ETV Bharat / state

বাঁহ বজাই হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱা - HAIDANG HUSORI

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 8:21 PM IST

Haidang Husori
সোণোৱাল কছাৰীৰ বিহু

Haidang Husori :ৰাজ্যৰ চৌদিশে শুনিবলৈ পোৱা গৈছে কেৱল ঢোল-পেঁপাৰ মাত ৷ বাদ পৰি ৰোৱা নাই সোণোৱাল কছাৰীৰ বিহুৱাসকল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ হাইদাং হুঁচৰি গোৱাত মগ্ন জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল ৷

সোণোৱাল কছাৰীৰ বিহু

জোনাই, ১৫ এপ্ৰিল : ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী বিহুৰ উচাহৰ ঢল ৷ ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যৰ ভিন্ন জাতি-জনগোষ্ঠী ৷ অসমৰ বিভিন্ন জনগোষ্ঠীসকলেও নিজা পৰম্পৰাৰে পালন কৰিছে হেঁপাহৰ বিহুটি ৷ বিহুৰ আনন্দত সমানেই মতলীয়া সোণোৱাল কছাৰীসকল ৷ জোনাইৰ সোণোৱাল কছাৰীসকলে অতি উলহ-মালহেৰে হাইদাং হুঁচৰি গাই উদযাপন কৰিছে বিহুটি ৷ ধেমাজি জিলাৰ জোনাইৰ মেদেলা গাঁৱতো এতিয়া মাথো পৰিলক্ষিত হৈছে জাক জাক হাইদাং হুঁচৰিৰ দল ৷

জোনাইত সোণোৱাল কছাৰী জনগোষ্ঠীৰ হাইদাং হুঁচৰিত বুঢ়া-মেথা,যুৱকৰ পৰা শিশুলৈ প্ৰতিজনে হাতে হাতে এডাল বাঁহৰ লাঠী লৈ বাঁহত বজাই বজাই হুঁচৰি গাই মতলীয়া হৈছে । জোনাইৰ মেদেলা গাঁৱৰ সোণোৱাল কছাৰী ৰাইজে ৰঙালী বিহুৰ প্ৰথম দিনাই গাঁৱৰ হৰি নামঘৰত সেৱা জনাই আৰম্ভ কৰে হাইদাং হুঁচৰি ৷ নামঘৰৰ প্ৰাংগনত পৰম্পৰা অনুসৰি বাঁহ এডাল ৰাখি বুঢ়া-মেথা,যুৱকৰ পৰা শিশুলৈ প্ৰতিজনে হাতে হাতে এডাল বাঁহৰ লাঠি লৈ বাঁহত বজাই বজাই হাইদাং হুঁচৰি গাই ৰং-ৰহইছ কৰে ৷

সমান্তৰালভাৱে জোনাইৰ বলাইপাম গাঁৱৰ সোণোৱাল কছাৰীসকলে গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে একেলগ হৈ মাৰিছে হাইদাং হুঁচৰি ৷ ইফালে, হুঁচৰিৰ অন্তত বিহুৱা ডেকা- বয়োজ্যেষ্ঠ সকলক গৃহস্থই মংগল কামনা কৰি আগবঢ়ায় শৰাই ৷ তাৰ পাচতে হাইদাং হুঁচৰিৰ বিহুৱা দলেও গৃহস্থৰ সুখ-শান্তি তথা সমৃদ্ধি কামনাৰে পাৰে মানে দিয়ে আশীৰ্বাদ ৷ মেদেলা আৰু বলাইপাম গাঁৱৰ হাইদাং হুঁচৰি দলত অংশগ্ৰহণ কৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য বিজয় শইকীয়াই ৷ কেৱল জোনাইতে নহয়, অসমৰ প্ৰত্যেক ঘৰৰ চোতালত এতিয়া দেখিবলৈ পোৱা গৈছে এই দৃশ্য ৷

লগতে পঢ়ক:ঢোলৰ ছেৱত কাজিৰঙাত কঁকাল ভাঙিলে জাৰ্মানীৰ পৰ্যটকে - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.