অসম

assam

ৰাজহুৱা মঞ্চত ক্ষমা বিচাৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই - Minister Pijush Hazarika in Titabor

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 2:23 PM IST

Minister Pijush Hazarika apologized : ৰাজ্যৰ সৰ্বত্ৰে চৰ্চাৰ বিষয়- কিয় সাংবাদিকৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ?

Minister Pijush Hazarika publicly apologized to journalists in Titabor
ৰাজহুৱা মঞ্চত ক্ষমা বিচাৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই

ৰাজহুৱা মঞ্চত ক্ষমা বিচাৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই

যোৰহাট, 24 মাৰ্চ : অৱশেষত সাংবাদিকৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে প্ৰৱল প্ৰতাপী মন্ত্ৰী পীযুষ হাজৰিকাই । তিতাবৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঞ্চৰ পৰাই তিতাবৰৰ সাংবাদিকসকলক ক্ষমা খুজিলে মন্ত্ৰী পীযুষ হাজৰীকাই ।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে তিতাবৰত অনুষ্ঠিত বিজেপিৰ এক দলীয় সভাত তিতাবৰৰ সাংবাদিকসকলক মন্ত্রী পীযুষ হাজৰীকাই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । শনিবাৰে তিতাবৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ ৰণডংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঞ্চৰ পৰাই জিলাখনৰ সাংবাদিকসকলৰ সৈতে উক্ত দিনা হোৱা ভুল বুজাবুজিৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

উল্লেখ কৰা প্ৰয়োজন যে, তিতাবৰত অনুষ্ঠিত বিজেপিৰ দলীয় সভাখনত সাংবাদিকসকলক বাতৰি সংগ্ৰহৰ বাবে তিতাবৰত অনুষ্ঠিত দলীয় সভালৈ জিলা বিজেপিয়ে নিমন্ত্ৰণ কৰিছিল আৰু নিমন্ত্ৰণ ৰক্ষা কৰি বাতৰি সংগ্ৰহৰ বাবে উক্ত সভাত উপস্থিত হৈছিল সাংবাদিকসকল । উক্ত সভাখনত অংশগ্ৰহণ কৰি ভিডিঅ’ সংগ্ৰহ কৰি থকা সময়ত সাংবাদিকসকলক বিজেপিৰ দলীয় সভাখনৰ পৰা আঁতৰি যাবলৈ মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্দেশ দিছিল ।

মন্ত্ৰীৰ এই নিৰ্দেশত অপমানিত আৰু লজ্জিত হৈ সাংবাদিকসকলে উক্ত ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু মন্ত্ৰী পীযুষ হাজৰিকাই ক্ষমা নোখোজা পৰ্যন্ত বিজেপি সভা বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সাংবাদিকসকলে ।

শনিবাৰে অৱশেষত মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজহুৱাকৈ ক্ষমা খোজাৰ লগে লগে মন্ত্ৰী-সাংবাদিকৰ মাজৰ বিবাদৰ অন্ত পৰিল বুলি আশা কৰা হৈছে । বহু দিনৰ পিছত হ’লেও মন্ত্ৰী পীযুষ হাজৰীকাই ক্ষমা খোজা ঘটনাই এতিয়া চৌদিশে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :সাংবাদিকক চৰম অপমান পীযুষ হাজৰীকাৰ: বিজেপিৰ সকলো কাৰ্যসূচী বৰ্জন সাংবাদিক সমাজৰ

ABOUT THE AUTHOR

...view details