অসম

assam

মুম্বাইত গগনা-আছামিজ পিপ'লছ এছ'চিয়েছনৰ উদ্য়োগত ৰঙালী বিহু উদযাপন - Rongali Bihu 2024

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 11:00 PM IST

Rongali Bihu velebrated in Mumbai: মুম্বাইৰ অসমীয়া সমাজৰ উদ্য়োগত ৰঙালী বিহু উদযাপন । নৱী মুম্বাইত কৰ্মৰত অসমীয়া কলা-কুশলীসকলৰ সংগঠনে পৰিৱেশন কৰে হুঁচৰি ।

Rongali Bihu velebrated in Mumbai
গগনা-আছামিজ পিপ'লছ এছ'চিয়েছন

গুৱাহাটী, ২১ এপ্ৰিল : ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ৰঙালীৰ উছাহ । জাতীয় উৎসৱ বিহুৱে ভৌগোলিক পৰিসীমা নেওচি সকলো অসমীয়াৰ মন আলোড়িত কৰি তোলে । একে উছাহৰে মুম্বাইৰ প্ৰৱাসী অসমীয়া সকলেও উদযাপন কৰিলে ৰঙালী বিহু ৷ যোৱা ২০ এপ্ৰিলত মুম্বাইৰ অসমীয়া সমাজ চমুকৈ গগনা-আছামিজ পিপ'লছ এছ'চিয়েছনে ৰঙালী বিহু পালন কৰে । মীৰা ৰোডৰ (পূব) ছেণ্ট জন মাৰাথমা ছাইৰিয়ান ছাৰ্ছৰ প্ৰেক্ষাগৃহত আবেলি পাঁচ বজাৰ পৰা নিশা দহ বজালৈ বিহু গীত, বিহু নৃত্য, ঝুমুৰ, বাঁহীবাদন আদিকে ধৰি এক বাৰেৰহণীয়া কাৰ্যসূচীৰে ব'হাগী উৎসৱ পালন কৰা হয় ।

গগনা-আছামিজ পিপ'লছ এছ'চিয়েছন

নৱী মুম্বাইত কৰ্মৰত অসমীয়া কলা-কুশলীসকলৰ সংগঠন 'কল্পতৰু শিল্পী সমাজ'ৰ দ্বাৰা পৰিৱেশন কৰা হুঁচৰিয়ে দৰ্শকক আপ্লুত কৰে । অসমীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে নৱপ্ৰজন্মক জড়িত কৰাৰ প্ৰয়াসেৰে শিশু আৰু কিশোৰ-কিশোৰীসকলক বিহু নৃত্যৰ প্ৰশিক্ষণ দি মঞ্চত পৰিবেশন কৰোৱা হয় । সাংস্কৃতিক আদান-প্ৰদানৰ উদ্দেশ্যে গগণাই এইবাৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰে মৰাঠী লেখক, চিনেমা পৰিচালক, প্ৰযোজক, আন্তঃৰাষ্ট্ৰীয় জুৰী সদস্য মনোজ কদমক ।

ইয়াৰ উপৰি নিমন্ত্ৰণ কৰি অনা মৰাঠী শিল্পীসকলে লাউনী নৃত্য় প্ৰদৰ্শন কৰি ৰাইজৰ বিশেষ সমাদৰ লাভ কৰে । গগনাৰ মহিলা নৃত্যশিল্পীসকলে অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ উপাদানেৰে সমৃদ্ধ এটি মেশ্ব-আপ নৃত্য পৰিৱেশন কৰে । তদুপৰি মুম্বাইৰ উদীয়মান শিল্পী হৃদয় কাশ্যপ, লয় বৰুৱায়ো গীত পৰিৱেশন কৰে । গগনাৰ বয়োজেষ্ঠ সদস্যসকলৰ দ্বাৰা বন্তি প্ৰজলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । সাংস্কৃতিক সন্ধিয়াত বিশেষভাৱে আমন্ত্ৰিত কণ্ঠশিল্পী ঋষভ বৰচেতিয়াই গীত পৰিৱেশন কৰে ।

এই অনুষ্ঠানটোত 'অসম গৌৰৱ' সন্মানেৰে সন্মানিত দেৱজিত চাংমাই, গগণা শাখা সাহিত্য সভাৰ সভাপতি জীৱৰাজ বৰ্মনকে আদি কৰি বহুতো অসমীয়া আৰু বহিঃৰাজ্য়ৰ লোক উপস্থিত থাকি ৰঙালীৰ ৰঙত বুৰ যায় । উল্লেখযোগ্য যে গগনা মুম্বাইয়ে পূৰ্বৰে পৰা এনেদৰে নিজৰ সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে সাংস্কৃতিক আদান প্ৰদানৰ দ্বাৰা অসম তথা মুম্বাই'ৰ সাংস্কৃতিক একত্ৰীকৰণৰ দিশত কাম কৰি আহিছে ।

লগতে পঢ়ক:মাজুলীত ৫০০১ গৰাকী নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহুনাচ - Rongali Bihu 2024

ABOUT THE AUTHOR

...view details