অসম

assam

দুর্নীতি-ভ্রষ্টাচাৰ গাপ দিয়াৰ ষড়যন্ত্রত লিপ্ত হৈছে বিৰোধী : বিজেপি - INDIA bloc rally

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 9:33 PM IST

Ramlila Maidan: ৰামলীলা মৈদানত লোকতন্ত্র বচাও মহাৰেলীৰ নামত চৰকাৰৰ বিৰুদ্ধে গণতন্ত্র হত্যাৰ অভিযোগৰ প্রতিক্রিয়া প্রকাশ কৰিছে বিজেপিয়ে । বিৰোধীয়ে উত্থাপন কৰা অভিযোগ প্রকৃতার্থত নিতান্তই ভিত্তিহীন বুলি মন্তব্য় কৰিছে বিজেপিয়ে ।

Press Meet of Assam BJP
ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা

ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা

গুৱাহাটী ১ এপ্রিল: দেওবাৰে নতুন দিল্লীৰ ৰামলীলা মৈদানত ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ দলসমূহে লোকতন্ত্র বচাও মহাৰেলীৰ নামত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে গণতন্ত্র হত্যাৰ অভিযোগৰ প্রতিক্রিয়া প্রকাশ কৰিছে বিজেপি অসম প্রদেশে । আজি দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভবনত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই অভিযোগ কৰে যে প্ৰকৃতাৰ্থত বিৰোধী ৰাজনৈতিক দলসমূহে চূড়ান্তভাৱে দুর্নীতিত নিমজ্জিত নেতা সকলক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে । সেই কাৰণেই গণতন্ত্ৰ ৰক্ষাৰ নামত নিজৰ দুর্নীতি-ভ্রষ্টাচাৰ গাপ দিয়াৰ ষড়যন্ত্রত লিপ্ত হৈছে ।

বিৰোধী ৰাজনৈতিক দলসমূহে অভিযোগ উত্থাপন কৰিছে যে ২০১৪ ৰ পৰৱৰ্তী পৰ্যায়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আমোলত বিভিন্ন তদন্তকাৰী সংস্থাসমূহৰ পৰা আৰম্ভ কৰি ভিন্ন পৰ্যায়ত গণতন্ত্র আৰু গণতান্ত্রিক বাতাবৰণৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । কিন্তু প্রকৃতার্থত বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ ওপৰত ২০১৪ ৰ পূৰ্বৱতী সময়ছোৱাতো আৰক্ষীকে ধৰি চৰকাৰী তদন্তকাৰী সংস্থাসমূহে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে । কালি ৰামলীলা মৈদানত উপস্থিত কংগ্রেছ সমাজবাদী পার্টি, আৰ জে ডি, ডি এম কে, ঝাৰখণ্ড মুক্তি মৰ্চা আদি ৰাজনৈতিক দলৰ নেতা সকলে উত্থাপন কৰা অভিযোগ প্রকৃতার্থত নিতান্তই ভিত্তিহীন বুলি বিজেপিয়ে মতপোষণ কৰে ।

এই বিষয়টো সন্দৰ্ভত উদাহৰণসহ উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র গৰাকীয়ে কয় যে পূৰ্বতে আৰ জে ডি দলৰ নেতা লালু প্রসাদ যাদৱ ১৯৯৭ত, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা শিবু চোৰেণ ২০০৬ ত, ডি এম কেৰ নেতা এ ৰাজা-কানিমুঝি ২০১১ত, কংগ্ৰেছ নেতা সুৰেশ কালমাদি ২০১০ ত বিভিন্ন গোচৰত জেললৈ যাব লগা হৈছিল । সমাজবাদী পার্টিৰ নেতা প্রয়াত মূলায়ম সিং যাদৱৰ বিৰুদ্ধেও ২০০৭ ত আয় বর্হিভূত সম্পত্তিৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল ।

তেওঁ কয় যে একেধৰণে বৰ্তমান জামিনত থকা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধী যি গোচৰত জামিনত আছে সেই গোচৰ দিল্লী উচ্চ ন্যায়ালয়ত ২০১৩ ত দাখিল হোৱা গোচৰ । এই সকলোখিনি প্রক্রিয়া ২০১৪ ৰ পূবৱৰ্তী অৱস্থাৰ । গতিকে ভাৰতীয় জনতা পার্টিয়ে বিৰোধীৰ ৰাজনৈতিক দলসমূহক প্রত্যাহ্বান জনাই তথ্য আৰু পৰিসংখ্যাৰ আধাৰত বিজেপিয়ে উত্থাপন কৰা এই বিষয়সমূহৰ তেওঁলোকে যদি সৎ সাহস আছে সেয়া খণ্ডন কৰিবলৈ আহ্বান জনায় ।

তেওঁ পুনৰ কয়ে শেহতীয়াকৈ সুৰা কেলেংকাৰীত জড়িত হৈ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হ'বলগীয়া পৰিৱেশক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে গণতন্ত্র বচাও ধ্বনি দিয়াৰ কোনো প্রাসংগিকতা নাই । তাৰ সলনি তেওঁলোকে 'পিঠি বচাও, পৰিয়াল বচাও ধ্বনি'হে উচ্চাৰণ কৰা উচিত বুলি ৰাজ্যিক বিজেপিয়ে কটাক্ষ কৰে । ইয়াৰ বিপৰীতে বিজেপিয়ে উল্লেখ কৰে যে বিৰোধী ৰাজনৈতিক দলসমূহৰ এনে চূড়ান্ত মিথ্যাচাৰৰ ৰাজনীতিৰ বিপৰীতে বিজেপি নেতৃত্বাধীন মিত্রজোটে ইতিমধ্যে উন্নয়নৰ বিষয়মসূহ সন্মুখত ৰাখি জনসাধাৰণৰ ওচৰ চাপিছে বুলি কয় ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাক বাজপেয়ী ভৱনলৈ পঠিয়াই 2026 ত জনতা ভৱন দখলৰ হুংকাৰ ভূপেন বৰাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details