অসম

assam

মই জীয়াই থকালৈকে অসমত বাল্য বিবাহ হ’বলৈ নিদিও: মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 2:05 PM IST

Updated : Feb 26, 2024, 3:18 PM IST

CM on child marriage : “ মই আপোনালোক সকলোকে ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাব বিচাৰো যে ২০২৬ চনৰ আগতে বাল্যবিবাহৰ দোকান আৰু ব্যৱসায় মই বন্ধ কৰি দিম ৷ মই অসমত বাল্য বিবাহ হ’বলৈ নিদিও আৰু যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকিব অসমত এয়া নহ’ব ৷” এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Assam CM Himanta Biswa Sarma on child marriage
“হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে অসমত বাল্য বিবাহ হ’বলৈ নিদিও”- মুখ্যমন্ত্ৰী

“হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে অসমত বাল্য বিবাহ হ’বলৈ নিদিও”- মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : 'হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে আমি অসমত বাল্য বিবাহৰ অনুমতি নিদিওঁ ৷'- চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সোমবাৰে শেষৰ দিনা বিধানসভাৰ মজিয়াত অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন (১৯৩৫) কেবিনেটত সিদ্ধান্তক খাৰিজ কৰা প্ৰসংগত বিৰোধীক হুংকাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

আজি মুছলিম বিবাহ সম্পৰ্কীয় আইনখন খাৰিজ কৰা প্ৰসংগত বিৰোধী এআইউডিএফ আৰু কংগ্ৰেছ দলে সদনত প্ৰশ্ন উত্থাপন কৰে । আনকি দুয়োটা দলে পৰৱৰ্তী সময়ত সদন ত্যাগো কৰে ৷ এআইইউডিএফ দলে বিধানসভা চৌহদত থকা মহাত্মা গান্ধীৰ মূৰ্তিৰ তলত অৱস্থান গ্ৰহণ কৰি প্ৰতিবাদো সাব্যস্ত কৰে ।

তাৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এআইইউডিএফয়ে বাল্যবিবাহ ব্যৱস্থাক সমৰ্থন কৰা আৰু সামাজিক অসমতা ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক বিৰোধিতা কৰা বুলি মন্তব্য কৰি সদনত বিৰোধীৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এ আই ইউ ডি এফ, কংগ্ৰেছকে ধৰি বিৰোধীক বাল্য বিবাহৰ নামত কণমানি ছোৱালী আৰু ল’ৰাক বিয়া কৰাই দিয়াৰ যিখন দোকান আৰু ব্যৱসায় চলাই থকা হৈছে সেয়া বন্ধ কৰি দিয়া হ’ব বুলি সকীয়াই দিয়ে ।

লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদনত যুদ্ধংদেহী হৈ হিন্দী ভাষাত নিজৰ বক্তব্যৰ মাজতে কয় যে তেওঁ জীয়াই থকালৈকে অসম ৰাজ্যত বাল্যবিবাহৰ ব্যৱসায় কেতিয়াও হ’বলৈ নিদিয়ে । সদনত এই বাতিল কৰা আইনখন প্ৰসংগত মুখ্যমন্ত্ৰী জনে কয় — “এই আইনখন কিয় আমি বাতিল কৰিবলৈ ওলাইছো ? এই আইনখনত ৫/৬বছৰীয়া ল’ৰা-ছোৱালীকো বিয়া ৰেজিষ্টাৰ কৰিবলৈ দিয়া প্ৰ’ভিজন আছে ৷”

“আপোনালোকে শুনি লওক ৷ হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে আমি অসমত বাল্য বিবাহৰ অনুমতি নিদিওঁ ৷” এই মন্তব্য কৰি বাল্যবিবাহ আৰু খাৰিজ কৰিবলৈ লোৱা মুছলমান বিবাহ আইনখনৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত লগতে কয়—“ মই আপোনালোক সকলোকে ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাব বিচাৰো যে ২০২৬ চনৰ আগতে বাল্যবিবাহৰ দোকান আৰু ব্যৱসায় মই বন্ধ কৰি দিম ৷”

"আপোনালোকে শিশুসকলৰ কথা ভাবি চাওক, মই ৫-৬ বছৰীয়া ছোৱালীক বিয়া হ'বলৈ নিদিওঁ । মই জীয়াই থকাৰ সময়লৈকে অসমত বাল্য বিবাহ হ'বলৈ নিদিওঁ ৷" বাৰম্বাৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সদনত উচ্চ স্বৰত এই কথা ঘোষণা কৰে ।

আনহাতে এই বিতৰ্কৰ সময়চোৱাত সদনত বিৰোধীৰ মাইক্ৰ’ফোন বাৰে বাৰে বন্ধ কৰি দি মুখ্যমন্ত্ৰীগৰাকীয়ে একনায়কত্ববাদ চলোৱাৰ অভিযোগ তোলে বিৰোধীয়ে ।

বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়— “মাইক স্থায়ীভাৱে বন্ধ হৈ যাব ৷”

তেতিয়া মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি বিৰোধীয়ে দাবী কৰে- “ ডিক্টেটৰশ্বিপ নচলিব ৷”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বাৰ প্ৰত্যুত্তৰ—“ডিক্টেটৰশ্বিপ চলিব । ... এইয়া এআইউডিএফ আৰু শুনি থওক মই অসমত বাল্য বিবাহ হ’বলৈ নিদিও আৰু যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকিব অসমত এয়া নহ’ব ৷”

লগতে পঢ়ক:অসমত ১৪খন আসন বুজাবুজিৰ দিশত অগ্ৰসৰ ১৫টা বিৰোধী ৰাজনৈতিক দল

Last Updated :Feb 26, 2024, 3:18 PM IST

ABOUT THE AUTHOR

...view details