অসম

assam

আজিৰ দিনটোত অসমৰ কাৰণে হাঁহিবলৈ, নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 4:36 PM IST

Semiconductor Projects in Jagiroad : আজিৰ দিনটো নতুন অসমৰ আৰম্ভণি বুলি মন্তব্য় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ 27 হাজাৰ কোটি টকা ব্যয়েৰে স্থাপন হ’ব লগা এই উদ্যোগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ত্ৰিছ হাজাৰ নিযুক্তিৰ বাট মুকলি হ’ব বুলি কয় তেওঁ ৷

Semiconductor Projects Jagiroad
জাগীৰোডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজিৰ দিনটো নতুন অসমৰ আৰম্ভণি বুলি মন্তব্য় হিমন্ত বিশ্ব শৰ্মাৰ

মৰিগাঁও, 13 মাৰ্চ : "এবছৰৰ ভিতৰত জাগীৰোডত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হ'ব ৷ কাইলৈৰ পৰাই আৰম্ভ হ'ব কাম ৷ পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে ত্ৰিছ হাজাৰ লোকৰ সংস্থাপনৰ বাট মুকলি হ’ব ৷" নগাঁও কাগজ কলৰ স্থানত টাটাৰ চেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা তথা ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- "এয়া নতুন দিনৰ আৰম্ভণি ৷ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লোৱাৰ সময়ত কেতিয়াও ভবা নাছিলো এনেকুৱা সোণোৱালী দিন এটা আমাৰ কাৰ্যকালতে সম্ভৱ হৈ উঠিব ৷ জাগীৰোডত যেতিয়া কাগজ কল বন্ধ হৈ গৈছিল বহু লোকে তেতিয়া আন্দোলনৰ পথ লৈছিল ৷ তেতিয়া মই সংকল্প লৈছিলো যে, এই স্থানটোকে কষ্ট আৰু অধ্যৱসায়েৰে সপোন পুৰীলৈ ৰপান্তৰ কৰিম ৷ আন্দোলনৰ পৰিৱৰ্তে আমি আস্থা আৰু বিশ্বাসেৰে আগবাঢ়িছিলো ৷ আৰু আজি ছেমি কণ্ডাক্টৰ বিপ্লৱৰ প্ৰথম ৰাজ্য হিচাবে অসম স্থান পালে ৷"

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ যুৱক-যুৱতী সকলক আহ্বান জনায় পুনৰ কয় এয়া শেষ নহয়, আজিৰ দিনটো নতুন অসমৰ আৰম্ভণি ৷ 27 হাজাৰ কোটি টকা ব্যয়েৰে স্থাপন হ’বলগা এই উদ্যোগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ত্ৰিছ হাজাৰ নিযুক্তিৰ বাট মুকলি হ’ব বুলিও কয় তেওঁ ৷ ইফালে সাংবাদিকক উদ্দেশ্যি আজিৰ দিনটোত ৰাজনীতি সম্বন্ধীয় কোনো প্ৰশ্ন নকৰিব বুলি হাতযোৰ কৰি তেওঁ কয় "আজিৰ দিনটোত এইবিলাক বাদ দিয়ক অনুৰোধ কৰিছোঁ ৷ আজিৰ দিনটোত অসমৰ কাৰণে হাঁহক, আজিৰ দিনটোত অসমৰ কাৰণে নিজকে উৎসৰ্গা কৰক ৷ ৰাজনীতিৰ কোনো কথা আজি নকওঁ ৷ কাৰণ মোৰ অসমে আজি প্ৰথমবাৰৰ বাবে হাঁহিছে ৷"

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণব, উদ্যোগ মন্ত্ৰী বিমল বড়া, মন্ত্ৰী যোগেন মহন, তথ্য আৰু জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, নোমল মমিন, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকে ৷ সভাত প্ৰায় ত্ৰিছ হাজাৰ ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক :জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভাৰ্চুৱেলী শিলান্যাস প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details