ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাক বাজপেয়ী ভৱনলৈ পঠিয়াই 2026 ত জনতা ভৱন দখলৰ হুংকাৰ ভূপেন বৰাৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 4:02 PM IST

LS polls 2024: নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাবলৈ সোমবাৰে নগাঁৱত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা গ'ল কংগ্ৰেছ নেতাগৰাকীক ।

LOK SABHA ELECTION 2024
LS polls 2024

ভূপেন বৰাৰ মন্তব্য

নগাঁও, 1 এপ্ৰিল: সমুখত লোকসভা নিৰ্বাচন । অহা 19 এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ইতিমধ্যে ৰাজনৈতিক দলসমূহে ব্যাপকভাৱে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ । শাসকীয় বিজেপি দলে সদলবলে প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ পিচপৰি ৰোৱা নাই বিৰোধী কংগ্ৰেছ আৰু আন দলসমূহো । অসমতো নিৰ্বাচনী বতাহ গৰম হৈছে ।

নিৰ্বাচনী আখৰাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ সংগ এৰি বহুতো নেতা গেৰুৱা দলৰ শৰণাপন্ন হোৱা দেখা গৈছে । তথাপিও কিন্তু কংগ্ৰেছ দলে অসমত প্ৰচাৰ অব্যাহত ৰাখিছে । অহা 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰে নগাঁৱত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লগতে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ।

তাৰ মাজতে ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টিত বিপুল ভোটত জয়ী হ'ব বুলিও আশা ব্যক্ত কৰে ভূপেন বৰাই । তেওঁ কয় যে নগাঁৱৰ মানুহ শিক্ষিত তথা সচেতন, তেওঁলোকে কাক সংসদলৈ পঠিয়াব লাগে সেয়া জানে । যিজন মানুহে যোৱা পাঁচ বছৰে অসমৰ কণ্ঠ হৈ দিল্লীত মাত মাতি আহিছে তেওঁক ৰাইজে পুনৰ দিল্লীলৈ পঠিয়াব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে ভূপেন বৰাই বিজেপিত যোগ দিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি বৰাই কয় যে মুখ্যমন্ত্ৰীৰ কথা কোনে বিশ্বাস কৰে ? 2026 ৰ নিৰ্বাচনত নিজে জনতা ভৱনলৈ গৈ হিমন্ত বিশ্ব শৰ্মাক বিজেপি অফিচলৈ পঠিয়াব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

কেৱল এয়াই নহয় অসম প্ৰদেশ কংগ্ৰেছ এতিয়া আৰ্থিক সংকটত ভোগাৰ কথাও উল্লেখ কৰি দলীয় কৰ্মীৰ পৰা সাহায্য বিচাৰে ভূপেন বৰাই । কংগ্ৰেছৰ 11 টা বেংক একাউন্ট বন্ধ কৰি বিজেপি দলে প্ৰায় 150 কোটি টকা হৰলুকী কৰা বুলি গুৰুতৰ অভিযোগ তোলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে । ইফালে প্ৰদ্যুৎ বৰদলৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ৰাইজক বিভ্ৰান্ত কৰিবলৈ যিকোনো কথা কৈ থাকে, যিবোৰত গুৰুত্ব প্ৰদান কৰাৰ কোনো প্ৰয়োজন নাই ।

লগতে পঢ়ক: ৰকিবুল হুছেইনৰ সৈতে এতিয়াও ককাই-ভাইৰ দৰেই সম্পৰ্ক আছে: সুৰেশ বৰা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.