰ নাছিল হিচাপ । যাৰ পম খেদি ঘটনা সন্দৰ্ভত এই সফলতা লাভ কৰে গোলাঘাট আৰক্ষীৰ । উল্লেখ্য যে ৯ এপ্ৰিলত গোলাঘাটৰ বেঙেনাখোৱাত এটা অবৈধ বিলাতী সুৰাৰ ফেক্টৰী উৎখাত কৰিছিল আৰক্ষীয়ে ।

ফেক্টৰীটোৰ পৰা আৰক্ষীয়ে ২০০০ ৰো অধিক সুৰাৰ বটল জব্দ কৰা আৰু ৪ জনক আটকো কৰিছিল । সুৰাসহ সুৰা প্ৰস্তুতকাৰী বহু সামগ্ৰীও জব্দ কৰিছিল আৰক্ষীয়ে । পুৰণা আমোলাপট্টিত থকা এটা বজাৰৰ সামগ্ৰী থোৱা গুদামত অভিযান চলায় । অভিযানত অবৈধভাৱে সুৰা প্ৰস্তুত কৰা ফেক্টৰী আৰু বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

ফেক্টৰীৰ লগত জড়িত ৪ জন লোককো আৰক্ষীয়ে আটক কৰে । ধৃত লোককেইজন ক্ৰমে ৰিমন সন্দিকৈ, ইয়াজুল আলী, অমৃতাভ চন্দ্ৰ আৰু মনোজ নাথ বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ উক্ত অবৈধ সুৰা প্ৰস্তুত কৰা ফেক্টৰীৰ লগত আৰু কোন কোন লোক জড়িত হৈ আছে আৰক্ষীয়ে তাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল আৰক্ষীয়ে । তদন্ত প্ৰক্ৰিয়াত স্পিৰিট সৰহবৰাহ কৰা PB 11BU 1902 নম্বৰৰ এখন টেংকাৰ চালকসহ বকোৰ পৰা পৰা জব্দ কৰাৰ লগতে বুধবাৰে গোলাঘাটৰ হালোৱা গাঁৱৰ পৰা চিফাৰুহ ইণ্ডাষ্টিজৰ অন্যতম অংশীদাৰ পাৰ্থজিৎ শ‌ইকীয়াক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীয়ে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে পাৰ্থজিৎ শইকীয়াই চিফাৰুহ ইণ্ডাষ্টিজৰ পৰা কৌশলৰে হ'লমাৰ্কসমূহ অতি কৌশলেৰে গোলাঘাটৰ ইছলাপট্টিৰ জিয়াৰোল ইছলামক যোগান ধৰিছিল । উক্ত অবৈধ সুৰা প্ৰস্তুত কৰা ফেক্টৰীৰ লগত জড়িত কেইবাজনো লোক এতিয়াও পলাতক অৱস্থাত আছে বুলি এক সুত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক:অবৈধ ফেক্টৰীত অভিযান, সুৰাসহ ৪ জনক আটক - Illegal Liquor Factory

ABOUT THE AUTHOR

...view details