অসম

assam

কংগ্ৰেছে ধুবুৰীত ডকাইত এজনক প্ৰাৰ্থিত্ব দিছে : দুলু আহমেদ

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 6:54 PM IST

Show Cause Notice To Dulu Ahmed: ফণীভূষন চৌধুৰীক মঞ্চতে কন্দুৱাব দুলু আহমেদে । নলবাৰীত অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ কংগ্ৰেছ, অগপ, বিজেপিক ক্ষুৰধাৰ সমালোচনা । দলে টিকট নিদিলেও জাহাজৰ প্ৰতীকতে নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য দুলু আহমেদৰ ।

Dulu Ahmed to contest election in Barpeta Lok Sabha constituency on the ship's symbol
নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব দুলু আহমেদ

নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব দুলু আহমেদ

নলবাৰী,১৬ মাৰ্চ:আকোৰগোঁজ স্থিতিত অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদ । দলে টিকট নিদিলেও জাহাজৰ প্ৰতীকতে নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত খেলিব নিৰ্বাচন । শনিবাৰে নলবাৰীৰ মুকালমুৱাত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰি সাংবাদিকৰে মত বিনিময় কৰি দুলু আহমেদে দলীয় নেতৃত্বই তেওঁলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কয় যে, তেওঁ সেইবোৰত গুৰুত্বই দিয়া নাই । জাহাজৰ প্ৰতীকতে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব । জাহাজৰ প্ৰতীকটো অজাপৰ স্থায়ী প্ৰতীক নহয় । শ্ব'কজ কৰিলেও কৰক বা নিলম্বন কৰিলেও কৰক বুলি প্ৰত্যাহ্বান জনাই দুলু আহমেদে । লগতে নিজেই নিজক অজাপৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে । তেওঁ লগতে কয় তেওঁক ৰাইজে দুলু আহমেদ হিচাপে ভোট দিয়ে ।

তেওঁ যদি দলবিৰোধী কাম কৰিছে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰক । ইফালে দুলু আহমেদে কংগ্ৰেছ দল বিজেপিতকৈ বেছি সাম্প্ৰদায়িক বুলি অভিহিত কৰি বৰপেটাত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি দৃঢ়তাৰে দাবী কৰে । দুলু আহমেদে ফণীভূষণ চৌধুৰীক কটাক্ষ কৰি কয় যে তেওঁ দুবাৰমান কান্দিলে তেওঁৰ ভোট আৰু বৃদ্ধি হ'ব ।

ইফালে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনকো তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে ধুবুৰীত বহু যোগ্য প্ৰাৰ্থী থকাৰ পিচতো ডকাইত এটা আনি প্ৰাৰ্থিত্ব দিছে । তিনিৰ পৰা চাৰিলাখ ভোটৰ ব্যৱধানত ৰকিবুল হুছেইন পৰাজিত হ'ব বুলিয়ো মন্তব্য কৰে দুলু আহমেদে ।

লগতে পঢ়ক:নোপোৱাৰ বাবে পদত্যাগ: পোৱাৰ বাবে সিদ্ধান্ত সলাব পাৰে আব্দুল খালেকে

ABOUT THE AUTHOR

...view details