ETV Bharat / state

ঢোলৰ ছেৱত কাজিৰঙাত কঁকাল ভাঙিলে জাৰ্মানীৰ পৰ্যটকে - Rongali bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 5:20 PM IST

Rongali bihu celebrated in Assam
ৰাজ্যজুৰি ৰঙালীৰ উছাহ-উদ্দীপনা

Rongali bihu 2024: ৰাজ্যজুৰি ৰঙালীৰ উছাহ-উদ্দীপনা ৷ বিহুৰ বতৰত কঁকাল ভাঙি নাচিছে শতায়ু গৰকা ককাই ৷ পিচপৰি থকা নাই বিদেশী পৰ্যটকো ।

ৰাজ্যজুৰি ৰঙালীৰ উছাহ-উদ্দীপনা

কাজিৰঙা, ১৫ এপ্ৰিল: ৰঙালী বিহুৰ বতৰ ৷ ঢোল-পেঁপাৰ মাতে ৰজনজনাই আছে ৰাজ্যৰ চৌদিশ ৷ কাজিৰঙাতো একেই পৰিৱেশ । কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চৌদিশে ঢোল-পেঁপাৰ মাতে ৰজনজনাই থকাত দেশী-বিদেশী পৰ্যটকসকলেও আহি অংশগ্ৰহণ কৰিছে বিহু নাচত । ইয়াৰ মাজতে আজি দেখা গ'ল এক বিদেশী দম্পতী ৷ সুদূৰ জাৰ্মানীৰ পৰা অহা দম্পতীয়ে নাচিছে বিহু ৷ ইয়াৰ পিচতেই ৰাইজৰ সৈতে লৈছে সেৱা ৷ আনকি,অসমীয়া ভাষাত ব্যক্ত কৰিছে নিজৰ অনুভৱ ৷

কাজিৰঙাতো সংগোপনে নামি আহিছে বসন্ত ৷ বসন্তৰ আগমনে কাজিৰঙাক কৰি তুলিছে চঞ্চলা গাভৰুৰ দৰে ৷ কাজিৰঙা আজি সেউজীয়া ৷ সেউজ কাজিৰঙাৰ ৰং-ৰূপ উপভোগ কৰিবৰ বাবে বিভিন্নজনে হেঁপাহ কৰিছে ৷ কাজিৰঙাৰ নৈসৰ্গত জীৱন উদযাপন কৰিবলৈ সাত সাগৰ তেৰ নদী পাৰ হৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰখনিত উপস্থিত হৈছে বহুজন ৷ উপভোগ কৰিছে কাজিৰঙাৰ সৌন্দৰ্য ৷ সমান্তৰালকৈ উপভোগ কৰিছে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু ৷ বিহু নাচ চাই থাকিব নোৱাৰি ৷ ঢোলৰ গুমগুমনিয়ে আমাৰ গা সাতখন-আঠখন কৰে ৷ বিদেশীনিৰো একেই অৱস্থা ৷ কাজিৰঙাৰ বিহুত জাৰ্মানীৰ পৰ্যটকেও কঁকাল ভাঙিছে ৷

আজি কাজি-ৰঙাই হাটত আয়োজিত মুকলি বিহুৰ এক অনুষ্ঠানত জাৰ্মানীৰ পৰা কাজিৰঙাৰ ভ্ৰমণ কৰিবলৈ অহা এহাল দম্পতীয়ে বিহু নাচিছে স্থানীয় যুৱতী আৰু শিশুৰ সৈতে । এই বিদেশী পৰ্যটক দুগৰাকীয়ে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য দেখি বিমুগ্ধ হোৱা বুলি কয় । তেওঁলোকে ৰঙালী বিহুৰ বতৰত ইয়ালৈ আহিবলৈ পাই খুউব আনন্দিত হোৱা বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:ৰঙালীৰ ৰঙত মতলীয়া আবাল-বৃদ্ধ-বণিতা - RONGALI BIHU 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.