গুৱাহাটী, ১৬ এপ্ৰিল:সমগ্ৰ ৰাজ্যজুৰি এতিয়া বিহুক লৈ আনন্দৰ উচাহ চলি থকাৰ মাজতে বিহুমঞ্চত অপমানিত হ'ল এগৰাকী কণ্ঠশিল্পী । হাজোৰ এখন বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজত সমিতিৰ বিষয়ববীয়াই কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ লগতে তেওঁৰ সহ কণ্ঠশিল্পী, বাদ্যযন্ত্ৰীক অপমান কৰাৰ অভিযোগ উঠিছে । বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতি নি অসভ্যলিৰ চূড়ান্ত সীমা অতিক্ৰম কৰিলে হাজো অভয়পুৰ, গেৰুৱা অঞ্চলৰ বিহু সমিতিৰ একাংশ সুৰাপায়ী বিষয়ববীয়াই । এই ভিডঅ'টো এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত।
সুৰাপান কৰি মঞ্চতে শিল্পীক অপমান বিহু সমিতিৰ । পহিলা ব'হাগৰ দিনা সংঘটিত হৈছে এই ঘটনা । এই সমগ্ৰ ঘটনা সন্দৰ্ভত আজি ফেচবুক লাইভ যোগে স্পষ্টীকৰণ দিয়ে কণ্ঠশিল্পীগৰাকীয়ে । এই সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে কয়," পহিলা ব'হাগৰ দিনা হাজোৰ অভয়পুৰ, গেৰুৱা অঞ্চলত খুৱ সুন্দৰকৈ অনুষ্ঠান পৰিৱেশন হয় । এই অনুষ্ঠান পৰিৱেশন হৈ থকাৰ মাজতে তাৰেই কেইগৰাকীমান মানুহে সুৰাপান কৰি আহি বাৰে বাৰে মোৰ লগতে বাদ্যযন্ত্ৰী সকলৰ কাণত এইটো গীত লাগে সেইটো গীত লাগে বুলি কয় । আমিও যিমান পাৰোঁ চেষ্টা কৰি গৈছিলোঁ তেওঁলোকৰ অনুৰোধ অনুসৰি গীত সমূহ গায় যাবলৈ।''