ETV Bharat / state

ৰঙালীৰ ৰঙত মতলীয়া আবাল-বৃদ্ধ-বণিতা - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 1:41 PM IST

Rongali bihu 2024 : ৰাজ্যজুৰি ৰঙালীৰ উছাহ-উদ্দীপনা ৷ বিহুৰ বতৰত কঁকাল ভাঙি নাচিছে সত্তৰোৰ্ধৰ পৰা শতায়ু গৰকা ককাই ৷ আবাল-বৃদ্ধ-বণিতা সকলো মতলীয়া হৈ পৰিছে ৰঙালীৰ ৰঙত ৷

Rangali bihu 2024 celebration in Mariani and Sarupathar
ৰঙালীৰ ৰঙত মতলীয়া আবাল-বৃদ্ধ-বণিতা

ৰঙালীৰ ৰঙত মতলীয়া আবাল-বৃদ্ধ-বণিতা

মৰিয়নী/সৰুপথাৰ, 15 এপ্ৰিল: ৰাজ্যজুৰি পহিলা ব’হাগৰ উন্মাদনা । আবাল-বৃদ্ধ-বণিতা সকলো ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰিছে ৷ মৰিয়নীত চোতালে চোতালে বিহু মাৰি ৰং-ৰহইচত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আশী উৰ্ধৰ লোকক ৷

মৰিয়নীৰ খেৰেমীয়া গাঁৱত সত্তৰোৰ্ধৰ পৰা শতায়ু গৰকা ককাহঁতে পহিলা বহাগৰ দিনা গৃহস্থৰ পদূলি তথা চোতাল বিহু মৰাত ব্যস্ত হৈ পৰিছে । অতীতৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি হাতত ঢোল-পেঁপা লৈ খেৰেমীয়া গাঁৱৰ প্ৰতিঘৰ ব্যক্তিৰ ঘৰৰ চোতালত হুঁচৰি মাৰি অতীতক ৰোমন্থন কৰিছে ককাহঁতে । সম্প্ৰতি মঞ্চ বিহুৱে চোতাল বিহুৰ মাদকতা বহু পৰিমাণে ম্লান কৰাৰ সময়ত ককাহঁতৰ চোতাল বিহুৱে যেন পুনৰ সজীৱ কৰিছে অতীতৰ বিহুৰ পৰম্পৰা ৷

উল্লেখ্য যে, অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনা তথা পহিলা ব’হাগৰ দিনা নামঘৰ-মন্দিৰত সেৱা জনায় পৰিয়াল তথা সমাজত সুখ শান্তিৰ কামনা কৰি নেদেখাজনৰ ওচৰত সেৱা জনায় ৷ সম্প্ৰতি বিহু সংস্কৃতি নগৰমুখী হ'বলৈ ধৰিছে । ধনৱান লোকৰ পদূলিত বিভিন্ন হুঁচৰি দলবোৰে বিত্তৰ বিনিময়ত হুঁচৰি মাৰে ।

গাঁৱৰ প্ৰতিঘৰ মানুহৰ চোতালে চোতালে সন্ধিয়া গোৱা বিহু সংস্কৃতি ক্ৰমাৎ যেন অৰ্থৰ বাবে নগৰ-চহৰমুখী হৈছে ৷ এই দিশলৈ লক্ষ্য ৰাখি পহিলা ব'হাগৰ দিনাই সৰুপথাৰৰ বিলনী গাঁৱৰ ৰাইজে শ্ৰী শ্ৰী বিলনী গাঁও নামঘৰত সমজোৱাকৈ হুঁচৰি জুৰিলে ৷ পুৰণি ৰীতি-নীতিৰে গাঁৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰীয়ে সকলোৱে একেলগে এপাক কঁকাল ভাগি নাচিলে ।

শতবৰ্ষ গৰকি যোৱা নামঘৰটোত ৰাইজে প্ৰত্যেকেই একোখনকৈ শৰাই আগবঢ়াই ৰাইজৰ মংগল কামনা কৰি নামঘৰ প্ৰাংগনতেই সকলোৱে বিহু গীত জুৰা দেখিবলৈ পোৱা গ’ল ।

লগতে পঢ়ক: গোসাঁই বিহুৰ মহত্ব: জানো আহক কি দৰে অসমীয়াই ধৰি ৰাখিছে নিজ পৰম্পৰা... - RONGALI BIHU 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.